কিছুমান খাদ্য আছে যিবোৰত বহুতো পুষ্টিকৰ উপাদান থাকে ৷ ইয়াৰ সহায়ত আমাৰ শৰীৰে বহু ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তিলাভ কৰাৰ লগতে সুস্থ হৈ থাকিব পাৰে ৷ কিছুমান খাদ্য প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে জনাজাত, যাৰ বাবে ই শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাত অতি সহায়ক ৷ বাতবিষ (Arthritis) এনে এক ৰোগ, য’ত গাঁঠিবোৰ ফুলাটো বাঢ়ি যায় আৰু ইয়াৰ বাবেই যথেষ্ট বিষ অনুভৱ হয় ৷
বাতবিষৰ সমস্যা কম কৰিবলৈ এনে খাদ্য সামগ্ৰী খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে, যাৰ ফলত ইয়াৰ প্ৰদাহ কমোৱাত সহায়ক হ’ব পাৰে ৷ সেয়ে আজি আমি আপোনালোকক এনেধৰণৰ খাদ্যৰ বিষয়ে জনাবলৈ ওলাইছো, যিয়ে আপোনাক বাতবিষৰ বিষ কমোৱাত সহায় কৰিব পাৰে ৷ বাতবিষৰ প্ৰদাহ কমোৱাৰ বাবে খাদ্য তালিকাত কোনবোৰ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে জানো আহক-
পানী লাও
পানী লাওৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে ফুলা কমোৱাত সহায় কৰে ৷
পালেং শাক
পালেং শাকত ভিটামিন কে আৰু এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে প্ৰদাহ কমোৱাত সহায় কৰে ৷
ব্ৰকলি
ইয়াত ছালফ’ৰাফেন থাকে, যিয়ে প্ৰদাহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷
তুলসী
তুলসীৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে ৷
মাছৰ তেল
মাছৰ তেলে ওমেগা-৩ ফেটি এচিডৰ ফলত হোৱা প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে ৷