দাঁত পোকে খোৱা সমস্যা আজিকালি একেবাৰে সাধাৰণ সমস্যা হৈ পৰিছে ৷ অত্যাধিক মিঠা খোৱা আৰু ভালদৰে পৰিস্কাৰ নকৰাটোয়েই দাঁত পোকে খোৱাৰ অন্যতম মুখ্য কাৰণ ৷ প্ৰকৃততে, খাদ্য আৰু পানীয়ৰ পৰা দাঁতত প্লেক জমা হয় ৷ই বেক্টেৰিয়া গঠন কৰে, যি দাঁতৰ আলুত লাগি থাকে ৷
বেক্টেৰিয়াই এচিড প্ৰস্তুত কৰে আৰু ইয়াৰ ফলত দাঁতৰ ক্ষয় হয় ৷ ষ্ট্ৰেপ্টোকক্কাছ মিউটেন নামৰ বেক্টেৰিয়াক দাঁতৰ এই সমস্যাৰ কাৰণ বুলি বিবেচনা কৰা হয় ৷ দাঁতৰ ক্ষয়ৰ প্ৰথম পৰ্যায়ত দাঁতৰ পৰা খনিজ পদাৰ্থ হ্ৰাস হ'বলৈ আৰম্ভ কৰে, যি বগা দাগ হিচাপে দেখা যায় ৷ দাঁতৰ এনামেলৰ ক্ষতি হ'লে এনে হয় ৷ এই সমস্যাটো বাঢ়ি যোৱাৰ পিছত, দাঁতত অসহনীয় বিষ হয় আৰু একো খাব নোৱাৰা হয় ৷ এনে পৰিস্থিতিত, ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ যাবলগীয়াত পৰে ৷কিন্তু এই সমস্যাৰ সমাধান আপুনি ঘৰূৱা উপায়ৰেও কৰিব পাৰে ৷আজি এই বিষয়ে জানো আহক-
নিমখ পানী
নিমখ পানী হৈছে এক প্ৰাকৃতিক এণ্টিচেপ্টিক, যিয়ে বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে ৷দাঁতৰ ফুলা আৰু বিষ হ্ৰাস কৰিবলৈ আপুনি দিনত দুই-তিনিবাৰ গৰম নিমখ পানীৰে মুখখন ধুব ৷
তেলেৰে মুখ কুলি কৰা
তেলেৰে মুখ কুলি কৰাটো হৈছে এক আয়ুৰ্বেদিক চিকিৎসা ৷ই আপোনাৰ মুখৰ পৰা ক্ষতিকাৰক বেক্টেৰিয়া আৰু বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰি মুখৰ স্বাস্থ্য সুৰক্ষিত কৰে ৷ ইয়াৰ বাবে আপুনি মিঠা তেল বা নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে ৷
লং তেল
লং তেল হৈছে এক প্ৰাকৃতিক এনালজেচিক, যিয়ে দাঁতৰ বিষ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে ৷ ইয়াৰ বাবে আপুনি কপাহত অলপ লং তেল লগাই পোনপটীয়াকৈ প্ৰভাৱিত দাঁতত প্ৰয়োগ কৰিব ৷ দাঁতৰ বিষ আৰু ফুলা হ্ৰাস কৰিবলৈ দিনত কেইবাবাৰো এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিব ৷