আজিকালি পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বন্ধ্যাত্বৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । ই পুৰুষ আৰু মহিলা উভয়কে সমস্যাত পেলাব পাৰে । অৱশ্যে এই প্ৰতিবেদনত আমি আজি আপোনালোকক মহিলাৰ বন্ধ্যাত্বৰ কাৰণসমূহৰ বিষয়ে ক’বলৈ ওলাইছো যি বৰ্তমান সময়ত এক ডাঙৰ সমস্যাৰূপে পৰিগণিত হৈছে ৷ ইয়াৰ বাবে অনিয়ন্ত্ৰিত জীৱনশৈলী তথা কিছুমান অভ্যাস মুখ্যৰূপে দায়ী ৷
দৈনন্দিন জীৱনত মহিলাসকলৰ কিছুমান অভ্যাসে তেওঁলোকৰ প্ৰজনন ক্ষমতাত যে বিৰূপ প্ৰভাৱ পেলায় তথা হ্ৰাস কৰে তাত কোনো সন্দেহ নাই । আজি এনে কিছুমান অভ্যাসৰ বিষয়ে জানো আহক যাক যিমান পাৰি সোনকালে ত্যাগ কৰা উচিত-
অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ
স্বাস্থ্যসন্মত সুষম খাদ্যই প্ৰজনন ক্ষমতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । অত্যধিক ওজন বৃদ্ধি বা কম ওজন হোৱা দুয়োটাই ডিম্বাণু নিঃসৰণত প্ৰভাৱ পেলাব পাৰে । প্ৰচেছড খাদ্য, চেনি আৰু অস্বাস্থ্যকৰ চৰ্বি অধিক পৰিমাণে গ্ৰহণ কৰাৰ ফলত ডিম্বাণু নিঃসৰণ কম হোৱা আৰু জৰায়ুৰ সমস্যাৰ সম্পৰ্ক আছে ।
ধূমপান আৰু মদ্যপান
ধূমপান আৰু মদ্যপান কেৱল আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হোৱাই নহয়, ই প্ৰজনন ক্ষমতাও হ্ৰাস কৰিব পাৰে । ধূমপান কৰিলে ইষ্ট্ৰজেনৰ মাত্ৰা হ্ৰাস পায় আৰু ডিম্বাশয়ৰ ক্ষতি হয় । একে সময়তে অত্যধিক মদ্যপানে ঋতুচক্ৰ অনিয়মিত কৰি গৰ্ভধাৰণৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ।