অসম

assam

ETV Bharat / health

বিশ্ব স্তৰত স্থানলাভ কৰিলে ভাৰতৰ এই তিনিবিধ চাটনিয়ে - Top Indian Chutneys - TOP INDIAN CHUTNEYS

Top Indian Chutneys: খাদ্যৰ সোৱাদ আৰু দুগুণ বৃদ্ধি হৈ যায় যেতিয়া সেই খাদ্যৰ সৈতে চাটনি থাকে ৷ চাটনি অবিহনে যেন ভাৰতীয় খাদ্যৰ সোৱাদ আধৰুৱা ৷ শেহতীয়াকৈ ২০২৪ চনৰ জুন মাহত টেষ্টএটলাছৰ ৰেংকিং অনুসৰি বিশ্বৰ ৫০টা শ্ৰেষ্ঠ ডিপৰ ভিতৰত স্থানলাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ এইসমূহ চাটনিয়ে ৷

These 3 Indian chutneys are included in the 50 Best Dips in the World
বিশ্ব দৰবাৰত স্থানলাভ কৰিলে ভাৰতৰ এই তিনিবিধ চাটনিয়ে (Getty Image)

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 1:17 PM IST

চাটনি কেৱল খোৱা বস্তুৱেই নহয় ৷ ই ভাৰতীয় খাদ্য অভিজ্ঞতাৰ এক অবিচ্ছেদ্য অংশ, বিভিন্ন খাদ্যৰ সৈতে সোৱাদ আৰু টেক্সচাৰৰ এক অনন্য ভিন্নতা প্ৰদান কৰে চাটনিয়ে ৷ ভাৰতীয় চাটনিক ভাৰতীয় খাদ্যৰ মূল অংশ বুলি কোৱা হয় ৷ বহু এনে লোকো আছে যিয়ে চাটনি অবিহনে খাদ্য গ্ৰহণ কৰিবলৈ ভাল নাপায় ৷

ভাৰতীয় চাটনি (Getty Image)

বিশেষকৈ অসমত ভাতৰ লগত, ৰুটিৰ লগত, বাৰিষাৰ বতৰত আবেলিৰ চাহ কাপৰ সৈতে থকা পকোৰাৰ সৈতে চাটনি খোৱাৰ আমেজেই সুকীয়া ৷ পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ চাটনিৰ বিশেষ গুৰুত্ব আছে ৷ কিন্তু আপুনি জানেনে সমগ্ৰ বিশ্বৰ ভিতৰতে স্থানলাভ কৰিছে ভাৰতীয় চাটনিয়ে ৷

ভাৰতীয় চাটনি (Getty Image)

হয়, শেহতীয়াকৈ ২০২৪ চনৰ জুন মাহত টেষ্টএটলাছৰ ৰেংকিঙৰ মতে, বিশ্বৰ ৫০টা শ্ৰেষ্ঠ ডিপৰ ভিতৰত অন্তৰ্ভুক্ত হৈ বিশ্বৰ স্বীকৃতি লাভ কৰিছে ৷ বৈচিত্ৰময় আৰু শক্তিশালী সোৱাদৰ বাবে পৰিচিত এই চাটনিবোৰে ভাৰতৰ চহকী ৰান্ধনী ঐতিহ্যক প্ৰতিফলিত কৰে ৷

  1. টেঙা মিঠা চাটনি-(Chatpati Chutney):ভাৰতীয় টেঙা-মিঠা চাটনি, যি সামূহিকভাৱে তালিকাত ৪২ নম্বৰ স্থানত আছে ৷ ভাৰতীয় খাদ্যৰ সৈতে টেঙা-মিঠা তথা মছলাযুক্ত চাটনি অন্তৰ্ভুক্ত কৰা হয়, TasteAtlasএ এই চাটনিক ভাৰতৰ জাতীয় চাটনি বুলি অভিহিত কৰিছে ৷ ইয়াত সিজোৱা ফল-মূল আৰু শাক-পাচলিৰ পৰা তৈয়াৰী সতেজ ঘৰতে তৈয়াৰ কৰা টেঙা-মিঠা চাটনিক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৷ যাক আম, তেঁতেলী, কেঁচা জলকীয়া আদিৰ সৰু সৰু টুকুৰা কৰি জিৰা, ইলাচি, আদা আৰু হালধি আদি মছলাৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা হয় ৷ এই চাটনিবোৰৰ টেক্সচাৰ আৰু সোৱাদ বিভিন্ন ধৰণৰ, সতেজ আৰু ঠাণ্ডা হোৱাৰ পৰা আৰম্ভ কৰি টেঙা আৰু মছলাযুক্ত হোৱালৈকে ৷ ইয়াৰ ফলত ইহঁত ভাৰতীয় খাদ্যৰ এক অপৰিহাৰ্য অংশ হৈ পৰে যিয়ে যিকোনো খাদ্যৰ পৰিপূৰক হিচাপে কাম কৰিব পাৰে ৷
    ভাৰতীয় চাটনি (Getty Image)
  2. ধনিয়া চাটনি-(Coriander Chutney):ইয়াৰ উপৰিও ৪৭ নম্বৰ স্থানত থকা ধনিয়া চাটনি উজ্জ্বল সেউজীয়া ৰং আৰু নিজৰ সতেজ সোৱাদৰ বাবে বিখ্যাত ৷ এই চাটনি সতেজ ধনিয়া (চিলেন্ট্ৰ’) পাতৰ পৰা তৈয়াৰ কৰা হয়, যিবোৰ প্ৰায়ে পদিনা, নেমু আৰু জলকীয়াৰ সৈতে মিহলাই মিঠা, টেঙা আৰু মছলাযুক্ত সোৱাদৰ নিখুঁত ভাৰসাম্য সৃষ্টি কৰা হয় ৷ ই বহু ভাৰতীয় খাদ্য আৰু ব্যঞ্জনৰ সৈতে পৰিবেশন কৰা জনপ্ৰিয় চাটনি, যাৰ ফলত খাদ্যৰ সোৱাদ আৰু অধিক বৃদ্ধি পায় ৷
    ভাৰতীয় চাটনি (Getty Image)
  3. আমৰ চাটনি-(Mango Chutney):ইফালে ৫০ নম্বৰ স্থানত অহা আমৰ চাটনি মিঠা আৰু টেঙা সোৱাদৰ বাবে জনাজাত ৷ পকা আমৰ পৰা তৈয়াৰী এই চাটনি চিঙৰা বা পকোৰাৰ দৰে মছলাযুক্ত খাদ্যৰ সৈতে খোৱাৰ বাবে এক উত্তম পৰিপূৰক, যিয়ে খাদ্যক এক নতুন মাত্ৰা প্ৰদান কৰে ৷
    ভাৰতীয় চাটনি (Getty Image)

লগতে পঢ়ক:Monsoon recipe: বাৰিষাকালত শ্বেফ নয়নজ্যোতি শইকীয়াৰ এই সহজ ৰেচিপিৰ সহায়ত ঘৰতে তৈয়াৰ কৰক সুস্বাদু মোমো

ABOUT THE AUTHOR

...view details