অসম

assam

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 11:48 AM IST

ETV Bharat / health

চাহ খোৱা এৰিব নোৱাৰে ? মনত ৰাখক এই ৫টা কথা, নহয় স্বাস্থ্যৰ কোনো ক্ষতি! - Side Effects of Tea

Tea Side Effects: আমাৰ দিনটোৰ আৰম্ভণি সদায় একাপ চাহৰ সৈতে হয় । গোটেই দিনটোৰ কথা ক’বলৈ গ’লে এদিনত আমি বহুবাৰ চাহ সেৱন কৰো । যদিও এই বিষয়ে আমি জ্ঞাত যে ইয়াৰ ফলত আমাৰ শৰীৰত বহু পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে ৷ কিন্তু চাহ বনোৱা আৰু খোৱাৰ সময়ত কৰা কিছুমান অভ্যাস দূৰ কৰি আমি এই সমস্যাৰ পৰা হাত সাৰিব পাৰো ৷ কেনেকৈ জানো আহক...

If you cannot stop drinking tea, then drink it this way, it will not harm you
চাহ খোৱা এৰিব নোৱাৰে ? মনত ৰাখক এই ৫টা কথা, নহয় স্বাস্থ্যৰ কোনো ক্ষতি! (ETV Bharat)

ভাৰতীয় আৰু চাহ এই সম্পৰ্ক বহু পুৰণি ৷ কফিও ভাৰতত সেৱন কৰা হয় যদিও ইয়াক ভালপোৱা লোকৰ সংখ্যা যথেষ্ট কম ৷ চাহ আজিকালি প্ৰায় সকলোৰে জীৱনৰ এটা অংশস্বৰূপ হৈ পৰিছে । পুৱাৰ আৰম্ভণি বহুতে একাপ চাহৰ সৈতেই কৰে ৷ পুৱাৰ বাতৰি কাকতখনৰ সৈতে হওক বা পুৱাৰ আহাৰৰ সৈতেই হওক চাহ নাথাকিলে যেন সকলো আধৰুৱা ৷

এয়া কোৱাটো ভুল নহ’ব যে দিনক দিনে চাহ মানুহৰ বাবে এক আসক্তিলৈ পৰিণত হৈছে ৷ কিন্তু চাহ প্ৰেমিকসকলক আমি জনাবলৈ পাই অতি দুক্ষিত যে- চাহ আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক হ’ব পাৰে ৷ হয়, আপুনি ঠিকেই পঢ়িছে ৷ আমাৰ কিছুমান ভুলৰ বাবে চাহে আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷

কিন্তু এনে পৰিস্থিতি দীৰ্ঘদিন ধৰি চাহ খাই অহা লোকসকলৰ কি হ’ব! হঠাৎ চাহ ত্যাগ কৰাটো তেওঁলোকৰ বাবেও অসম্ভৱ ৷ তেন্তে এনে পৰিস্থিতিত চাহৰ আমি আপোনালোকক এনে কিছুমান পদ্ধতিৰ বিষয়ে ক’ম যাক অনুসৰণ কৰি আপুনি চাহৰ ক্ষতিকাৰক দিশসমূহ নোহোৱা কৰি আপোনাৰ শৰীৰক সুস্থ কৰি ৰাখিব পাৰে ৷

লগতে পঢ়ক:যিকোনো চাহতকৈ অধিক লাভদায়ক কেমোমিল চাহ; জানক ইয়াৰ লাভালাভ - Chamomile Tea Benefits

  1. চাহ বেছি সময় উতলাব নালাগে:চাহত কিছুমান মৌল (eg-alkaloids) থাকে যিবোৰক অত্যধিক পৰিমাণে উতলালে সক্ৰিয় হৈ পৰে । এই উপাদানসমূহে আপোনাৰ শৰীৰ আৰু মগজুত অতি নেতিবাচক প্ৰভাৱ পেলায়।
  2. খোৱাৰ পিচত লগে লগে চাহ খাব নালাগে:খাদ্য খোৱাৰ লগে লগে চাহ খালে শৰীৰত জিংক আৰু আইৰণ শোষণ কমি যায়, যাৰ ফলত শৰীৰত আইৰণৰ অভাৱ হ’ব পাৰে ।
  3. খালী পেটত চাহ খাব নালাগে:বহুতৰে ব্ৰেকফাষ্টত বেড টি বা চাহ খোৱাৰ অভ্যাস আছে, যিটো অতি বিপদজনক । ইয়াৰ ফলত পেটত জ্বলা-পোৰা অনুভৱ হ’ব পাৰে আৰু গেছৰ সমস্যাও হ’ব পাৰে ।
  4. চাহ পুনৰ গৰম নকৰিব:চাহত চেনি যোগ কৰা হয় আৰু সেয়েহে ইয়াক পুনৰ গৰম কৰিলে চেনিৰ বাবে বেক্টেৰিয়াৰ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায় । ইয়াৰ লগতে ইয়াৰ সুগন্ধি আৰু এন্টিঅক্সিডেন্ট গুণো কমি যায় ।
  5. দিনত বেছিকৈ চাহ খাব নালাগে:চিকিৎসকৰ মতে এজন ব্যক্তিয়ে দিনটোত একাপ বা দুকাপতকৈ অধিক চাহ খোৱাৰ পৰা বিৰত থাকিব লাগে ।

লগতে পঢ়ক:আপোনাৰো চাহ প্ৰিয় নেকি ? সত্যটো জনাৰ পিচত আপুনি ভাবিব চাহত চুমুক দিয়াৰ কথা - ICMR on milk tea

ABOUT THE AUTHOR

...view details