ETV Bharat / health

গৰ্ভনিৰোধক বড়ি সেৱন কৰাটো হ’ব পাৰে মাৰাত্মক, বিশেষজ্ঞৰ পৰা জানি লওক ৫টা বিপজ্জনক পাৰ্শ্বক্ৰিয়া - World Contraception Day 2024

author img

By ETV Bharat Health Team

Published : Sep 26, 2024, 2:06 PM IST

World Contraception Day: গৰ্ভনিৰোধক বড়ি মহিলাসকলৰ বাবে গৰ্ভধাৰণ প্ৰতিৰোধৰ এক ফলপ্ৰসূ আৰু ব্যৱহাৰিক উপায় । অৱশ্যে প্ৰতিটো ঔষধৰ দৰে এই বড়িৰো কিছু পাৰ্শ্বক্ৰিয়া থাকে । সেয়ে বিশেষজ্ঞৰ পৰা আজি এই বিষয়ে বিতংভাৱে জানি লও আহক-

World Contraception Day 2024
গৰ্ভনিৰোধক বড়ি সেৱন কৰাটো হ’ব পাৰে মাৰাত্মক, বিশেষজ্ঞৰ পৰা জানি লওক ৫টা বিপজ্জনক পাৰ্শ্বক্ৰিয়া (ETV Bharat)

গৰ্ভনিৰোধক বড়ি, যাক জন্ম নিয়ন্ত্ৰণ বড়ি বুলিও কোৱা হয়, মহিলাসকলৰ বাবে গৰ্ভধাৰণ প্ৰতিৰোধৰ এক ফলপ্ৰসূ আৰু ব্যৱহাৰিক উপায় ৷ কিন্তু প্ৰতিটো ঔষধৰ দৰে এই বড়িৰ কিছুমান সম্ভাৱ্য অসুবিধা আৰু পাৰ্শ্বক্ৰিয়াও আছে, যিবোৰৰ প্ৰতি প্ৰতিগৰাকী মহিলাই সচেতন হোৱা উচিত ৷ বিশেষজ্ঞৰ পৰা আজি এই বিষয়ে বিতংভাৱে জানি লও আহক-

জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ গৰিমা সাহানীয়ে এই সন্দৰ্ভত কয় যে, এই বড়িবোৰ হৰম’নৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়, য’ত হয় ইষ্ট্ৰজেন আৰু প্ৰজেষ্টিনৰ সংমিশ্ৰণ থাকে, নহয় কেৱল প্ৰজেষ্টিন থাকে ৷ এইবোৰে ডিম্বাশয়ৰ পৰা ডিম্ব নিৰ্গত হোৱাত বাধা দিয়ে (Ovulation) আৰু জৰায়ুৰ মুখৰ (cervix) চাৰিওফালে থকা শ্লেষ্মা ঘন কৰি জৰায়ুত শুক্ৰাণু পোৱাত অসুবিধা হয় ৷ যদি এই বড়িবোৰ শুদ্ধ পদ্ধতিৰে লোৱা হয় তেন্তে ৯৯ শতাংশতকৈও অধিক ফলপ্ৰসূ হয় ৷

গুৰুতৰ পাৰ্শ্বক্ৰিয়া

যদিও এই বড়িবোৰ বেছিভাগ মহিলাৰ বাবে নিৰাপদ, কিছুমান মহিলাই গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হ’ব পাৰে ৷ বিশেষজ্ঞসকলৰ মতে, কিছুমান প্ৰধান আৰু বিপজ্জনক পাৰ্শ্বক্ৰিয়া তলত দিয়া ধৰণৰ-

তেজ জমা হোৱা: বিশেষকৈ ধূমপান কৰা বা ৩৫ বছৰৰ ওপৰৰ মহিলাৰ ক্ষেত্ৰত জন্ম নিয়ন্ত্ৰণৰ বড়িয়ে তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷

হৃদৰোগ: এই বড়িবোৰ দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিলে ৰক্তচাপ বৃদ্ধি পায়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায় ৷

লিভাৰৰ সমস্যা: জন্ম নিয়ন্ত্ৰণৰ বড়িৰ দ্বাৰা কিছুমান মহিলাৰ লিভাৰ টিউমাৰ হ’ব পাৰে ৷

স্তন কেন্সাৰৰ আশংকা: কিছু গৱেষণাৰ পৰা দেখা গৈছে যে জন্ম নিয়ন্ত্ৰণৰ বড়ি ব্যৱহাৰ কৰিলে স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷

মেজাজৰ দোলাচল আৰু হতাশা: হৰম’নৰ পৰিৱৰ্তনৰ বাবে কিছুমান মহিলাই মেজাজৰ পৰিৱৰ্তন, উদ্বেগ বা হতাশাৰ সন্মুখীন হ’ব পাৰে ৷

কোনসকল মহিলাই সাৱধান হোৱা উচিত ?

বিশেষজ্ঞসকলৰ মতে, ৩৫ বছৰৰ ওপৰৰ মহিলা, যিসকলে ধূমপান কৰে বা যিসকলৰ উচ্চ ৰক্তচাপ, থ্ৰম্ব’ছিছ বা হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ আছে, তেওঁলোকে এই বড়ি ব্যৱহাৰ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত ৷

বিকল্প কি ?

যদি জন্ম নিয়ন্ত্ৰণৰ বড়ি আপোনাৰ বাবে উপযুক্ত নহয়, তেন্তে বিকল্পসমূহৰ ভিতৰত Intrauterine Devices (IUDs), কণ্ডম, জন্ম নিয়ন্ত্ৰণ পেচ, আৰু ইমপ্লাণ্ট আদি অন্তৰ্ভুক্ত ৷

https://www.ncbi.nlm.nih.gov/books/NBK430882/

লগতে পঢ়ক: চিকিৎসকৰ পৰামৰ্শ অবিহনে গৰ্ভনিৰোধক বড়ি গ্ৰহণ কৰাটো কিমান গ্ৰহণযোগ্য ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.