ETV Bharat / health

এইসকল লোকৰ বাবে বিলাহীয়ে মাতিব পাৰে বিপদ...এই সন্দৰ্ভত কি কয় বিশেষজ্ঞই - Tomato

author img

By ETV Bharat Health Team

Published : Sep 26, 2024, 3:18 PM IST

Tomato: শাক পাচলি আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী কিন্তু কেতিয়াবা কিছুমান লোকৰ বাবে সেয়া উপকাৰী নহ’বও পাৰে ৷ বিলাহীও তেনে এবিধ পাচলি যাক খাবলৈ বহুতে পচন্দ কৰে কিন্তু আপুনি জানেনে বিলাহী খালে কেতিয়াবা আপোনাৰ লাভৰ পৰিৱৰ্তে লোকচানো হ’ব পাৰে...পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

Are Tomatoes Healthy or Bad for our health ?
এইসকল লোকৰ বাবে বিলাহীয়ে মাতিব পাৰে বিপদ (ETV Bharat)

বিলাহী আমাৰ সকলোৰে প্ৰিয় ৷ বিলাহী আঁহ, কাৰ্ব, ভিটামিন চি, পটাছিয়াম, ভিটামিন কে১ আৰু ফলেট সম্পন্ন ৷ কিন্তু সকলোৰে বাবে বিলাহী উপকাৰী নহয় ৷ হয়, কিছু সংখ্যক লোকৰ বাবে বিলাহী বিহ সদৃশ ৷ কোনসকল লোকৰ স্বাস্থ্যৰ বাবে বিলাহী অনুপযোগী, আজি জানো আহক-

কিডনীৰ পাথৰৰ ৰোগী

বিলাহীৰ বীজত যথেষ্ট পৰিমাণৰ অক্সালেট থাকে ৷ অক্সালেটবোৰ শৰীৰত কেলচিয়ামৰ সৈতে একত্ৰিত হৈ কেলচিয়াম অক্সালেট গঠন কৰে, যি কিডনীৰ পাথৰৰ মুখ্য কাৰণ হ'ব পাৰে ৷ সেয়েহে, যিসকল কিডনীৰ পাথৰৰ সমস্যাত ভুক্তভোগী, তেওঁলোকে বিলাহী কেতিয়াও খাব নালাগে ৷

ডাইভাৰ্টিকুলাইটিছ ৰোগী

ডাইভাৰ্টিকুলাইটিছ হৈছে এনে এক স্থিতি, য'ত অন্ত্ৰৰ বেৰবোৰ ফুলি উঠে ৷বিলাহীৰ বীজৰ দৰে সৰু বীজ অন্ত্ৰত আৱদ্ধ হ'ব পাৰে, যাৰ ফলত প্ৰদাহ আৰু বিষৰ সমস্যা বৃদ্ধি হয় ৷ অৱশ্যে, কিছুমান গৱেষণাই ইয়াক সম্পূৰ্ণৰূপে প্ৰমাণ নকৰে ৷ কিন্তু তথাপিও এই পৰিস্থিতিত বীজ খোৱা পৰিহাৰ কৰা উচিত ৷

এলাৰ্জি থকা লোক

কিছুমান লোকৰ বিলাহীৰ বীজৰ প্ৰতি এলাৰ্জি থাকিব পাৰে ৷ইয়াৰ ফলত ছালৰ দাগ, খজুৱতি, ফুলা বা উশাহ লোৱাত অসুবিধা হ'ব পাৰে ৷

এচিডিটিৰ সমস্যা

বিলাহী প্ৰকৃতিত এচিডিক আৰু ইয়াৰ বীজে এচিডিটি বৃদ্ধি কৰিব পাৰে ৷যিসকল লোকৰ এচিডিটি বা পেটৰ জ্বলা-পোৰাৰ সমস্যা আছে, তেওঁলোকে পৰাপক্ষত বিলাহী পৰিহাৰ কৰিব লাগে ৷

আৰ্থ্ৰাইটিছ ৰোগী

বিলাহীত চোলানাইন নামৰ এবিধ উপাদান থাকে ৷ কিছুমান অধ্যয়নত প্ৰমাণ হৈছে যে চোলানাইনে শৰীৰত প্ৰদাহ আৰু গাঁঠিৰ বিষ বৃদ্ধি কৰিব পাৰে ৷ সেয়েহে, আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষ থকা লোকসকলে বিলাহী ভুলতো খাব নালাগে ৷

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC8869745/

লগতে পঢ়ক: পুৱা খালী পেটত এগিলাচ বিলাহীৰ ৰস খোৱাৰ এই আচৰিত গুণাগুণ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.