অসম

assam

ETV Bharat / health

খাবলৈ সুস্বাদু হোৱাৰ লগতে আপোনাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী কাজুবাদাম - Soaked Cashew Health Benefits

Soaked Cashew: আমাৰ মাজৰ বহুতে কাজু খাই ভাল পাই ৷ নাপাবনো কি এই শুকান ফলবিধ হয়েই ইমান সুস্বাদু ৷ কিন্তু আপুনি জানেনে যে এই শুকান ফলবিধ খাবলৈ সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যৰ পক্ষেও সমানে লাভদায়ক ৷ কিন্তু কেনেকৈ খালে ই আমাৰ স্বাস্থ্যৰ পক্ষে লাভদায়ক হ’ব জানো আহক-

Soaked cashews are not only beneficial for digestion but also good for the skin
খাবলৈ সুস্বাদু হোৱাৰ লগতে আপোনাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী কাজুবাদাম

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 3:51 PM IST

কাজু এনে এবিধ শুকান ফল যিটো খাবলৈ অতি সোৱাদযুক্ত ৷ ইয়াৰ উপৰিও ইয়াক বহু ধৰণৰ মিঠাই প্ৰস্তুত কৰোঁতে আৰু স্নেক হিচাপে ব্যৱহাৰ কৰা হয় ৷ বহু পুষ্টিকৰ গুণেৰে সমৃদ্ধ হোৱাৰ বাবে ইয়াক খালে আমাৰ শৰীৰে বহু উপকাৰিতা লাভ কৰে৷ ইয়াত পলিফিনল আৰু কেৰটিনয়ডৰ দৰে এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যক উন্নত কৰাত সহায় কৰে ৷

কাঠবাদাম আদি শুকান ফলৰ দৰে তিয়াই থোৱা কাজু খোৱাটোও উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াৰ লগতে তিয়াই থোৱা কাজুত শুকান কাজুতকৈ অধিক আঁহ থাকে, যিটো আমাৰ পাচনতন্ত্ৰৰ বাবে উপকাৰী আৰু কোষ্ঠকাঠিন্যৰ সমস্যা ৰোধ কৰে ৷ তিয়াই থোৱা কাজু বাদাম খালে আমি কি কি উপকাৰ পাব পাৰো জানো ৷

  • পাচন শক্তি বৃদ্ধি পায়

কাজুত ভাল পৰিমাণৰ ফাইটিক এচিড থাকে, যাৰ বাবে ইয়াক সকলোৱে সহজে হজম কৰিব নোৱাৰে ৷ এনে পৰিস্থিতিত কাজু তিয়াই থোৱাৰ পিছত খালে ইয়াত থকা ফাইটিক এচিড কমি যায় বা নাইকিয়া হয়, আৰু ই সহজে হজম হয় ৷ এই এচিডে পেটৰ লগত জড়িত বহুতো সমস্যাও সৃষ্টি কৰিব পাৰে ৷ সেয়েহে তিয়াই খোৱাটো এটা উত্তম বিকল্প ৷

  • হাড়বোৰ শক্তিশালী হৈ পৰে

কেলচিয়াম , আইৰণ, ফাইবাৰ আৰু মেগনেছিয়ামৰ দৰে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কাজু তিয়াই আমাৰ শৰীৰে এই পুষ্টিকৰ উপাদানসমূহ সহজে শোষণ কৰিবলৈ সক্ষম হয় ৷ হাড়ক মজবুত কৰি ৰখাৰ লগতে অষ্টিঅ’পৰ’ছিছৰ দৰে হাড়ৰ লগত জড়িত ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে ৷

  • ৰোগ প্ৰতিৰোধ ক্ষমতা হৈ পৰে অধিক শক্তিশালী

কাজুত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন ই থাকে, যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷

  • ছালৰ বাবে উপকাৰী

কাজু বাদামত থকা ভিটামিন-ই, জিংক আৰু চেলেনিয়ামে আমাৰ ছালৰ স্বাস্থ্য সুস্থ কৰি ৰাখে ৷ ই কলাজেন উৎপাদনত সহায় কৰি ছালখনক দীৰ্ঘদিন ধৰি ডেকা আৰু উজ্জ্বল কৰি ৰাখে ৷

  • পুষ্টিকৰ পদাৰ্থ শোষণ

এন্টিঅক্সিডেন্ট, ভিটামিন আৰু বহুতো খনিজ পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কাজু বাদাম তিয়াই দিলে আমাৰ শৰীৰত ইয়াৰ শোষণ ক্ষমতা বৃদ্ধি পায় ৷

  • মগজুৰ বাবে উপকাৰী

তিয়াই থোৱা কাজু খালে আমাৰ মগজুৰ স্বাস্থ্য বৃদ্ধি পায়, যাৰ ফলত বয়স বৃদ্ধিৰ লগে লগে পাহৰি যোৱাৰ সম্ভাৱনা কমি যায় ৷ ইয়াত থকা এন্টিঅক্সিডেন্টে ফ্ৰী ৰেডিকেলৰ ক্ষতি হ্ৰাস কৰে, যাৰ ফলত মগজুৰ কোষবোৰ সুস্থ হৈ থাকে ৷

লগতে পঢ়ক:কোষ্ঠকাঠিন্য-গেষ্ট্ৰিকৰ সমস্যা হ’ব দূৰ মাত্ৰ আপোনাৰ খাদ্যৰ অংশ কৰি লওক এইবিধ পানীয়ক

ABOUT THE AUTHOR

...view details