শুকান ফল আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী খাদ্য ৷ বিশেষকৈ কাঠবাদাম ৷ আচলতে, প্ৰতিদিনে পুৱা খালী পেটত তিয়াই থোৱা কাঠবাদাম খোৱাটো স্বাস্থ্যৰ বাবে অমৃত স্বৰূপ ৷ কাঠবাদামে শৰীৰক অত্যাৱশ্যকীয় পুষ্টি প্ৰদান কৰাৰ লগতে পাচন তন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে ৷ তিয়াই খোৱা কাঠবাদামৰ বাকলিত টেনিন থাকে, যি শৰীৰক পুষ্টি প্ৰদান কৰাত সহায় কৰে ৷ কাঠবাদামত ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে স্মৃতিশক্তি উন্নত কৰা, হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা তথা সামগ্ৰিক শক্তিৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে ৷ তিয়াই থোৱা কাঠবাদাম খোৱাৰ আন আন উপকাৰিতাসমূহ হৈছে-
কলেষ্টেৰল নিয়ন্ত্ৰণ
তিয়াই থোৱা বাদাম খোৱাটো কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায়ক ৷ ই নিম্ন-ঘনত্বৰ কলেষ্টেৰল (এলডিএল) আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস কৰা তথা ভাল কলেষ্টেৰলৰ (এইচডিএল) স্তৰ বজাই ৰখাত সহায় কৰে ৷ সেয়েহে, কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ আপুনি কাঠবাদাম খাব পাৰে ৷
কৰ্কট ৰোগৰ আশংকা হ্ৰাস
কাঠবাদাম খোৱাটোৱে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে ৷ ইয়াৰ কৰ্কট ৰোধী প্ৰভাৱ আছে, যিয়ে কৰ্কট কোষৰ বিকাশ নিয়ন্ত্ৰণ কৰিব পাৰে ৷ তিতাই থোৱা কাঠবাদামত থকা এমিগডেলিন নামৰ যৌগটো কৰ্কট ৰোগৰ সম্ভাৱ্য চিকিৎসাত সহায়ক ৷ সেয়েহে, বাদাম খোৱাটো কৰ্কট ৰোগৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰাত সহায়ক হ'ব পাৰে ৷
শৰীৰৰ চৰ্বি হ্ৰাসত সহায়ক
যদি আপুনি ওজন হ্ৰাস কৰাৰ উপায় বিচাৰি আছে, তেন্তে আজিয়েই আপোনাৰ খাদ্য তালিকাত কাঠবাদাম অন্তৰ্ভূক্ত কৰক ৷ কম কেলৰিযুক্ত আহাৰৰ সৈতে কাঠবাদাম মিহলি কৰি আপুনি ওজন হ্ৰাস কৰিবও পাৰে ৷ কাঠবাদামত প্ৰ'টিন, আঁহ আৰু স্বাস্থ্যকৰ চৰ্বি থাকে, যি দীঘলীয়া সময়ৰ বাবে আপোনাক কষ্ট দি অহা শাৰিৰীক সমস্যা প্ৰতিহত কৰাত সহায় কৰে ৷ এই উপাদানবোৰে ভোক নিয়ন্ত্ৰণ কৰে আৰু লগতে অধিক খোৱাৰ আকাংক্ষা হ্ৰাস কৰে, যি কেলৰি গ্ৰহণ হ্ৰাস কৰিব পাৰে ৷