নেশ্যনেল ডেস্ক, 10 মে’ :গৰমৰ দিনকেইটা এনেকুৱা দিন যিকেইটা দিনত খাদ্য গ্ৰহণ কৰোতে যথেষ্ট সাৱধাৱনতা অৱলম্বন কৰিবলগীয়া হয় ৷ অলপো যদি খাদ্য গ্ৰহণৰ ক্ষেত্ৰত অমনোযোগী হোৱা যায়, তেন্তে ইয়াৰ পৰিণাম আপোনাৰ স্বাস্থ্যই ভোগ কৰিবলগীয়া হয় ৷ আমিষভোজী সকলৰ মনত প্ৰায়ে এইটো প্ৰশ্নৰ উদয় হয় যে গ্ৰীষ্মকালত মাছ-মাংস খাব লাগেনে ? এই প্ৰতিবেদনত আমি সেই বিষয়টোৱে আপোনালোকলৈ আগবঢ়াইছো ৷
আমিষ খাদ্য পৰিহাৰ কৰক -
বিশেষজ্ঞসকলৰ মতে, গ্ৰীষ্মকালত মানুহে মাছ-মাংস সম্পূৰ্ণৰূপে এৰাই চলিব লাগে ৷ এৰাই চলিব নোৱাৰিলে অন্তত কম পৰিমাণত আমিষ খাদ্য খাব লাগে ৷ ইয়াৰ আঁৰৰ কাৰণ হ’ল এই খাদ্যবোৰ সাধাৰণতে গৰম হয় ৷ ফলত এই ধৰণৰ খাদ্যই আপোনাৰ শৰীৰটো ভিতৰৰ ফালৰ পৰা গৰম কৰি দিয়ে ৷ মাত্ৰাধিক গৰম হ’লে শৰীৰৰ পৰা বেছি পৰিমাণে ঘাম ওলায় ৷