অসম

assam

কি হয় এই চেপ্চিছ ৰোগ...কেনেকৈ কৰিব প্ৰতিৰোধ ? - World Sepsis Day 2024

By ETV Bharat Health Team

Published : Sep 13, 2024, 3:59 PM IST

Updated : Sep 13, 2024, 4:34 PM IST

World Sepsis Day 2024: সময়মতে চেপ্চিছৰ চিকিৎসা নকৰিলে ই বিপদজনক আৰু মাৰাত্মক হ’ব পাৰে । সেয়েহে চিকিৎসকে লক্ষণসমূহৰ প্ৰতি মনোযোগ দি তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰি চিকিৎসাৰ বাবে পৰামৰ্শ দিয়ে । এই ৰোগ কেনেকৈ হয়, ইয়াৰ লক্ষণ কি আৰু ইয়াৰ পৰা হাত সাৰিবলৈ কি কৰিব পাৰি সেই বিষয়ে জানি লওক-

Sepsis Day 2024: Know what is sepsis disease, its symptoms, causes and treatment
কি হয় এই চেপ্চিছ ৰোগ...কেনেকৈ কৰিব প্ৰতিৰোধ ? (ETV Bharat)

সমগ্ৰ বিশ্বতে এই ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে চেপ্চিছ ৰোগ আৰু সেইবাবেই প্ৰতি বছৰে ১৩ ছেপ্টেম্বৰত চেপ্চিছ দিৱস পালন কৰি মানুহৰ মাজত এই ৰোগ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰা হয় ৷ এসময়ত তেজত থকা বেক্টেৰিয়া বা তেজত আন বীজাণু অধিক বৃদ্ধিৰ ফলত চেপ্চিছ হয় বুলি বিশ্বাস কৰা হৈছিল ৷ কিন্তু নতুন গৱেষণাৰ পৰা দেখা গৈছে যে চেপ্চিছ আচলতে দুটা বস্তুৰ দ্বাৰা হয়: এটা সংক্ৰমণ (যেনে নিউমোনিয়া বা প্ৰস্ৰাৱৰ সংক্ৰমণ) আৰু আপোনাৰ শৰীৰৰ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ শক্তিশালী আৰু ক্ষতিকাৰক সঁহাৰি ৷ অৰ্থাৎ ইয়াত আপোনাৰ শৰীৰেই আপোনাৰ শত্ৰু হৈ পৰে ৷ আপোনাৰ ইমিউনিটিয়ে আপোনাৰ বিৰুদ্ধে কাম কৰিবলৈ আৰম্ভ কৰে ৷

হেষ্টেক এনালাইটিক্সৰ চিকিৎসা পৰিক্ৰমা (সংক্ৰামক ৰোগ) সঞ্চালক ডাঃ মহুৱা কাপুৰ দাস গুপ্তাৰ মতে, চেপ্চিছ এক গুৰুতৰ আৰু মাৰাত্মক ৰোগ বুলি প্ৰমাণিত হ’ব পাৰে ৷ কাৰণ ইয়াত সংক্ৰমণ নিৰ্মূলৰ প্ৰক্ৰিয়াত আপোনাৰ শৰীৰে নিজৰ কলা আৰু কোষৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰে ৷ ইয়াক স্পুটুমেমিয়া বুলিও কোৱা হয়, যাক সাধাৰণতে ব্লাড পইজনিং বুলি জনা যায় ৷

ডাঃ মাহুৱাৰ মতে, যদি এই ৰোগটো আৰম্ভণিতে ধৰা পৰে, তেন্তে ইয়াৰ ওপৰত হোৱা খৰচ আৰু ৰোগীৰ জীৱন এই দুয়োটায়ে ৰক্ষা কৰিব পৰা যাব ৷ ২০২০ চনত কৰা গ্ল’বেল বাৰ্ডেন অৱ ডিজিজ ষ্টাডি অনুসৰি বিশ্বজুৰি ৪ কোটি ৮৯ লাখ লোকৰ দেহচ এই ৰোগ ধৰা পৰিছে আৰু ইয়াৰে ১ কোটি ১০ লাখ লোকৰ মৃত্যুও হৈছে ৷ যদি পৰিসংখ্যাৰ ওপৰত বিশ্বাস কৰিবলৈ যোৱা হয় তেন্তে এইটো বিশ্বৰ মৃত্যুৰ হাৰৰ প্ৰায় ২০% ৷

কোনবোৰ লোকৰ এই ৰোগ হোৱাৰ আশংকা অধিক

ডায়েবেটিছ, কেন্সাৰ আদি ৰোগত আক্ৰান্ত লোকৰ এই ৰোগ হোৱাৰ আশংকা অধিক ৷

চেপ্চিছৰ লক্ষণ:

  • শৰীৰত ফোহা ওলোৱা ৷
  • শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱা
  • কেঁচুৱা আৰু সৰু শিশু দুৰ্বল হৈ পৰা বা কান্দোন
  • শক্তি বা দুৰ্বলতা কম অনুভৱ কৰা
  • দ্ৰুত হৃদস্পন্দন
  • কম বি পি
  • জ্বৰ বা হাইপোথাৰ্মিয়া
  • শিৰশিৰণি বা ঠাণ্ডা
  • গৰম বা আঠাযুক্ত ছাল
  • বিভ্ৰান্তি বা অস্থিৰতা

চেপ্চিছক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি

চেপ্চিছ প্ৰতিৰোধ কৰিবলৈ আপুনি:

১)চাবোন আৰু পানীৰে কমেও ২০ ছেকেণ্ডৰ বাবে সঘনাই হাত ধোৱাটো উচিত

২)প্ৰতিষেধক গ্ৰহণ কৰক

৩) যদি আপুনি Chronic Health Conditionsত আছে, তেন্তে ইয়াৰ চিকিৎসা মাজভাগত বন্ধ নকৰিব ৷

৪) ছালৰ ঘাঁবোৰ যিমান সোনকালে পাৰি পৰিষ্কাৰ কৰক ৷

৫) যিকোনো সংক্ৰমণ অতি সোনকালে চিকিৎসা কৰিব লাগে ৷

৬) চিকিৎসকে কোৱাৰ দৰে এন্টিবায়টিক খোৱাটো উচিত৷ এন্টিবায়টিক ঔষধ নিজাববীয়াকৈ গ্ৰহণ নকৰিব ৷

Ref:- https://www.who.int/news-room/fact-sheets/detail/sepsis

লগতে পঢ়ক:টেটু কৰি চেপ্চিছ ৰোগত এজন লোকৰ মৃত্যু; জানি লওক কি হয় এই চেপ্চিছ ৰোগ
Last Updated : Sep 13, 2024, 4:34 PM IST

ABOUT THE AUTHOR

...view details