গুৱাহাটী, 14 জুলাই: বৰ্তমান সময়ত ভয়াৱহ হাৰত বৃদ্ধি পাইছে স্তনৰ কৰ্কট ৰোগীৰ সংখ্যা ৷ স্তনৰ কৰ্কটৰ বহুকেইটা কাৰণ আছে ৷ পূৰ্বতে বয়সবৃদ্ধিৰ হোৱাৰ পাছত অৰ্থাৎ ৭০-৭৫ বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰতহে বেছিকৈ স্তনৰ কৰ্কট ৰোগ হোৱা দেখা গৈছিল ৷ কিন্তু সময় সলনিৰ লগে লগে এতিয়া কম বয়সত বহুতে এই ৰোগত আক্রান্ত হোৱা দেখা যায় ৷
আনহাতে, পূৰ্বতে মানুহৰ সন্তানৰ সংখ্যা বেছি আছিল ৷ বেছি সন্তান জন্মৰ ফলত শৰীৰত যি ইষ্ট্ৰজেনৰ মাত্ৰা থাকে সেয়া লাহে লাহে কমি যায় ৷ বৰ্তমান সময়ত যিহেতু সন্তান জন্ম দিয়াৰ যি চিন্তাধাৰা সেইয়া সলনি হৈছে, লগতে বিবাহৰ ক্ষেত্ৰতো যিহেতু পলমকৈ বিয়া হোৱা দেখা যায় এনেবোৰ কাৰণটো কিছু ক্ষেত্ৰত এই ৰোগত আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈছে ৷ ইয়াৰোপৰি যিসকল মহিলা মেদবহুল, বা শৰীৰৰ ওজন অধিক হয় তেনে মহিলাৰ ক্ষেত্ৰতো স্তনৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় ৷
স্তনৰ কৰ্কটৰ লক্ষণসমূহ কি কি ?
স্তনৰ কৰ্কট ৰোগত সাধাৰণতে কোনো বিষ অনুভৱ নহয় ৷ চিকিৎসক সুনিল মল্ল বুজৰবৰুৱাই জনোৱা অনুসৰি সাধাৰণতে স্তনৰ কৰ্কট ৰোগ হ’লে স্তনত এটা টেমুনাৰ দৰে হয় আৰু সেই টেমুনাটো লাহে লাহে বাঢ়ি থাকে ৷ খুব কম সংখ্যক ৰোগীৰহে বিষ অনুভৱ হয় বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷