বিশ্বজুৰি ডিমেনচিয়াৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ মাজতে এক নতুন গৱেষণাই আচৰিত ধৰণৰ তথ্য প্ৰকাশ কৰিছে ৷ এই গৱেষণাত বিজ্ঞানীসকলে দৃষ্টিশক্তি দ্ৰুতগতিত হ্ৰাস পোৱাটোক ডিমেনচিয়াৰ লক্ষণ হ’ব পাৰে বুলি জানিবলৈ দিছে ৷ অৰ্থাৎ যিসকল লোকৰ চকু দ্ৰুতগতিত দুৰ্বল হৈ আহিছে, তেওঁলোকৰ স্মৃতিশক্তি হেৰুৱা ৰোগ হোৱাৰ সম্ভাৱনা অধিক ৷
আমেৰিকাৰ জনছ হপকিন্স ব্লুমবাৰ্গ স্কুল অৱ পাব্লিক হেল্থৰ বিজ্ঞানীসকলে কৰা এই গৱেষণাত দেখা গৈছে যে ৭১ বছৰ বা তাতকৈ অধিক বয়সৰ ২০ শতাংশ লোকৰ দৃষ্টিশক্তি কমি যোৱাৰ লগে লগে তেওঁলোকৰ স্মৃতিশক্তিও দুৰ্বল হৈ পৰে ৷ গৱেষকসকলে কয় যে, পূৰ্বৰ গৱেষণাত শ্ৰৱণ ক্ষমতা হেৰুৱা আৰু ডিমেনচিয়াৰ মাজত সম্পৰ্ক পোৱা গৈছিল যদিও দৃষ্টিশক্তিৰ অভাৱৰ বাবে মগজুত হোৱা প্ৰভাৱ ডিমেনচিয়াৰ কাৰণ বুলি কোৱাটো এক নতুন প্ৰকাশ ৷
অধ্যয়নটো কেনেকৈ কৰা হৈছিল ?
গৱেষকসকলে অধ্যয়নৰ লগত জড়িত লোকসকলক ছবিবোৰ মনত ৰখাৰ কাম দিছিল ৷ যিসকলৰ দূৰত্বৰ দৃষ্টিশক্তি বেয়া আছিল তেওঁলোকৰ ভিতৰত ৫ শতাংশৰ ডিমেনচিয়াৰ লক্ষণ দেখা গৈছিল ৷ একে সময়তে দূৰদৰ্শিতা থকা ১০ শতাংশ আৰু দৃষ্টিশক্তি ম্লান হোৱা ১৫ শতাংশৰ ক্ষেত্ৰত স্মৃতিশক্তিৰ সমস্যা হোৱা দেখা গৈছিল ৷
গৱেষকসকলে কয় যে, এই অংশগ্ৰহণকাৰীসকলৰ দৃষ্টিশক্তি হেৰুৱাৰ কথাটো যদি গুৰুত্বসহকাৰে লোৱা হ’লহেঁতেন তেন্তে প্ৰায় ২০ শতাংশ ৰোগীৰ ডিমেনচিয়া প্ৰতিৰোধ কৰিব পৰা গ’লহেঁতেন ৷