মুখমণ্ডলত কেতিয়াবা শালমন বা পিম্পল হোৱাটো তেনেই স্বাভাৱিক কথা ৷ সাধাৰণতে শালমনৰ সমস্যাই দেখা দিলেও কেইদিনমানৰ ভিতৰতে সেই সমস্যা নিজে নিজে আঁতৰ হয় ৷ কিন্তু কিছু কিছু লোকৰ ক্ষেত্ৰত মুখত প্ৰায়ে শালমন বা ছালৰ আন আন সমস্যা দেখিবলৈ পোৱা যায় ৷ ছালৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাবলৈ মানুহে ঘৰুৱা ঔষধৰ পৰা আৰম্ভ কৰি বহুতো দামী সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰী ব্যৱহাৰ কৰে ৷ ইয়াৰ পিচতো বহু সময়ত এই সমস্যা শেষ নহয় ৷ এনে পৰিস্থিতিত আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয় ৷
যদি মুখমণ্ডলত প্ৰায় সময়তে শালমনৰ সমস্যা থাকে আৰু বহু চেষ্টা চলোৱাৰ পিচতো যদি ছালৰ এই সমস্যা সমাধান হোৱা নাই, তেন্তে আপোনাৰ অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেই এই সমস্যা গা কৰি উঠিব পাৰে ৷ সাধাৰণতে এনে কিছুমান খাদ্য আছে, যিবোৰ খাদ্য অত্যধিক গ্ৰহণ কৰাৰ ফলত ছালৰ সমস্যাই দেখা দিয়ে ৷
বিশেষজ্ঞসকলে শালমন বা ছালৰ আন সমস্যা সৃষ্টি কৰিব পৰা এনে কিছু খাদ্যৰ বিষয়ে সততে উল্লেখ কৰিছে ৷ এই বিষয়ে জানো আহক-
অত্যধিক তেলত ভজা খাদ্য খোৱা
সাধাৰণতে বাহিৰত পোৱা স্বাদযুক্ত যিকোনো খাদ্যৰ প্ৰতি আমাৰ প্ৰায় সকলোৰে লোভ থাকে ৷ কিন্তু এনেধৰণৰ খাদ্যৰ ফলত আপোনাৰ শৰীৰত অস্বাস্থ্যকৰ চৰ্বি বৃদ্ধি হোৱাই নহয়, আপুনি ছালৰ গুৰুতৰ সমস্যাৰো বলি হ’ব পাৰে ৷ অধিক ভজা বা তেলীয়া খাদ্য নিয়মিত খালে ছাল অধিক তেলিয়া হৈ পৰে ৷ ইয়াৰ ফলত শালমনকে ধৰি অন্যান্য ছালৰ সমস্যাৰ সৃষ্টি হয় ৷
অতিমাত্ৰা মিঠা খাদ্য খোৱা