প্ৰতি বছৰে ২৫ জানুৱাৰীৰ দিনটোত ভাৰতত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস হিচাপে পালন কৰা হয় ৷ মানুহে কেৱল পৰ্যটনৰ জৰিয়তে বিভিন্ন অভিজ্ঞতা লাভ কৰাই নহয় বৰঞ্চ ই বহু লোকক কৰ্মসংস্থাপনৰ সুবিধাও প্ৰদান কৰে ৷ দেশৰ জিডিপি বৃদ্ধিত পৰ্যটনৰ বিশেষ ভূমিকা আছে ৷
ইয়াৰ গুৰুত্ব আলোকপাত কৰাৰ উদ্দেশ্যেৰে এই দিৱস উদযাপন আৰম্ভ কৰা হৈছিল ৷ এই দিৱসটোৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথাৰ লগতে এই দিৱসটো কোনটো থিম লৈ পালন কৰা হৈছে সেই বিষয়ে জানো আহক ৷
ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ ইতিহাস
এই দিৱস উদযাপন আৰম্ভ হৈছিল ১৯৪৮ চনৰ পৰা ৷ ১৯৯৮ চনত পৰ্যটন আৰু যোগাযোগ মন্ত্ৰীৰ নেতৃত্বত পৰ্যটন বিভাগ স্থাপন কৰা হয় ৷ পৰ্যটনই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগাব পাৰে তাৰ গুৰুত্ব বুজি প্ৰথমে পৰ্যটন যাতায়ত সমিতি গঠন কৰা হয় ৷ গঠন হোৱাৰ প্ৰায় তিনিবছৰ পিচত অৰ্থাৎ ১৯৫১ চনত কলকাতা আৰু চেন্নাইত পৰ্যটন দিৱসৰ আঞ্চলিক কাৰ্যালয় স্থাপন কৰা হয় ৷ তাৰ পিচত দিল্লী, মুম্বাই আৰু কলকাতাতো পৰ্যটন কাৰ্যালয় স্থাপন কৰা হয় ৷
ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ বিষয়বস্তু