বিশেষ প্ৰতিবেদন, ২২ জুলাই :প্ৰতি বছৰে ২২ জুলাইৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় আম দিৱস হিচাবে পালন কৰা হয় । আম, ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ ৷ লগতে আমক ভাৰতৰ অন্যতম প্ৰিয় ফল আৰু ইয়াক ‘ফলৰ ৰজা’ হিচাপেও জনা যায় । বিশ্বৰ প্ৰতিজন মানুহেই এই ফলবিধ খাই ৷ আটাইতকৈ বেছি ৰস থকা ফলৰ ভিতৰত অন্যতম হৈছে এই আম ।
আন্তঃৰাষ্ট্ৰীয় আম মহোৎসৱৰ ইতিহাস:
১৯৮৭ চনৰ পৰাই আৰম্ভ হয় আন্তঃৰাষ্ট্ৰীয় আম মহোৎসৱ, যেতিয়া ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান শস্য ব’ৰ্ডে এটা উজ্জ্বল ধাৰণা আছিল – আমক উদযাপন কৰা । তেতিয়াৰ পৰাই এক বাৰ্ষিক পৰম্পৰাত পৰিণত হৈছে, যাৰ বাবে সমগ্ৰ দেশৰ আমপ্ৰেমীসকলে আজিৰ এই দিনটোৰ বাবে অধিক আগ্ৰহেৰে অপেক্ষা কৰি থাকে । আমৰে ভৰা এই উৎসৱৰ সময়ত ব্যস্ত হৈ থাকে আমৰ বজাৰ, আমৰ প্ৰদৰ্শনী আদি ৷
আম এবিধ সাধাৰণ ফল ৷ এই ফলক বিশ্বৰ বহু দেশৰ সংস্কৃতি আৰু ইতিহাসৰ এক অবিচ্ছেদ্য উপাদান বুলি গণ্য কৰা হয় । ৫০০০ বছৰতকৈও অধিক পূৰ্বৰে পৰা ভাৰতত প্ৰথম আমৰ খেতি কৰা হৈছিল ।
লগতে পঢ়ক :সুস্বাদু আমৰ মিল্কশ্বেকে আপোনাৰ স্বাস্থ্যৰ বাবে মাতিব পাৰে বিপদ ! - Mango Shake
আমক কাজু পৰিয়ালৰ অন্তৰ্গত এবিধ ফল হিচাবে ধৰা হয় ৷ ইয়াৰ বৈজ্ঞানিক নাম Mangifera Indica (Anacardiaceae)। আম এনে এবিধ ফল যি ড্ৰুপ পৰিয়ালৰ অংশ । আম ফলবিধৰ এখন পাতল, ম’মৰ দৰে, ৰঙা/হালধীয়া আৰু সেউজীয়া ছাল থাকে, যিয়ে বাহিৰৰ অংশ ঢাকি ৰাখে । ভিতৰ ভাগত অত্যন্ত সোৱাদযুক্ত মঙহৰ মাজত এটা ডাঙৰ গুটি থাকে । আমৰ মিঠা আৰু টেঙা দুয়োটা সোৱাদ থাকে ।
আম খেতিৰ উৎপত্তি দক্ষিণ-পূব এছিয়াত হোৱা বুলি ধাৰণা কৰা হয় । দক্ষিণ এছিয়াত আমৰ খেতি প্ৰায় ছয়হাজাৰ বছৰ ধৰি চলি আহিছে । বিশ্বত উৎপাদিত আমৰ প্ৰায় ৫০ শতাংশ উৎপাদন কৰা দেশসমূহৰ ভিতৰত ভাৰত স্থান প্ৰথমত আছে ।
‘আম’ নামটো সম্ভৱতঃ মালায়ালাম শব্দ ‘মন্না’ৰ পৰাই উদ্ভৱ হৈছে, যিটো শব্দ ১৪৯৮ চনত পৰ্তুগীজসকলে মছলাৰ ব্যৱসায় কৰিবলৈ কেৰালাত উপস্থিত হোৱাৰ সময়ত উদ্ভাৱন কৰিছিল । আমৰ বীজ এঠাইৰ পৰা আন এঠাইলৈ পৰিবহণ কৰাত কিছু অসুবিধা হোৱাৰ বাবে প্ৰায় ১৭০০ চনলৈকে এই গছজোপা পশ্চিম গোলাৰ্ধত প্ৰৱেশ কৰা হোৱা নাছিল আৰু ব্ৰাজিলত ৰোপণ কৰাৰ পিছত প্ৰায় ১৭৪০ চনত ই ৱেষ্ট ইণ্ডিজত উপস্থিত হৈছিল ।
লগতে পঢ়ক :আম নকটাকৈয়ে কেনেকৈ জানিব পকা নে কেঁচা ? জানি লওক এই টিপছ - MANGO PURCHASING TIPS
ভাৰতত আমৰ উৎপাদন :
ভাৰতত আমৰ এক দীঘলীয়া আৰু চহকী ইতিহাস আছে । বেদ আৰু পুৰাণকে ধৰি প্ৰাচীন ভাৰতীয় শাস্ত্ৰত আম ফলবিধক প্ৰেম, উৰ্বৰতা আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে উল্লেখ কৰা হৈছে । প্ৰাচীন কালত ইয়াক ‘ৰসলা’ বা ‘সহকাৰ’ (Rasala or Sahakara) বুলি কোৱা হৈছিল ।
মুঠ ২.৫ কোটি মেট্ৰিক টন আম উৎপাদনেৰে ভাৰতে বিশ্বৰ সৰ্ববৃহৎ আম উৎপাদনকাৰীৰ খিতাপ দখল কৰিছে ৷ ভাৰতৰ পাচতে আছে চীন, ইণ্ডোনেছিয়া, পাকিস্তান আৰু মেক্সিকো ।
২৫ নিযুত মেট্ৰিক টন আম উৎপাদন কৰি বিশ্বজুৰি আম উৎপাদনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে ভাৰতে । আলফনছ’ (Alphonso) আৰু কেছাৰ(Kesar)ৰ দৰে জাতৰ বাবে বিখ্যাত ভাৰতৰ আমৰ সোৱাদেই সুকীয়া ৷ লগতে ইয়াৰ আছে এক সুগন্ধিও ৷ ভাৰতীয় কৃষকসকলে পৰম্পৰাগতভাৱেই আধুনিক কৌশলক একলগ কৰি এক সমৃদ্ধিশালী আম উদ্যোগটো গঢ়ি তুলিছে ৷
লগতে পঢ়ক :আপুনি খোৱা আম কেমিকেলযুক্ত নেকি? FSSAI ৰ সতৰ্কবাণী - FSSAI Warns Mango Traders
ভাৰতত আমৰ প্ৰকাৰ :
ভাৰতত ১০০০ ব্যৱসায়িক জাতকে ধৰি প্ৰায় ১৫০০ জাতৰ আমৰ খেতি কৰা হয় । আমৰ প্ৰত্যেকটো প্ৰজাতিৰে সোৱাদ সুকীয়া । ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন প্ৰকাৰৰ আম খেতি কৰা হয় ৷ তলৰ তালিকা উল্লেখ কৰা হৈছে :
- এলফ’নছ’ আম - ৰত্নগিৰি, মহাৰাষ্ট্ৰ
- কেশৰ আম - জুনাগড়, গুজৰাট
- দশেৰী আম - লক্ষ্ণৌ আৰু মালিহাবাদ, উত্তৰ প্ৰদেশ
- হিমসাগৰ আৰু কিষাণ ভোগ আম - মুৰ্ছিদাবাদ, পশ্চিম বংগ
- চৌছা আম - হাৰদয়, উত্তৰ প্ৰদেশ
- বদামী আম - উত্তৰ কৰ্ণাটক
- ছাফেদা আম- অন্ধ্ৰ প্ৰদেশ
- বোম্বে সেউজীয়া আম - পঞ্জাব
- লেংৰা আম - বাৰাণসী, উত্তৰ প্ৰদেশ
- টোতাপুৰী আম - বেংগালুৰু, কৰ্ণাটক
- নীলম আম - অন্ধ্ৰ প্ৰদেশ
- ৰসপুৰী আম - কৰ্ণাটক
- মালগোয়া/মুলগোবা আম - চেলেম, তামিলনাডু
- লক্ষ্মণভোগ আম - মালদা, পশ্চিম বংগ
- অম্ৰপালি আম - সমগ্ৰ ভাৰতত
- ইমাম পাছান্দ আম - অন্ধ্ৰ প্ৰদেশ/তেলেংগানা/তামিলনাডু
- ফাজলী আম - বিহাৰ/পশ্চিম বংগ
- মানকুৰাদ আম - গোৱা
- পাহেৰী/পৈৰি আম - গুজৰাট
- মল্লিকা আম - সমগ্ৰ ভাৰতত
- গুলাব খাছ আম - বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগ
- বনাৰস আম - গুজৰাট
- কিলিচুন্দন আম - কেৰালা
- ৰুমানী আম - চেন্নাই