অসম

assam

ETV Bharat / health

মাউথৱাছ ব্যৱহাৰ কৰাৰ সময়ত হওক সাৱধান! গৱেষণাত পোহৰলৈ আহিল এই ডাঙৰ তথ্য - Mouthwash Side Effects - MOUTHWASH SIDE EFFECTS

Mouthwash side effects : এক গৱেষণাৰ মতে এলক’হল ভিত্তিক মাউথৱাছে Oral microbiome (মুখত বাস কৰা বেক্টেৰিয়া)ৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে । ইয়াৰ উপৰিও মাউথৱাছ ব্যৱহাৰ কৰা লোকৰ ক্ষেত্ৰত গৱেষকসকলে ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় বেক্টেৰিয়াও হ্ৰাস পোৱা দেখা গৈছে ।

ALCOHOL BASED MOUTHWASH  MOUTHWASH  ORAL CANCER  ORAL HYGIENE
মাউথৱাছ ব্যৱহাৰ কৰাৰ সময়ত হওক সাৱধান! গৱেষণাত পোহৰলৈ আহিল এই ডাঙৰ তথ্য (FREEPIK)

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 2:24 PM IST

দাঁত, দাঁতৰ গুৰি পৰিষ্কাৰ কৰিবলৈ আৰু মুখখন বীজাণুমুক্ত কৰি ৰাখিবলৈ Mouthwash ব্যৱহাৰ কৰাটো এটা ট্ৰেণ্ডলৈ পৰিণত হৈছে ৷ সাধাৰণতে মানুহে নিজৰ প্ৰিয় চেলিব্ৰিটিক এবাৰ ব্যৱহাৰ কৰা দেখাৰ পিচত কোনো গৱেষণা নকৰাকৈয়ে মাউথৱাছ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ এক অধ্যয়ন অনুসৰি সাধাৰণতে ব্যৱহাৰ কৰা এলক’হল ভিত্তিক মাউথৱাছে Oral microbiome (মুখত বাস কৰা বেক্টেৰিয়া)ত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত পিৰিয়ডন্টাল ৰোগ আৰু কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ আচলতে Oral microbiomeএ পাচনত সহায় কৰে আৰু মুখখন সুস্থ কৰি ৰাখে ৷

মাউথৱাছ ব্যৱহাৰ কৰাৰ সময়ত হওক সাৱধান! গৱেষণাত পোহৰলৈ আহিল এই ডাঙৰ তথ্য (FREEPIK)

গৱেষণাই কি কয় ?

জাৰ্নেল অৱ মেডিকেল মাইক্ৰ’বায়’লজীত প্ৰকাশিত এই গৱেষণাত পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষক অন্তৰ্ভুক্ত কৰা হৈছিল ৷ যৌন ৰোগৰ পৰা হাত সাৰিবলৈ দৈনিক Mouthwash ব্যৱহাৰ কৰে ৷ বেলজিয়ামৰ এণ্টৱাৰ্পৰ ইনষ্টিটিউট অৱ ট্ৰপিকেল মেডিচিন (আইটিএম)ৰ দলটোৱে জনোৱা মতে, দৈনিক তিনিমাহ ধৰি Alcohol based mouthwash ব্যৱহাৰ কৰিলে এই লোকসকলৰ মুখত দুবিধ বেক্টেৰিয়া ফুছ’বেক্টেৰিয়াম নিউক্লিয়েটাম আৰু ষ্ট্ৰেপ্ট’ক’কাছ এঞ্জাইনোছাছৰ পৰিমাণ বৃদ্ধি পায় ৷

এই দুয়োটা বেক্টেৰিয়াই দাঁতৰ গুৰিত ৰোগ বৃদ্ধি কৰে আৰু খাদ্যনলী আৰু কলৰেক্টাল কেন্সাৰৰ দিশে ঠেলি দিয়ে ৷ ইয়াৰ উপৰিও গৱেষকসকলে ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে গুৰুত্বপূৰ্ণ এক্টিনোবেক্টেৰিয়া নামৰ বেক্টেৰিয়াৰ এটা গোট হ্ৰাস পোৱাটোও পৰ্যবেক্ষণ কৰিছে ৷

আইটিএমৰ চেক্সুৱেলি ট্ৰেন্সমিটেড ইনফেকচন ইউনিটৰ ডাঃ জোলিন লাউমানে কয় যে, “বজাৰত এলক’হল ভিত্তিক মাউথৱাছ সহজে উপলব্ধ ৷” সাধাৰণ মানুহে ইয়াক দৈনিক মুখৰ দুৰ্গন্ধৰ সৈতে মোকাবিলা কৰিবলৈ বা পিৰিয়ডন্টাইটিছ প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভতো সচেতন হোৱা উচিত ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে আমি ইয়াক ব্যৱহাৰ কৰা উচিত ৷

লগতে পঢ়ক:মুখৰ স্বাস্থ্য বজাই ৰখাটো আমাৰ বাবে কিয় জৰুৰী ?

লগতে পঢ়ক:Teeth Cleaning: দাঁত পৰিস্কাৰ নোহোৱাৰ বাবে চিন্তিত নেকি ? নিতৌ কৰক এই কাম মুকুতাৰ দৰে জিলিকি উঠিব আপোনাৰ দাঁত

লগতে পঢ়ক:Tongue Taste Change: হঠাৎ জিভাৰে সোৱাদ নোপোৱা হ’লে আওকাণ নকৰিব; হ’ব পাৰে এইসমূহ ৰোগ

ABOUT THE AUTHOR

...view details