ETV Bharat / bharat

বাংলাদেশ-পাকিস্তানত কিমান হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে ? কেন্দ্ৰই দিলে তথ্য - VIOLENCE AGAINST HINDUS

দেশ দুখনত এই বছৰত সংখ্যালঘুৰ ওপৰত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিসংখ্যা সংসদত দাঙি ধৰে ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে ।

MoS Kirti Vardhan Singh on violence against Hindus
সংসদত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিং (ANI)
author img

By ANI

Published : Dec 21, 2024, 12:40 PM IST

নতুন দিল্লী : কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত জানিবলৈ দিয়ে যে এই বছৰৰ ৮ ডিচেম্বৰলৈকে বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ বিৰুদ্ধে ২,২০০ টা হিংসাত্মক ঘটনা সংঘটিত হৈছে ।

ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কয় যে চৰকাৰে এই ঘটনাবোৰক 'গুৰুত্বসহকাৰে' মনোযোগ প্ৰদান কৰিছে আৰু বাংলাদেশ চৰকাৰক এই সম্পৰ্কীয় উদ্বেগৰ বিষয়ে অৱগত কৰিছে । সিঙে এইটোও জনায় যে এই সময়ছোৱাত পাকিস্তানত সংখ্যালঘুসকলৰ বিৰুদ্ধে হিংসাৰ ১১২ টা ঘটনাৰ তথ্য লাভ কৰা হৈছে ।

"বাংলাদেশত ২০২৪ চনৰ ৮ ডিচেম্বৰলৈকে হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ বিৰুদ্ধে ২,২০০ টা হিংসাত্মক ঘটনা সংঘটিত হৈছে । আনহাতে, ২০২৪ চনৰ অক্টোবৰলৈকে এনেধৰণৰ ১১২ টা ঘটনা সংঘটিত হৈছিল । ইফালে অন্য চুবুৰীয়া দেশত (পাকিস্তান আৰু বাংলাদেশৰ বাহিৰে) হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ বিৰুদ্ধে কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই । চৰকাৰে এই ঘটনাবোৰ গুৰুত্বসহকাৰে লৈছে আৰু বাংলাদেশ চৰকাৰক আমাৰ উদ্বেগৰ কথা জনোৱা হৈছে ।" সিঙে উত্তৰত কয় ।

সিঙে বাংলাদেশ চৰকাৰৰ পৰা সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত ভাৰতে কৰা প্ৰত্যাশাৰ ওপৰতো আলোকপাত কৰে । তেওঁ লগতে কয় যে ঢাকাত থকা ভাৰতীয় উচ্চ আয়োগে চুবুৰীয়া দেশখনৰ পৰিস্থিতি নিৰীক্ষণ অব্যাহত ৰাখিছে ।

"ভাৰতে আশা কৰে যে বাংলাদেশ চৰকাৰে হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব । ২০২৪ চনৰ ৯ ডিচেম্বৰত বাংলাদেশলৈ বৈদেশিক সচিবৰ ভ্ৰমণৰ সময়তো একেটা কথা পুনৰাবৃত্তি কৰা হৈছে । ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগে বাংলাদেশৰ সংখ্যালঘুসকলৰ সৈতে সম্পৰ্কিত পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে ।" তেওঁ কয় ।

উল্লেখ্য যে বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে ৯ ডিচেম্বৰত ঢাকাত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হোছেইনক সাক্ষাৎ কৰি বাংলাদেশৰ নেতা আৰু বিষয়াসকলৰ সৈতে হিন্দুকে ধৰি সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণৰ বিষয়টো উত্থাপন কৰে আৰু আক্ৰমণ সন্দৰ্ভত ভাৰতৰ মতামত পুনৰ দোহাৰে ।

"আমি কিছু শেহতীয়া ঘটনা আৰু বিষয় আলোচনা কৰাৰ সুযোগ পাইছিলোঁ আৰু মই সংখ্যালঘুসকলৰ সুৰক্ষা আৰু কল্যাণৰ সৈতে সম্পৰ্কিত বিষয়বোৰকে ধৰি আমাৰ উদ্বেগৰ বিষয়ে অৱগত কৰিছিলোঁ । আমি সাংস্কৃতিক, ধৰ্মীয় আৰু কূটনৈতিক সম্পত্তিৰ ওপৰত আক্ৰমণৰ কিছুমান দুখজনক ঘটনাৰ বিষয়েও আলোচনা কৰিছিলোঁ ।" তেওঁ কয় ।

ইয়াৰ মাজতে শনিবাৰে পুৱা বাংলাদেশ আৰক্ষীয়ে শ্বাকুয়াৰ অঞ্চলত হিন্দু মূৰ্তি ভঙাৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । "আমি শ্বকুয়েৰ অঞ্চলত হিন্দু মূৰ্তি ভঙাৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰিছোঁ ।" উত্তৰ মৈমনসিং জিলাৰ অন্তৰ্গত হালোৱাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আবুল খাইৰে কয় ।

উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক উৎখাত কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত চলা আন্দোলনৰ ফলত বাংলাদেশ বৰ্তমান এক অস্থিৰ সময়ৰ সন্মুখীন হৈছে । এই আন্দোলনৰ সমান্তৰালভাৱে হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণৰ লগতে হিন্দু মন্দিৰ ধ্বংসকে ধৰি কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছে ।

ঢাকাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে চৰকাৰী চাকৰিৰ বাবে দেশৰ কোটা ব্যৱস্থা সংস্কাৰৰ দাবীত একত্ৰিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক উৎখাত কৰাৰ পিছত ২০২৪ চনৰ জুন মাহত বাংলাদেশৰ পৰিস্থিতি ভয়াৱহ হ'বলৈ আৰম্ভ কৰে ।

কেইবা সপ্তাহৰ প্ৰতিবাদ আৰু হিংসাৰ পিছত ৬০০ ৰো অধিক লোকৰ মৃত্যু হৈছে । আনহাতে, হাছিনা ভাৰতলৈ পলাই আহে আৰু মহম্মদ ইউনুছৰ নেতৃত্বত দেশখনত এখন অন্তৱৰ্তীকালীন চৰকাৰে দায়িত্ব গ্ৰহণ কৰে ।

ইয়াৰ পিছতে বাংলাদেশত ৰাজদ্ৰোহৰ অভিযোগত ইস্কনৰ প্ৰাক্তন পুৰোহিত চিন্ময়কৃষ্ণ দাসক ২৫ নৱেম্বৰত ঢাকা বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । যাৰ ফলত বিশ্বজুৰি প্ৰতিবাদ সৃষ্টি হয় ।

লগতে পঢ়ক :সকাহ ! মৃত্যুদণ্ডৰ পৰা ৰেহাই পৰেশ বৰুৱাক - 2004 ULFA WEAPON SMUGGLING CASE
লগতে পঢ়ক :হানয়ৰ কেফে আৰু বাৰত অগ্নিকাণ্ড: ১১ জন নিহত - SUSPECTED ARSON ATTACK AT CAFE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.