গুৱাহাটী, 1 মাৰ্চ: মেষ ৰাশি:মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে মাৰ্চ মাহটো খুব ভাল ৷ কৰ্মক্ষেত্ৰতো শুভফল লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত সফলতাৰ লগতে উন্নতি লাভ কৰিব ৷ বিত্তীয় দিশতো শুভফল লাভ কৰিব ৷
বৃষ ৰাশি- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ এই মাহত ভাগ্যোদয় হ'ব ৷ ঘৰুৱা ক্ষেত্ৰতো এই মাহত বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ সমৃদ্ধি বৃদ্ধি পাব ৷
মিথুন ৰাশি- মিথুন ৰাশিৰ জাতক-জাতিকা সকলে চলিত মাহত বিত্তীয় দিশত খুব লাভ কৰিব ৷
কৰ্কট ৰাশি- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই মাহটো খুব ভাল ৷ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব লগতে সম্পত্তিৰ দিশতো ভাল ৷
সিংহ ৰাশি- সিংহ ৰাশিৰ ক্ষেত্ৰত যি সকলে শ্বেয়াৰৰ লেনদেন কৰে বা যদি কোনো ধৰণৰ নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেন্তে এই মাহত এই ৰাশিৰ লোক সকলে খুব ভাল ফল লাভ কৰিব ৷
কন্যা ৰাশি-কন্যা ৰাশিৰ জাতক-জাতিকাসকলে এই মাহটোত অকণমান বাধাৰ সন্মুখীন হ'ব ৷ ঘৰুৱা আৰু বিত্তীয় দুয়োটা দিশতে অকণমান সাৱধান হ'ব লাগিব ৷