অসম

assam

ETV Bharat / health

পুৰুষ শক্তিৰ ৰহস্য লুকাই আছে ডাৰ্ক চকলেটত, পাব এই ৫টা আচৰিত উপকাৰিতা - Dark Chocolate for Men

Dark Chocolate Benefits for Men: আপুনি জানেনে যে ডাৰ্ক চকলেট কেৱল সুস্বাদু হোৱাই নহয়, পুৰুষৰ স্বাস্থ্যৰ বাবেও সমানে উপকাৰী ? হয় আজি ‘বিশ্ব চকলেট দিৱস’ উপলক্ষে আমি পুৰুষৰ স্বাস্থ্যৰ বাবে ডাৰ্ক চকলেটৰ উপকাৰিতা সম্পৰ্কে জানো আহক ।

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 4:41 PM IST

Men will get 5 amazing benefits from consuming dark chocolate
পুৰুষ শক্তিৰ ৰহস্য লুকাই আছে ডাৰ্ক চকলেটত, পাব এই ৫টা আচৰিত উপকাৰিতা (FREEPIK)

প্ৰতি বছৰে ৭ জুলাইত ‘বিশ্ব চকলেট দিৱস’ পালন কৰা হয় ৷ চকলেট প্ৰেমীৰ বাবে আজিৰ দিনটো কোনো সুখৰ দিনতকৈ কম নহয়, কিন্তু আপুনি জানেনে যে চকলেটৰ ভিতৰত ডাৰ্ক চকলেট কেৱল সুস্বাদু হোৱাই নহয় বৰঞ্চ পুৰুষৰ স্বাস্থ্যৰ বাবেও সমানে উপকাৰী ? হয়, ডাৰ্ক চকলেটত থকা এন্টিঅক্সিডেন্ট, খনিজ পদাৰ্থ আৰু অন্যান্য পুষ্টিকৰ উপাদানে পুৰুষৰ বাবে বহু স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে ৷

সেয়ে আজিৰ এই প্ৰতিবেদনত আমি বিশ্ব চকলেট দিৱসত ডাৰ্ক চকলেটৰ আচৰিত গুণাগুণ আৰু পুৰুষৰ বাবে ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে ডায়েটিচিয়ান প্ৰীতি নাগৰৰ পৰা বিতংভাৱে জানো আহক ৷

পুৰুষৰ শক্তি আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰা ডাৰ্ক চকলেটৰ যাদুকৰী দিশসমূহ জানো আহক-

ৰক্ত সঞ্চালন উন্নত কৰে

ডাৰ্ক চকলেটত ক’ক’ ফ্লেভন’ইড থাকে, যিয়ে সিৰাবোৰ প্ৰসাৰিত কৰাত সহায় কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে ৷ পুৰুষৰ বাবে ই অতি গুৰুত্বপূৰ্ণ কাৰণ ই লিংগলৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ইৰেকচন শক্তিশালী হয় ৷

টেষ্টষ্টেৰনৰ মাত্ৰা বৃদ্ধি

কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে ডাৰ্ক চকলেটে টেষ্টষ্টেৰনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰিব পাৰে ৷ টেষ্টষ্টেৰন হৈছে পুৰুষৰ হৰম’ন যিয়ে যৌন ইচ্ছা, পেশীৰ বৃদ্ধি আৰু উৰ্বৰতাকে ধৰি বহু গুৰুত্বপূৰ্ণ কামত ভূমিকা পালন কৰে ৷

এন্টিঅক্সিডেন্ট সমৃদ্ধ

ডাৰ্ক চকলেটত এন্টিঅক্সিডেন্ট থাকে যিয়ে ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷ ফ্ৰী ৰেডিকেলে কোষৰ ক্ষতি কৰিব পাৰে আৰু ডি এন এৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত পুৰুষে নিজৰ প্ৰজনন ক্ষমতা হেৰুওৱাব পাৰে ৷

মানসিক চাপ হ্ৰাস কৰে

ডাৰ্ক চকলেটে মানসিক চাপ কমোৱাত সহায় কৰিব পাৰে ৷ মানসিক চাপে পুৰুষৰ প্ৰজনন ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ ডাৰ্ক চকলেটত থকা ক’ক’ ফ্লেভন’ইডে ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে ৷

হৃদযন্ত্ৰ উন্নত কৰে

ডাৰ্ক চকলেট হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী ৷ ই ৰক্তচাপ কমোৱাত সহায় কৰে, তেজ জমা হোৱাটো ৰোধ কৰে আৰু শিৰাবোৰ সুস্থ কৰি ৰাখে ৷ পুৰুষৰ যৌন স্বাস্থ্যৰ বাবেও হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ ৷

লগতে পঢ়ক:ডায়েবেটিছ ৰোগীয়ে ডাৰ্ক চকলেট খাব পাৰেনে ?

ABOUT THE AUTHOR

...view details