মেদবহুলতা: অত্যধিক চেনি সেৱন কৰিলে মেদবহুলতাৰ সমস্যাই দেখা দিয়ে । চেনিৰ কেলৰিৰ পৰিমাণ অতি বেছি, যাৰ ফলত ওজন বৃদ্ধি পায় ।
ডায়েবেটিছ:অত্যধিক চেনি সেৱন কৰিলে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । চেনিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত শৰীৰত ইনচুলিন উৎপাদন কমি যায় ।
হৃদৰোগ:অত্যধিক চেনি সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। চেনিয়ে বেয়া কলেষ্টেৰল বৃদ্ধি কৰে আৰু ৰক্তচাপ বৃদ্ধি কৰে, যিটো হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক ।
দাঁতৰ সমস্যা:অত্যধিক চেনি সেৱনে দাঁতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । চেনিয়ে মুখত বেক্টেৰিয়া বৃদ্ধি কৰে, যাৰ ফলত দাঁতত ফুটা আৰু দাঁতৰ গুৰিৰ ৰোগৰ সৃষ্টি কৰিব পাৰে ।
শক্তিৰ মাত্ৰা হ্ৰাস:চেনি খোৱাৰ পিছত প্ৰথম অৱস্থাত শক্তিৰ মাত্ৰা বৃদ্ধি পায় যদিও কিছু সময়ৰ পিছত কমি যায় ।
ছালৰ সমস্যা: অত্যধিক চেনি সেৱনৰ ফলত ছালৰ সমস্যা যেনে ব্ৰণ আৰু বলিৰেখাৰ সৃষ্টি হ’ব পাৰে ।
চেনি কেনেকৈ কম কৰিব ?
পানীয়ত চেনি কম কৰক: চ’ডা, পেকেটৰ ৰস আৰু অন্যান্য মিঠাযুক্ত পানীয়ৰ পৰিমাণ কম কৰক । লগতে ফাষ্টফুড তথা বিভিন্ন পেকেটত উপলব্ধ খাদ্য খোৱাটো কমাই দিয়ক ৷