ভাৰতত গুড় অতি জনপ্ৰিয়, যিটো কুঁহিয়াৰৰ ৰস বা তালৰ ৰসৰ পৰা তৈয়াৰ কৰা এবিধ প্ৰাকৃতিক মিঠা খাদ্য ৷ ই শোধিত চেনিৰ দৰে নহয়, ইয়াত আইৰণ, পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে কিছুমান প্ৰয়োজনীয় খনিজ পদাৰ্থ ধৰি থাকে কাৰণ ইয়াৰ প্ৰক্ৰিয়াকৰণ অতি কম ৷ কিন্তু গুড়ত থকা অণুপুষ্টিকৰ পদাৰ্থৰ পৰিমাণৰ বাবে ইয়াক বগা চেনিতকৈ স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ৷
এই কাৰণেই বহু ডায়েবেটিছ ৰোগীয়ে গুড়ৰ সলনি চেনি খোৱাৰ অভ্যাস গঢ়ি তোলে যদিও এই অভ্যাস সঠিক নহয় কাৰণ ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যও বেয়া হ’ব পাৰে ৷ ডায়েবেটিছ ৰোগীয়ে গুড় কিয় পৰিহাৰ কৰাটো উচিত এই বিষয়ে আজি পুষ্টিবিদ ড৹ সুচৰিতা সেনগুপ্তৰ পৰাই জানি লও আহক-
ডায়েবেটিছ ৰোগীয়ে কিয় গুড় পৰিহাৰ কৰাটো উচিত ?
১/ উচ্চ গ্লাইচেমিক সূচকাংক
গুড়ৰ গ্লাইচেমিক সূচকাংক বেছি, যাৰ বাবে ইয়াৰ আৰু শোধিত চেনিৰ মাজত বিশেষ পাৰ্থক্য নাথাকে ৷ অৰ্থাৎ ই তেজত শৰ্কৰাৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি কৰে ৷ ডায়েবেটিছ ৰোগীৰ বাবে গ্লুক’জৰ মাত্ৰা সুস্থিৰ কৰি ৰখাটো গুৰুত্বপূৰ্ণ, আৰু গুড়ৰ দৰে উচ্চ জিআইযুক্ত খাদ্য সামগ্ৰী গ্ৰহণ কৰিলে হঠাৎ স্পাইক হ’ব পাৰে, যাৰ ফলত ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে ৷
২/ শৰ্কৰানিয়ন্ত্ৰণ কৰিব নোৱাৰে