ভাৰতত অতীজৰে পৰা ঘিউৰ ৰুটি আৰু দালি খোৱাৰ প্ৰৱণতা দেখা গৈছে ৷ এনে বহুলোক আছে, যিয়ে ৰুটিত ঘিউ নিদিলে এনে অনুভৱ কৰে যেন খাদ্যৰ সোৱাদ আধৰুৱা ৷ কিন্তু মূল্যবৃদ্ধিৰ বাবে আজিকালি অতি কম সংখ্যক ঘৰতহে ৰুটিত ঘিউ প্ৰয়োগ কৰা হয় ৷ ইয়াৰ বাহিৰেও একাংশ লোকে ঘিউ দিয়া ৰুটি খোৱাৰ পৰা বিৰত থাকে কাৰণ তেওঁলোকে নিজৰ কলেষ্টেৰল বা মেদবহুলতা বৃদ্ধি হোৱাটো নিবিচাৰে ৷
এনে পৰিস্থিতিত ৰুটিত ঘিউ প্ৰয়োগ কৰিলে কি কি উপকাৰিতা সাধন হয় আৰু ইয়াৰ পৰা হ’ব পৰা কিবা পাৰ্শ্বক্ৰিয়া হ’ব পাৰে নেকি সেই বিষয়ে জনাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ ৷ ভাৰতত দীৰ্ঘদিন ধৰি তেলৰ ঠাইত ঘিউ ব্যৱহাৰ কৰি অহা হৈছে ৷ মানুহে ইয়াক ৰুটি, পৰঠা, দালি বা মিঠাইত সেৱন কৰি আহিছে ৷
কেৱল এয়াই নহয়, ইয়াৰ ঔষধি গুণৰ বাবে ঘিউ বহু ঔষধতো ব্যৱহাৰ কৰা হয় ৷ আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাত কেৱল দেশী ঘিউহে ব্যৱহাৰ কৰা হয় ৷ দৰাচলতে ঘিউ খোৱাতো কেৱল স্বাস্থ্যৰ বাবেই উপকাৰী হোৱাই নহয়, ছালত প্ৰয়োগ কৰিলেও ইয়াৰ পৰা বহু উপকাৰিতা পোৱা যায় ৷
কিন্তু কোৱা হয় নহয় যিকোনো বস্তুৰে অতিমাত্ৰা স্বাস্থ্যৰ পক্ষে হানিকাৰক সেয়ে অতিৰিক্ত ঘিউ সেৱন কৰিলেও আমাৰ স্বাস্থ্যৰ বাবে কেতিয়াবা ক্ষতিকাৰক হ’ব পাৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে ঘিউ খোৱাৰ উপকাৰিতা তথা অপকাৰিতা দুয়োটাই জানি লওক আহক-
লগতে পঢ়ক:ঘিউৰ সৈতে কফি খোৱাৰ এই উপকাৰিতা জানি আপুনিও হৈ পৰিব আচৰিত