অসম

assam

ETV Bharat / health

শিশুৰ বাবে মাতৃদুগ্ধই পৰ্যাপ্ত নহয়: অধ্যয়ন - foods to infants

Breast Milk: নৱজাতকক সুস্থ কৰি ৰাখিবলৈ খুওৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় বুলি দাবী কৰিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ) - নেচনেল ইনষ্টিটিউট অৱ নিউট্ৰিচন (এনআইএন)ৰ শেহতীয়া এক অধ্যয়নযোগে ৷ স্তনপানৰ লগতে পৰ্যাপ্ত আৰু উপযুক্ত পৰিপূৰক খাদ্য খুওৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে অধ্যয়নটোত ৷ ছমাহ বয়স সম্পূৰ্ণ হোৱাৰ পিছত শিশুৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিব লাগে বুলি উল্লেখ অধ্যয়নটোত । এই সন্দৰ্ভত ইটিভি ভাৰতৰ গৌতম দেৱৰয়ৰ বিশেষ প্ৰতিবেদন---

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:21 PM IST

Breast Milk Alone Not Adequate for Infants to Sustain Optimal Growth beyond Six Months of Age: Study
শিশুৰ বাবে মাতৃদুগ্ধই পৰ্যাপ্ত নহয়:অধ্যয়ণ (Etv bharat assam)

নেশ্যনেল ডেস্ক, 8 মে’:ছমাহ বয়সৰ পাছতো শিশুৰ প্ৰয়োজনীয় দেহৰ বৃদ্ধি বজাই ৰাখিবলৈ কেৱল মাতৃদুগ্ধই পৰ্যাপ্ত নহয় বুলি পুনৰ উল্লেখ কৰি ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)-নেচনেল ইনষ্টিটিউট অৱ নিউট্ৰিচন (এনআইএন)ৰ এক নতুন অধ্যয়নে উপযুক্ত খাদ্যৰ সৈতে সময়মতে পৰিপূৰক খাদ্য দিবৰ বাবে পৰামৰ্শ আগবঢ়াইছে ৷

অধ্যয়নটোত কোৱা হৈছে, “ছমাহ বয়স সম্পূৰ্ণ হোৱাৰ পাচত শিশুৰ দ্ৰুত বৃদ্ধি আৰু পুষ্টিকৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে স্তনপানৰ লগতে পৰ্যাপ্ত উপযুক্ত পৰিপূৰক খাদ্য খুওৱাটো অতি প্ৰয়োজনীয় ।”

ইয়াৰ উপৰিও পৰিপূৰক খাদ্যৰ লগতে কমেও দুবছৰলৈকে স্তনপান অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছিল ।

অধ্যয়নটোত উল্লেখ কৰা হৈছে, “মাতৃদুগ্ধ শিশুৰ বাবে সৰ্বোত্তম আৰু সম্পূৰ্ণ খাদ্য । কিন্তু প্ৰায়ে শিশুৱে খাদ্য তুলি খাবলৈ সক্ষম নোহোৱা পৰ্যন্ত শিশুৰ বাবে কেৱল মাতৃদুগ্ধই যথেষ্ট বুলি বিশ্বাস কৰি ছমাহৰ ওপৰতো শিশুক কেৱল স্তনপান কৰাই থকা হয় । এনে বিশ্বাসৰ ফলত পৰিপূৰক খাদ্য প্ৰদানৰ অভাৱত শিশুসকলৰ দেহত অপুষ্টিৰ সৃষ্টি কৰে, কিয়নো ছমাহৰ পৰা অনুকূল বৃদ্ধি আৰু বিকাশৰ বাবে পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কেৱল মাতৃদুগ্ধই যথেষ্ট নহয় । গতিকে উপযুক্তভাৱে প্ৰস্তুত কৰা পৰিপূৰক খাদ্য ছমাহৰ পিছত খুৱাব লাগে । খাদ্যৰ নিৰ্বাচন, খুৱাবলগীয়া পৰিমাণ, খাদ্যৰ সামঞ্জস্যতা আৰু খুওৱা তথা খাদ্য প্ৰদানৰ পদ্ধতি অতি গুৰুত্বপূৰ্ণ ।"

পৰিপূৰক খাদ্য কি: শিশুৰ ছমাহ হ’লে শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে কেৱল মাতৃদুগ্ধ (মাতৃৰ গাখীৰ) বা একচেটিয়াভাবে স্তনপান কৰোৱায় পৰ্যাপ্ত নহয় । সেয়েহে 6 মাহৰ পৰা 12 মাহৰ পৰা স্তনপান কৰি থকা শিশুক অলপ টান খাদ্য খুৱাই মাতৃদুগ্ধৰ পৰিপূৰক হিচাপে দিব লাগে ।

পৰিপূৰক খাদ্য কিয় আৰু কেতিয়া খুৱাব লাগে: জীৱনৰ প্ৰথম ছমাহত কেৱল মাতৃৰ গাখীৰ বা একচেটিয়াভাবে স্তনপান কৰাই শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে পৰ্যাপ্ত । শিশুৰ বাবে শৰীৰৰ ওজনৰ প্ৰতি কিলোগ্ৰামত সকলো পুষ্টিকৰ উপাদানৰ প্ৰয়োজনীয়তা বেছি কাৰণ ই দ্ৰুত বৃদ্ধিৰ পৰ্যায়ত থাকে । তদুপৰি ছমাহৰ পৰা মাতৃদুগ্ধৰ ঘনত্বৰ লগতে পুষ্টিকৰ উপাদানৰ ঘনত্বও হ্ৰাস পায় ।

পৰিপূৰক খাদ্যত কি কি অন্তৰ্ভুক্ত কৰিব লাগে: 6 মাহৰ পৰা 12 মাহৰ ভিতৰত শিশুৰ বাবে মুঠ শক্তি আৰু প্ৰ’টিনৰ প্ৰয়োজনীয়তা ক্ৰমে 650 ৰ পৰা 720 কিলো কেল’ৰি/দিন, আৰু 9-10.5 গ্ৰাম/দিন । কিন্তু, ছমাহৰ পিছত মাতৃদুগ্ধই প্ৰতিদিনে গড়ে প্ৰায় 500 কিলোকেলৰি আৰু 5 গ্ৰাম প্ৰ’টিন প্ৰদান কৰে, যিটো ছমাহ বয়সৰ পিছত শিশুৰ অনুকূল বৃদ্ধিৰ বাবে অপৰ্যাপ্ত । সেয়েহে ছমাহ বয়সৰ শিশুৰ বাবে পৰিপূৰক খাদ্য দিয়াটো অতি গুৰুত্বপূৰ্ণ ।

কেঁচুৱাক কেনেকৈ পৰিপূৰক খাদ্য দিব লাগে:অধ্যয়নৰ তথ্য অনুসৰি ছমাহৰ পিছত পৰিপূৰক খাদ্য দিয়াৰ সময়ত 4-5 দিন পাতল কিন্তু পানীৰ দৰে নহয় দালিৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে ইয়াৰ ডাঠ বৃদ্ধি কৰি দিব লাগে ( ভালদৰে গুড়ি কৰা/মিহি কৰা খাদ্য) । নতুন খাদ্য (ধানৰ গুড়ি, আলু পিটিকা, ভাপত দিয়া আৰু মিহি কৰা আপেল আদি), এটা এটাকৈ অন্তৰ্ভুক্ত কৰক আৰু শিশুৰ দেহে এই খাদ্য গ্ৰহণ কৰিবলৈ একেৰাহে 4-5 দিন নিয়মিতভাৱে খুৱাই থাকিব লাগে । ইয়াৰ ফলত শিশুটিক প্ৰৱৰ্তন কৰা খাদ্যৰ সৈতে অভ্যস্ত কৰোৱাই নহয়, ইয়াৰ লগত জড়িত খাদ্যই শিশুটিৰ অসহিষ্ণুতা বা এলাৰ্জীৰ সম্ভাৱনীয়তা থাকিলেও অভিভাৱক অৱগত হ’ব পাৰিব ।

নূন্যতম আহাৰ খোৱাৰ সময়: শিশুৰ বয়স আৰু শিশুৱে বৰ্তমান স্তনপান কৰাই আছে নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰি শিশুৰ বাবে স্তনপানৰ বাহিৰেও প্ৰয়োজনীয় নূন্যতম আহাৰ ভিন্ন হয় । 6-8 মাহ বয়সত স্তনপান কৰা শিশুক দিনটোত কমেও দুবাৰকৈ পৰিপূৰক খাদ্য দিব লাগে আৰু 9-24 মাহৰ ভিতৰত এই খাদ্যৰ পৰিমাণ দিনটোত কমেও তিনিবাৰলৈ বৃদ্ধি কৰিব লাগে । 6-24 মাহ বয়সৰ স্তনপান নকৰা শিশুক গাখীৰৰ উপৰিও দিনটোত কমেও চাৰিবাৰকৈ খুৱাব লাগে ।

গ্ৰহণ কৰিবলগীয়া ‘পৰিচ্ছন্নতাৰ পদ্ধতি’সমূহ কি: আইচিএমআৰ-এনআইএনে কয় যে বেছিভাগ সময়তে, মাতৃ আৰু শিশুৰ যত্ন লোৱা লোকসকলে অনুসৰণ কৰা অস্বাস্থ্যকৰ পদ্ধতিৰ ফলত শিশৰ ডায়েৰিয়া হয় । স্বাস্থ্যসন্মত পদ্ধতিসমূহ যাতে ভালদৰে পালন কৰা হয়, সেয়া নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ । খাদ্যৰ সকলো উপাদান ভালদৰে পৰিষ্কাৰ কৰিব লাগে । শাক-পাচলি কটাৰ আগতে দূষিত পদাৰ্থ, পৰজীৱী, কীটনাশক পদাৰ্থ আঁতৰাবলৈ ভালদৰে ধুব লাগে ।

অধ্যয়নটোত আৰু কোৱা হৈছে, “শাক-পাচলি ভাপত সিজোৱাটো ভাল যাতে ৰন্ধা-বঢ়াৰ ফলত পুষ্টিকৰ উপাদানবোৰৰ উচিত প্ৰয়োগ হয় । খাদ্য প্ৰস্তুত কৰাৰ সময়ত বা শিশুক খুৱাওঁতে মাতৃ আৰু যত্ন লোৱাসকলে উপযুক্তভাবে নিজক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে । ৰন্ধা-বঢ়া আৰু খুৱাবলৈ ব্যৱহাৰ কৰা বাচন-বৰ্তন ভালদৰে ধুব লাগে । যিহেতু খুৱাই দিয়াটো সময়সাপেক্ষ হোৱাৰ সম্ভাৱনা থাকে, সেয়েহে শিশুক খুৱাবলৈ ব্যৱহাৰ কৰা কাপ বা প্লেট বা আন যিকোনো খাদ্যৰ বাচন ঢাকি ৰাখিব লাগে যাতে ইয়াত মাখি আৰু পোক-পৰুৱা আদি নপৰে ।"

লগতে পঢ়ক:শিশুৰ ডায়েৰীয়া হ’লে ORS খুওৱাটো কিমান প্ৰয়োজনীয় ? - Child Health Care

ABOUT THE AUTHOR

...view details