কিশোৰসকলৰ বাবে শালমইনা সততে দেখা এক সমস্যা । হৰম’নৰ পৰিৱৰ্তনৰ বাবে কৈশোৰ অৱস্থাত শালমইনা হয় ৷ শালমইনা সাধাৰণতে মুখত দেখা যায় যদিও কিছু লোকৰ পিঠি, বুকু আৰু কান্ধতো ওলোৱা দেখা যায় ৷ এই শালমইনাৰ ফলত বহুত বিষ অনুভৱ কৰিবলগীয়া হয় ৷ সেইবাবে আমি আজি আপোনালোকলৈ লৈ আহিছো এনে টিপছ, যাৰ জড়িয়তে আপুনি শালমইনাৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰিব...
মুখখন পৰিষ্কাৰ কৰি ৰাখক :
দিনত দুবাৰকৈ মুখ ধুব । ই ছালৰ তৈলাক্ততা হ্ৰাস কৰে । মৃত কোষবোৰ নোহোৱা হয় । অৱশ্যে আপোনাৰ মুখখন সঘনাই ধোৱে তেনেহ’লে, ই ভালতকৈ বেছি ক্ষতিহে কৰিব । কঠোৰ চাবোনে ছালৰ খজুৱতি কৰিব পাৰে । ডাঠ চাবোন ব্যৱহাৰ নকৰিব । টাৱেলেৰে জোৰেৰে মুখ ঘঁহিব নালাগে । কোমল টাৱেলেৰে মুখ মচিব ৷
শালমইনাবোৰ নুফুটাব :
সঘনাই মুখ স্পৰ্শ কৰিলে হাতৰ পৰা বেক্টেৰিয়া বিয়পিব পাৰে । ইতিমধ্যে আপোনাক ফুলি থকা ছালখনে অশান্তি কৰি থাকে ৷ শলমইনাবোৰ খজুৱাব অথবা টিপিব নালাগে ৷ ই বেক্টেৰিয়াক আৰু প্ৰৱেশ কৰি অধিক সংক্ৰমণ কৰিবলৈ সুবিধা কৰি দিয়ে ৷
মলম :
ফাৰ্মচীত উপলব্ধ মলমবোৰ শালমইনা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি । ইয়াৰে বেছিভাগতে বেঞ্জাইল পেৰোক্সাইড, চেলিচিলিক এচিড, গ্লাইকলিক এচিড আৰু লেক্টিক এচিড থাকে । এইবোৰে বেক্টেৰিয়া ধ্বংস কৰে । প্ৰথম অৱস্থাতেই এইসমূহ লগাব লাগে ৷ মলমৰ প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিহে মলম ব্যৱহাৰ কৰক ৷
মেক-আপৰ প্ৰতি সাৱধান হ'ব:
ৰাতি শোৱাৰ আগত মেক আপ পৰিস্কাৰ কৰি শুৱক ৷ সম্ভৱ হ'লে তেলমুক্ত প্ৰসাধন ব্যৱহাৰ কৰিব ।
চেম্পুৰে মূৰ ধোৱক :