আজিকালি সকলোৱে ওজন কমাবলৈ তৎপৰ হৈ পৰিছে ৷ বিভিন্ন ধৰণৰ ওজন কমাব পৰা পদ্ধতি আৰু ডায়েট প্লেন ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ থাকে ৷ কিন্তু আপুনি জানেনে বাৰু Artificial Intelligence (AI) য়েও এতিয়া আপোনাক ওজন কমোৱাত সহায় কৰিব পাৰে ?
শেহতীয়াকৈ এটা AI chatbot ৰ এটি উত্তৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ইয়াত এজন ব্যৱহাৰকাৰীয়ে চেটবটক সুধিছিল যে ১ মাহত ৫ কেজি ওজন কেনেকৈ হ্ৰাস কৰিব পাৰি ? এই প্ৰশ্নৰ উত্তৰত AI এ কয় যে ১ মাহত ৫ কেজি ওজন কমাবলৈ হ’লে প্ৰতিদিনে ৫ কেজি ওজন তুলিব লাগিব ৷ এই উত্তৰ শুনি ব্যৱহাৰকাৰীয়ে হাঁহিলে আৰু ক'লে, "এইটো এটা কৌতুক ৷"
ইয়াৰ পিছত এআইয়ে উত্তৰত ক’লে, ‘‘ঠিক আছে ৷ কিন্তু আপুনি ওজন কমাবলৈ হ’লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু সুস্থ জীৱনশৈলী গ্ৰহণ কৰিব লাগিব ৷ AI-ৰ এই উত্তৰ বহুতে ভাল পাইছিল আৰু ছচিয়েল মিডিয়াত ইয়াক ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছিল ৷ অৱশ্যে এইটোও সঁচা যে কেৱল কঠোৰ পৰিশ্ৰমেই ওজন কমোৱাৰ ক্ষেত্ৰত যথেষ্ট নহয় ৷ খাদ্যাভ্যাস আৰু নিয়মিত ব্যায়ামতো পৰিৱৰ্তন কৰিব লাগিব ৷
দ্ৰুতগতিত ওজন হ্ৰাসৰ টিপছ
কেলৰি গ্ৰহণ হ্ৰাস কৰা
ওজন কমাবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কেলৰিৰ পৰিমাণ কম কৰা ৷ অৰ্থাৎ আপুনি যিমান কেলৰি বাৰ্ণ কৰে তাতকৈ কম কেলৰি সেৱন কৰিব লাগিব ৷
স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক