গুৱাহাটী, 5 ফেব্ৰুৱাৰী : গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ নিজৰ সম্পূৰ্ণ যত্ন লোৱাটো উচিত ৷ লগতে এই সময়ছোৱাত মহিলাগৰাকীয়ে নিজৰ খাদ্যৰ আৰু অন্যান্য দিশৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগে ৷ গৰ্ভধাৰণৰ ক্ষেত্ৰত বৰ্তমান এটা মন কৰিবলগীয়া বিষয় হৈছে গৰ্ভধাৰণৰ সময় ৷
চিকিৎসকসকলৰ মতে, গৰ্ভধাৰণ ৩০ বছৰৰ পূৰ্বে সমাপ্ত হ'ব লাগে ৷ এগৰাকী মহিলাই যদি ৩০ বছৰৰ পূৰ্বে গৰ্ভধাৰণ কৰে তেন্তে গৰ্ভধাৰণৰ সময়ছোৱাত হোৱা কিছু আনুসংগিক ৰোগৰ সম্ভৱনা যথেষ্টখিনি কমি যায় ৷
গৰ্ভধাৰণৰ সময়ছোৱাত কেনেদৰে নিজৰ যতন ল'ব ?
১)গৰ্ভৱতী মহিলা সকলে গৰ্ভধাৰণৰ সময়ছোৱাত তিনিটা পৰ্যায়ত, প্ৰতি ১২ সপ্তাহৰ মূৰে মূৰে গৰ্ভৱতী মহিলাসকলে চিকিৎসকৰ ওচৰত যোৱাটো আৱশ্যক ৷ প্ৰথম পৰ্যায়ত ওজন, ৰক্তচাপ আদি পৰীক্ষা কৰাৰ লগতেই থাইৰয়ড, চুগাৰ আদিকে ধৰি কিছু পৰীক্ষা কৰাটো আৱশ্যক ৷ প্ৰথম পৰ্যায়ত সাধাৰণতে ফলিক এচিডৰ ঔষধ দিয়া হয় ৷ যাৰ ফলৰ শিশুটিৰ মগজুৰ বিকাশ হোৱাত সহায় হয় ৷
২)গৰ্ভৱতী মহিলা এগৰাকীয়ে সাধাৰণ দৈনন্দিন কামসমূহ কৰি থাকিব পাৰে ৷ কেৱল বেছি ওজন আদি দাঙিব নালাগে ৷