শিশুৰ চকলেটৰ প্ৰতি দুৰ্বলতা সকলোৰে জ্ঞাত ৷ অভিভাৱকৰ বাবে বহু সময়ত সন্তানক চকলেটৰ পৰা আঁতৰত ৰখাটো কঠিন হৈ পৰে ৷ কিন্তু কেতিয়াবা ভাবি চাইছেনে চকলেটৰ উপকাৰিতাৰ বিষয়ে...
দৈনিক এটাকৈ চকলেট খোৱাটো বহুতৰে অভ্যাস ৷ কিছুমানে সুখৰ সময়ত কিছুমানে আকৌ দুখৰ সময়ত চকলেট এটা খাবলে বিচাৰেই ৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে প্ৰিয় এই চকলেট ৷ কিন্তু জানিবলৈ মন নাযায়নে এই চকলেটৰ উপকাৰিতা আছেনে নাই ? বহুতে হয়তো নাজানে ক’ক’ বিনত প্ৰচুৰ পৰিমাণে চৰ্বি, ভিটামিন, খনিজ পদাৰ্থ আৰু ফেনলিক যৌগ থাকে যিয়ে বি পি হ্ৰাস কৰে ।
আজিকালি উৎসৱসমূহ যেন চকলেট অবিহনে আধৰুৱা ৷ দোকানবোৰত বিভিন্ন আকাৰ-প্ৰকাৰৰ চকলেট নানাৰঙী বাকচত যেনেদৰে সজাই ৰাখে, নাচাও বুলিলেও চকু টান মাৰি নিয়ে ৷ চুপাৰ মাৰ্কেটৰ পৰা আৰম্ভ কৰি শ্বপিং মলসমূহত চকলেটৰ যি পয়োভৰ, সন্তানক লৈ তেনেকুৱা ঠাইলৈ যোৱাৰ আগতে অভিভাৱকে বহুত ভাবিবলগীয়া হয় ৷ কাৰণ সেই চকলটে দেখিলে খাবলৈ মন যোৱাটো স্বাভাৱিক ৷ তেনেক্ষেত্ৰত সন্তানক চকলেটৰ পৰা দূৰত ৰখাটো অভিভাৱকৰ বাবে কঠিন হৈ পৰে ৷
চকলেটত কি আছে ! চকলেটৰ স্বাস্থ্যৰ বাবে সম্ভাব্য উপকাৰ আছে । ক’ক’ বিনত প্ৰচুৰ পৰিমাণে চৰ্বি, ভিটামিন, খনিজ পদাৰ্থ আৰু ফেনলিক যৌগ (বা ফাইটোকেমিকেল) থাকে যিয়ে ৰক্তচাপ কমায় । কিন্তু এই ফেনলিক যৌগবোৰৰ সোৱাদ ইমানেই তিতা যে কেঁচা ক’ক’ প্ৰায় অখাদ্যৰ দৰে হৈ পৰে । এইখিনিতে আহি পৰে খাদ্য প্ৰক্ৰিয়াকৰণৰ পদক্ষেপ । মিল্ক চকলেট বনাবলৈ চেনি, গাখীৰৰ চৰ্বি আৰু অন্যান্য উপাদান মিহলি কৰা হয় য’ত ক’ক’ৰ পৰিমাণ কমি যায় । বগা চকলেটত পৰিণত হোৱাৰ সময়লৈকে ক'ক' সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায় । সামগ্ৰিকভাৱে চকলেটৰ স্বাস্থ্য উপকাৰিতাৰ ওপৰত কৰা অধ্যয়নত চকলেট আমাৰ স্বাস্থ্যৰ বাবে ভাল বুলি অতি দুৰ্বলভাৱে প্ৰমাণ পোৱা গৈছে ।
ক’ক’ আৰু ফাইটোকেমিকেলৰ পৰিমাণ বেছি থকা অতি গাঢ় আৰু তিতা চকলেটৰহে উপকাৰিতা থাকে, যিটো শিশুৱে ভাল নাপায় । ডাৰ্ক চকলেটে কেতিয়াবা প্ৰাপ্তবয়স্কসকলক "মুড বুষ্ট" দিয়ে কাৰণ ইয়াত কেফেইন থাকে ।