অসম

assam

ETV Bharat / health

শিশুৰ ডায়েৰীয়া হ’লে ORS খুওৱাটো কিমান প্ৰয়োজনীয় ? - Child Health Care - CHILD HEALTH CARE

Child Care: ফাগুন-চ'ত মাহৰ এই সময়ছোৱাত বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ শিশুসকলক ORS খুওৱাব লাগেনে ? ORSৰ বিকল্প কি এই সন্দৰ্ভত জনালে শিশুৰোগ বিশেষজ্ঞা জুতিকা তহবিলদাৰে ৷

Child care
শিশুৰ ডায়েৰীয়া হ’লে ORS খুওৱাটো কিমান প্ৰয়োজনীয় ?

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 6:49 PM IST

শিশুৰোগ বিশেষজ্ঞা জুতিকা তহবিলদাৰ

গুৱাহাটী, 21 মাৰ্চ: ফাগুন- চ'ত মাহৰ এই সময়ছোৱাত ঋতু পৰিবৰ্তন তথা বতাহৰ বাবে বিশেষকৈ শিশুসকলৰ ডায়েৰীয়া, বমি আদি হোৱা দেখা যায় ৷ ডায়েৰীয়া আৰু বমিৰ হোৱাৰ ফলত শিশুটিয়ে খাদ্য খাব নোৱাৰা হয় আৰু ডিহাইড্ৰেচনত ভোগা দেখা যায় ৷ কাৰণ বমি হোৱাৰ ফলত শৰীৰৰ পৰা পানী ওলাই যায় আৰু শিশুটি দুৰ্বল হৈ পৰে ৷ বমি বন্ধ হোৱাৰ পাছত ডায়েৰীয়া হোৱা দেখা যায় ৷ সাধাৰণতে শিশুৰ ডায়েৰীয়া আৰু বমি ভাইৰাছ জনিত কাৰণত হোৱা দেখা যায় ৷ এনে হ'লে শিশু সকলক ORS খাবলৈ দিয়া হয় ৷ কাৰণ বমি আৰু শৌচৰ দ্বাৰা শৰীৰৰ পৰা যিখিনি ছ'ডিয়াম, পটাচিয়াম আদি বাহিৰ হৈ যায় সেইখিনি ORSত উপযুক্ত পৰিমাণে থাকে ৷ কিন্তু ORS দিওঁতে মন কৰিব যি ORS পেকেট WHO স্বীকৃতিপ্ৰাপ্ত সেয়াহে শিশুক খুওৱাব লাগে ৷

ORS কেনেদৰে খুওৱাব লাগে ?

ORS ৰ মিহলি কৰা পদ্ধতিটো সদায় শুদ্ধ হ'ব লাগে ৷ বজাৰত যিহেতু সৰু আৰু ডাঙৰ দুয়োটা ধৰণৰ পেকেট পোৱা যায় ৷ সৰু পেকেটবোৰ সদায় ২৫০ml পানীত এটা পেকেট মিহলি কৰি খুৱাব লাগে আৰু ডাঙৰ পেকেটবোৰ সদায় ১ লিটাৰ পানীত একেলগে মিহলি কৰিব লাগে ৷ বহুতে অকণমান ORS ৰ গুৰি আৰু অকমান পানী মিহলি কৰি খুওৱা দেখা যায়, কিন্তু সেয়া শুদ্ধ পদ্ধতি নহয় ৷ ORS মিহলি কৰা পানী ২৪ ঘণ্টালৈ ভালে থাকে ৷

ORSৰ বিকল্প কি ?

ঘৰত যদি ORS নাথাকে বা ORS আনিবৰ বাবে সুবিধা নাথাকে তেতিয়া বিকল্প হিচাপে বিশুদ্ধ পানীত এচিকুট নিমখ আৰু এচিকুট চেনি দি ভালদৰে মিহলি কৰি শিশুটিক খুৱাব পাৰে ৷

ডায়েৰীয়া হ’লে শিশুটিক কি খুওৱাব ?

ডায়েৰীয়া হ'লে সাধাৰণভাৱে ভাত-দাইল, পকা কল, কাচকল আদি খুৱাব পাৰে ৷ অলপ সময়ৰ মূৰে মূৰে অকমান আৰু ঘনকৈ শিশুটিক খাবলৈ দিব লাগে ৷

লগতে পঢ়ক:গাঁঠিৰ বিষত ভুগিছে নেকি ? তেন্তে চজিনাই কৰিব সহায়

ABOUT THE AUTHOR

...view details