প্ৰায় ৰোগীয়ে কয়-"মোৰ দাঁত পোকে খাইছে ৷ কেতিয়াবা সকাহ পাও যদি আৰু কেতিয়াবা কিবা খালেই খুব বিষাবলৈ আৰম্ভ কৰে ৷'' দৰাচলতে দাঁতৰ পোক বুলি কোনো ৰোগ নাই ৷ দাঁত পোকে খোৱাটো এক ভ্ৰান্ত ধাৰণাহে মাথো ৷ দাঁতৰ এনে বিষ বিভিন্ন কাৰণত হ'ব পাৰে ৷ সাধাৰণতে দেখা যায় খাদ্যবস্তু খোৱাৰ পিছত দাঁত ভালদৰে পৰিষ্কাৰ নকৰিলে সেইবোৰ দাঁতৰ ফাঁকত সোমাই যায় ৷ ইয়াতেই বিভিন্ন ধৰণৰ ৰাসায়নিক সৃষ্টি হৈ দাঁতত কলা বৰণ হ'বলৈ ধৰে ৷ এই ৰাসায়নিকে দাঁতৰ ক্ষতি সাধন কৰে ৷ ফলত ই কলা পৰে ৷ এনে অৱস্থাত যদি অৱহেলা কৰি চিকিৎসা নকৰে তেন্তে পিছত বিষ অনুভৱ হয় । যদি দাঁত পচিবলৈ আৰম্ভ কৰে তেন্তে ইয়াৰ ফলত যথেষ্ট বিষ অনুভৱ হয় আৰু লগতে গোন্ধ ওলাবলৈ আৰম্ভ কৰে । দাঁতৰ বিষৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজত অনেক অসুবিধাৰ সৃষ্টি হয় । সাধাৰণতে আমাৰ নিজৰ ভুলৰ বাবেই দাঁতবোৰ ক্ষয় হ’বলৈ আৰম্ভ কৰে । আমাৰ দাঁত আৰু দাঁতৰ গুৰি কেনেকৈ সুস্থ কৰি ৰাখিব লাগে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-
দাঁতৰ যত্ন কেনেকৈ লব ?
১) এনে খাদ্য খাওক
- কেলচিয়ামসমৃদ্ধ খাদ্য, যেনে কম চৰ্বিযুক্ত গাখীৰ, দৈ আৰু পনিৰ, আৰু চ’য়াৰ গাখীৰ ।
- কণী, মাছ, মাংস, দুগ্ধজাত খাদ্য, বাদাম আৰু বীনত পোৱা ফচফৰাছ ।
- ভিটামিন চি, য’ত টেঙা ফল, বিলাহী, জলকীয়া, ব্ৰকলি, আলু আৰু পালে আদি অন্তৰ্ভুক্ত ।
২) দৈনিক মুখখন ভালদৰে কৰক পৰিষ্কাৰ