অসম

assam

ETV Bharat / health

সকলো প্ৰতিষেধকৰে কম-বেছি পৰিমাণে পাৰ্শ্বক্ৰিয়া থাকে : কেশৱ মহন্ত - Covishield side affect

Keshab Mahanta: ক’ভিড-19ৰ প্ৰতিষেধক প্ৰথমে স্বাস্থ্যকৰ্মী, চিকিৎসকসকলেই লৈছিল ৷ গতিকে পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভত হৈ থকা আলোচনা অমূলক বুলি কৈছে স্বাস্থ্যমন্ত্ৰীয়ে ৷ সকলো প্ৰতিষেধকৰে কম-বেছি পৰিমাণে পাৰ্শ্বক্ৰিয়া থাকে বুলি মন্তব্য কেশৱ মহন্তৰ ৷

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:54 PM IST

Keshab Mahanta on Covishield
কলিয়াবৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য (ETV Bharat Assam)

কলিয়াবৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য (ETV Bharat Assam)

কলিয়াবৰ, 8 মে’ : ৰাজ্য তথা দেশত ক'ভিড প্ৰতিষেধক ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত যি এক পৰিৱেশৰ সৃষ্টি হৈছে, সেই লৈ মন্তব্য প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ তেওঁ কয় যে, ক’ভিড প্ৰতিষেধক পোন প্ৰথমে দেশৰ স্বাস্থ্যকৰ্মী, চিকিৎসকৰ লগতে ক’ভিডকৰ্মীসকলেই লৈছিল । গতিকে, সেই চিন্তা অমূলক ।

তদুপৰি প্ৰতিটো প্ৰতিষেধকৰে কম-বেছি পৰিমাণে পাৰ্শ্বক্ৰিয়া থাকেই বুলি মন্তব্য কৰি কেশৱ মহন্তই কয় যে এই পাৰ্শ্বক্ৰিয়া ছমাহৰ অধিক সময় নাথাকে বুলি বিশেষজ্ঞ চিকিৎসকসকলে প্ৰকাশ কৰিছে ৷ তেনেস্থলত শংকিত হোৱাৰ কাৰণ দেখা নাই বুলি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে ।

উল্লেখ্য যে শেহতীয়াকৈ ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এতিয়ালৈকে বৰাকত দুটি শিশুৰ মৃত্যু হৈছে । যোৱা দুদিন পূৰ্বে হাইলাকান্দিত ফাৰহানা খানম নামৰ ডেৰ বছৰীয়া এটি শিশু কন্যাৰ মৃত্যু হৈছিল । তাৰ পিচতেই যোৱা নিশা কাছাৰত এটি চাৰি মহীয়া শিশু মৃত্যু হৈছে । ছোৱাইন ফ্লুৰ ক্ষেত্ৰত H1N1আৰু H3N2 ভাইৰাছৰ পৰা সাধাৰণতে হয় । গাহৰি, চৰাই আৰু মানুহৰ শৰীৰতো হয় এই বেমাৰ ।

ডিব্ৰুগড়ৰ ফালে দুজনৰ শৰীৰত কলেৰা হৈছিল । তাৰ পিচতে স্বাস্থ্য বিভাগে যাৱতীয় টেষ্ট আৰু তৎকালিন ব্যৱস্থা গ্ৰহণ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে । ৰাজ্যৰ স্বাস্থ্য বিভাগে ইতিমধ্যে সমগ্ৰ পৰিস্থিতিৰ তদাৰক কৰাৰ লগতে স্বাস্থ্য সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও কয় কেশৱ মহন্তই ।

উল্লেখযোগ্য যে, ছোৱাইন ফ্লুৰ লক্ষণবোৰ সাধাৰণ ফ্লুৰ দৰেই মানুহৰ গাত দেখা দিয়ে । সাধাৰণতে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ দুইৰ পৰা সাত দিনৰ ভিতৰত দেখা দিয়া লক্ষণবোৰ হ’ল- জ্বৰ, কাহ, মাত বহি যোৱা, ডিঙি চেকচেকাই থকা, ডিঙিৰ বিষ, গাৰ বিষ, মূৰৰ বিষ, অত্যধিক ঠাণ্ডা অনুভৱ কৰা, নাক বন্ধ হোৱা, খোৱা-বোৱাত ৰুচি নোহোৱা আৰু ভাগৰুৱা বোধ কৰা ইত্যাদি ।

ছোৱাইন ফ্লু হোৱা কিছু লোকৰ ডায়েৰিয়া আৰু বমিও হ’ব পাৰে । আন সাধাৰণ ফ্লুৰ দৰে ছোৱাইন ফ্লু দীৰ্ঘম্যাদী হ’লে, ৰোগীৰ জটিল অৱস্থা নিউম'নিয়া আৰু এনকেফেলাইটিছ (মূৰ্ছা যোৱা, অজ্ঞান হোৱা, পেৰালাইছিচ আদি) আদি হ’ব পাৰে । নিউম'নিয়া, উশাহ-নিশাহত কষ্ট পোৱা, ডিহাইড্ৰেচন, বৃক্ক অচল হোৱা, যকৃত অচল হোৱা, মাল্টিঅৰ্গেণ ফেইলাৰ, ৰেব্ডোমায়োলাইছিছ, মায়োকাৰ্ডাটিছ আদি হৈয়ো এনে ৰোগীৰ মৃত্যু হ’ব পাৰে ।

সাধাৰণতে শিশু (বিশেষকৈ এছপিৰিন খোৱা), গৰ্ভৱতী মহিলা আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ, ডায়েবেটিছ, ক্ৰনিক হাৰ্ট ডিজিজ, বৃক্ক, যকৃত আদিৰ পুৰণা ৰোগ থকা ব্যক্তিৰ জটিলতা হোৱাৰ আশংকা অধিক দেখা যায় ।

লগতে পঢ়ক:প্ৰস্তুতকৰ্তা কোম্পানীয়েই বন্ধ কৰিলে ক’ভিশ্বিল্ড, দৰ্শালে কাৰণ

ABOUT THE AUTHOR

...view details