মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে নিস্তেজ হৈ থাকিব । আজি আপুনি ভাগৰুৱা, এলেহুৱা আৰু অস্থিৰ অনুভৱ কৰিব । আজি হতাশ হৈ থাকিব কাৰণে কোনো কাম কৰাৰ ইচ্ছাই নাযাব আপোনাৰ । আপোনাৰ বিৰক্তি ভাৱক লৈ আপুনি আজি বিশেষকৈ সাৱধান হ'ব লাগিব । সৰু-সুৰা কথাত খং উঠিব পাৰে । ঘৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক, কাকো আঘাত দি কথা নক'ব । এনেকুৱা কৰিলে পিছলৈ আপোনাৰ ক্ষতি হ'ব পাৰে । আপুনি আজি ধৰ্মীয় ৰীতি-নীতিত অংশগ্ৰহণ কৰিব পাৰে ।
বৃষ ৰাশি : আজিৰ দিনটো আপোনাৰ স্বাস্থ্যৰ বাবে বৰ ভাল নহয় । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ থাকিব পাৰে । নতুন প্ৰকল্প বা উদ্যোগ আৰম্ভ কৰাৰ বাবে দিনটো ভাল নহয় । ভোজনক লৈ সতৰ্ক থাকক । অস্বাস্থ্যকৰ খাদ্য খালে অৱস্থা বেয়া হ'ব পাৰে । ভ্ৰমণ এৰাই চলক । আজি আপুনি যি যি কাম কৰিব বুলি ভাবি থৈছিল সেইবোৰ শেষ কৰিব নোৱাৰিব । সকলো কথাক সহজভাৱে লওঁক । ধ্যান কৰিলে ভাল পাব ।
মিথুন ৰাশি : আজি গোটেই দিনটো আপুনি আনন্দ-ফূৰ্তিৰে কটাই দিব । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে উলহ-মালহেৰে আজি আপুনি গোটেই দিনটো পাৰ কৰি দিব । আজি আপুনি সমাজত সন্মান আৰু স্বীকৃতি লাভ কৰিব পাৰে । দাম্পত্য জীৱন অধিক আনন্দদায়ক হৈ উঠিব ।
কৰ্কট ৰাশি : আজি আপোনাৰ গ্ৰহৰ অৱস্থান ইমানেই ভাল যে তাৰ বাবে দিনটো আনন্দদায়ক আৰু ঘটনাবহুল হৈ উঠিব । আজি আপুনি ব্যাপক সফলতা আৰু প্ৰচুৰ আনন্দ উপভোগ কৰিব পাৰে । পৰিয়ালৰ লোক আপোনাৰ প্ৰতি আকৃষ্ট হ'ব পাৰে । ঘৰৰ পৰিৱেশ আজি উজ্জ্বল আৰু উৎসৱমুখৰ হৈ থাকিব । প্ৰয়োজনীয় বস্তুৰ নামত আজি আপোনাৰ কিছু ব্যয় হ'ব পাৰে । কৰ্মক্ষেত্ৰত আজি আপোনাৰ দিনটো সুখকৰ আৰু লাভদায়ক ।
সিংহ ৰাশি : আজি আপোনাৰ শৰীৰ আৰু মন দুয়ো উত্তম অৱস্থাত থাকিব । আজি গোটেই দিনটো আপুনি আশাবাদী হৈ থাকিব । আপোনাৰ প্ৰয়াসবোৰ হ'ব গঠনমূলক আৰু তাৰ ফল হ'ব ইতিবাচক । সন্তানৰ সুসংবাদ পাব । বন্ধুসকলৰ সৈতে সুখকৰ সন্ধিয়া কটাব পাৰে । আজি আপুনি ধৰ্মকৰ্ম আৰু দানধৰ্ম কৰিব পাৰে ।
কন্যা ৰাশি : আজি আপোনাৰ গ্ৰহ আপোনাৰ অনুকূলত নাই । আজি আপুনি দুঃশ্চিন্তা আৰু উদ্বেগত থাকিব । যাৰ ফলত আপোনাৰ শৰীৰ আৰু মনৰ ওপৰত বহুত হেঁচা পৰিব । আপুনি লক্ষ্য কৰিব যে আপোনাৰ পৰিয়ালৰ লোকে আপোনাৰ প্ৰতি অসন্তুষ্ট হৈ আছে আৰু তেওঁলোকে আপোনাৰ প্ৰতি অসহযোগী হৈ আছে । আপোনাৰ দুশ্চিন্তা আৰু বঢ়াই দিব আপোনাৰ মাতৃৰ স্বাস্থ্যই । নথিপত্ৰ চহী কৰাৰ সময়ত অধিক সতৰ্ক থাকক । পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ।
তুলা ৰাশি : আজি সৌভাগ্য আপোনাৰ প্ৰতি প্ৰসন্ন থাকিব । ভাই-ভনী আপোনাৰ প্ৰতি আন্তৰিক থাকিব আৰু আপোনাক সহায় কৰিব । নতুন প্ৰকল্প আৰু নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ । আজি গোটেই দিনটো আপুনি সক্ৰিয় আৰু প্ৰাণৱন্ত হৈ থাকিব । বিদেশৰ পৰা কোনো ভাল খবৰ আহিব পাৰে । আপুনি আজি শত্ৰু আৰু প্ৰতিপক্ষৰ ওপৰত বিজয়ী হ'ব । সন্মান আৰু স্বীকৃতি লাভৰ যোগ আছে ।
বৃশ্চিক ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে এটা মধ্যমীয়া দিন আৰু আজি আপুনি অপ্ৰয়োজনীয় ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । আপুনি আজি সাৱধানে কথা কয় যেন । শান্ত আৰু বিনম্ৰ হৈ থকাৰ চেষ্টা কৰক । এনেকুৱা কৰিব পাৰিলে সংসাৰত সুখ আৰু শান্তি বৰ্তি থাকিব । অহেতুক হতাশাত ভুগি নাথাকিব । ধৰ্মীয় কাৰণত আপোনাৰ কিছু খৰচ হ'ব পাৰে । পঢ়া-শুনা যিসকলে কৰি আছে, তেওঁলোকৰ কাৰণে দিনটো বিশেষ কাৰ্যকৰী নহ'ব ।
ধনু ৰাশি : স্বাস্থ্যৰ যতন লওঁক । পৰিকল্পিত কাম হাতত ল'লে সফল হ'ব । আৰ্থিক লাভৰ যোগ আছে । তীৰ্থযাত্ৰা হ'ব পাৰে । কোনো আত্মীয়ৰ ঘৰত কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰে । আত্মীয়ৰ ঘৰত এক অনানুষ্ঠানিক মিলা-মিচাই আপোনাক আনন্দ দিব । আপোনাৰ দাম্পত্য জীৱন আপোনাৰ বাবে কঢ়িয়াই আনিব স্বাচ্ছন্দ্য আৰু আনন্দ । আপুনি সুখাদ্য ভোজন কৰিব পাৰে । সামাজিকভাৱে আপোনাৰ সুনাম বৃদ্ধি পাব ।
মকৰ ৰাশি : প্ৰতিটো পদক্ষেপতে সাৱধানে খোজ পেলাওঁক । কৰ্মক্ষেত্ৰত আপুনি সক্ষম সহযোগিতা পাব পাৰে । আপোনাৰ আয়তকৈ ব্যয় অধিক হ'ব । আজি আপুনি ধৰ্মীয় আৰু সামাজিক কৰ্মত ব্যস্ত হৈ থাকিব, যাৰ ফলত আপোনাৰ ব্যয় বৃদ্ধি হ'ব পাৰে । স্বাস্থ্যক লৈ দুঃশ্চিন্তাত ভুগিব পাৰে । সন্তান বা আত্মীয়ৰ সৈতে কাজিয়া হ'ব পাৰে আপোনাৰ । আজি আপুনি সফল হ'বলৈ হ'লে মূৰৰ ঘাম মাটিত পেলাই কাম কৰিব লাগিব । উদ্বেগে আপোনাক আমনি দি থাকিব । আপুনি দুৰ্ঘটনাত পৰিব পাৰে, সাৱধানে থাকক ।
কুম্ভ ৰাশি : নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ । কৰ্মক্ষেত্ৰত (চাকৰি আৰু ব্যৱসায়ত) আপুনি লাভবান হ'ব পাৰে । কোনো বান্ধৱীয়ে আপোনাক নতুন কামৰ দায়িত্ব দিব পাৰে । ধনদেৱীৰ কৃপা লাভ কৰিব আজি । আপোনাৰ সামাজিক খ্যাতি আজি ইতিবাচকভাৱে বৃদ্ধি পাব । সন্তানসকলৰ সৈতে সম্পৰ্ক ভালেই থাকিব । পত্নী আৰু পুত্ৰৰ পৰা সুসংবাদ পোৱাৰ সম্ভাৱনা আছে । বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে দিনটো ভাল । সুখদায়ক ভ্ৰমণ হ'ব পাৰে ।
মীন ৰাশি : আজি আপোনাৰ দিনটো অত্যন্ত ফলদায়ক হ'ব । আজি আপুনি সফলতাৰে কাম সম্পন্ন কৰিব পাৰিব কাৰণে উল্লাসেৰে পূৰ্ণ হৈ থাকিব আৰু ঊৰ্ধ্বতনসকলৰ পৰা প্ৰশংসাও পাব । ব্যৱসায়ীসকলৰ কাৰণে দিনটো ভাল । আজি আপুনি ঋণ পাব পাৰে । পিতৃ আৰু বয়োজ্যেষ্ঠসকলৰ ফালৰ পৰা কিবা লাভ পাব পাৰে । ধনদেৱীৰ কৃপা লাভ কৰিব । আপোনাৰ ঘৰুৱা পৰিৱেশ আজি আনন্দপূৰ্ণ হৈ থাকিব । শাৰীৰিক সুস্থতা আপোনাক হতাশ নকৰে আজি । চৰকাৰী লাভ পাব পাৰে । আপোনাৰ সন্মান বৃদ্ধি হ'ব । আজি গোটেই দিনটো আপোনাৰ সামাজিক জীৱন আনন্দপূৰ্ণ হৈ থাকিব ।