সুস্বাস্থ্যৰ বাবে নিদ্ৰা অতি প্ৰয়োজনীয় । বহুলোকৰ ক্ষেত্ৰত এনে হোৱা দেখা যায় যে ইকাটি-সিকাটি হোৱাৰ পিচতো টোপনি নাহে । ইয়াৰ কাৰণ হ’ব পাৰে মানসিক চাপ, হতাশা বা ভুল ৰুটিন । কিন্তু আপুনি জানেনে যে কিছুমান ভিটামিনৰ অভাৱেও আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে ?
হয়, আপোনাৰ শৰীৰত কিছুমান ভিটামিন আছে যাৰ পৰিমাণ কম হ’লে অনিদ্ৰাৰ সমস্যাই দেখা দিয়াৰ লগতে, টোপনিৰ মানদণ্ডও অৱনতি ঘটিবলৈ আৰম্ভ কৰে । যাৰ বাবে বহু সময়ত পুৱা সাৰ পোৱাৰ পিচত সতেজ অনুভৱ নহয় । আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক কোনকেইটা ভিটামিনৰ অভাৱত অনিদ্ৰাৰ সমস্যাই দেখা দিয়ে ৷
বহু গৱেষণাৰ পৰা ভিটামিন ডি আৰু টোপনিৰ মাজত সম্পৰ্ক পোৱা গৈছে । শৰীৰত ভিটামিন ডিৰ অভাৱৰ লগত টোপনিত ব্যাঘাত জন্মে । কিন্তু অত্যধিক পৰিমাণৰ ভিটামিন ডি গ্ৰহণ কৰিলেও অনিদ্ৰাৰ সমস্যাই দেখা দিব পাৰে কাৰণ ইয়াৰ ফলত মেলাটনিন (টোপনি নিয়ন্ত্ৰণ কৰা হৰম’ন)ৰ মাত্ৰা হ্ৰাস পায় ।
ভিটামিন বি ১২
ভিটামিন বি ১২ৰ মাত্ৰা কম হ’লে মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত অনিদ্ৰাৰ সমস্যাই দেখা দিব পাৰে । কাৰণ সাধাৰণতে মানুহে উদ্বিগ্নতাৰ ফলত ভালদৰে শুব নোৱাৰে ।
লগতে পঢ়ক:Sleep Tips: নিশা আপোনাৰ টোপনি নাহে নেকি ? চিন্তা নকৰিব, এইকেইবিধ খাদ্যই কৰিব সহায়