আজি হনুমান জয়ন্তী ৷ 23 এপ্ৰিলত সপ্ত চিৰঞ্জীৱী হনুমান জয়ন্তী উদযাপন কৰা হয় । পৌৰাণিক বিশ্বাস অনুসৰি, পৱন পুত্ৰ হনুমান চৈত্ৰ মাহ শুক্ল পক্ষৰ পূৰ্ণিমাত জন্মগ্ৰহণ কৰিছিল ।
হনুমান জয়ন্তীৰ দিনা, শ্ৰদ্ধা আৰু বিশ্বাসেৰে ভগৱান শ্ৰীৰাম আৰু হনুমানৰ উপাসনা কৰা ভক্তসকলে তেওঁলোকৰ জীৱনৰ সকলো সমস্যা আৰু দুখৰ পৰা পৰিত্ৰাণ পায় । হনুমানৰ জন্ম সম্পৰ্কে বহুতো বিশ্বাস আছে । বিশ্বাস অনুসৰি, তেওঁৰ জন্ম উত্তৰ ভাৰতত হৈছিল ৷ আনহাতে কিছু লোকৰ বিশ্বাস অনুসৰি তেওঁ দক্ষিণ ভাৰতত জন্মগ্ৰহণ কৰিছিল ।
হনুমানৰ মাতৃৰ নাম আছিল অঞ্জনী (অঞ্জনা, অঞ্জলী বুলিও জনা যায়) ৷ এই কাৰণে তেওঁ জন্ম হোৱা ঠাইখনৰ নাম অঞ্জন ধাম ৰখা হৈছিল । অঞ্জন ধামৰ পাহাৰত অৱস্থিত মন্দিৰত, হনুমান মাতৃ অঞ্জনীৰ কোলাত এটা শিশুৰ ৰূপত বহি আছে । সাধাৰণতে ভক্তসকলে মঙলবাৰে, শনিবাৰৰ লগতে আন দিনবোৰত এই অঞ্জন ধামত পূজা কৰেহি যদিও হনুমান জয়ন্তীৰ দিনা এই ধামত বহুতো ভক্তৰ ভিৰ পৰিলক্ষিত কৰা হয় ৷
ব্ৰজেশ পাঠকে কয় যে হিন্দু ধৰ্মৰ বহুলোকে বিশ্বাস কৰে যে ঝাৰখণ্ডৰ গুমলাৰ পৰা ২১ কিলোমিটাৰ দূৰত থকা অঞ্জন ধাম সেইখনেই ঠাই ৷ য’ত ভগৱান শিৱৰ একাদশ ৰুদ্ৰ অৱতাৰ হনুমানৰ জন্ম হৈছিল । এইটো ভাৰতৰ একমাত্ৰ মন্দিৰ ৷ য'ত হনুমানে মাতৃ অঞ্জনীৰ কোলাত এটি শিশুৰ ৰূপত বহি আছে । এই ধামৰ নাম মা অঞ্জনী নামেৰে ৰখা হৈছিল ৷ এই ঠাইক আজিও অঞ্জনেয়া বুলি জনা যায় ।
অঞ্জন ধামৰ মুখ্য পুৰোহিত কেদাৰনাথ পাণ্ডেয়ে লগতে কয় যে ৰামায়ণৰ কিষ্কিন্ধা কান্দাতো অঞ্জন পৰ্বতৰ কথা উল্লেখ কৰা হৈছে । অঞ্জন পৰ্বতৰ গুহাত, মাতৃ অঞ্জনীয়ে ভগৱান শিৱৰ কৃপাত ৰাম ভক্ত হনুমানক জন্ম দিয়ে । অঞ্জন ধামৰ পৰা প্ৰায় 35 কিলোমিটাৰ দূৰত, পালকোটত পাম্পা সৰোবৰ আছে ৷ যি ৰামায়ণতো উল্লেখ কৰা হৈছে ।
ইয়াৰ কাষতে ঋষি মুখ পৰ্বত আছে, য'ত হনুমানে বান্দৰৰাজ সুগ্ৰীৱৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ভগৱান ৰাম আৰু সুগ্ৰীৱ এই পৰ্বতত লগ হৈছিল । যাৰ বাবে লোকে এই পৰ্বতক বিশ্বাস কৰে, ইয়াত ৰাম নৱমীৰ পৰা হনুমান জয়ন্তীলৈকে বিশেষ উপাসনা কৰা হয় । এই উপসনাত অংশ লবলৈ সমগ্ৰ দেশ, ৰাজ্য আৰু চুবুৰীয়া অঞ্চলৰ ভক্তসকলে ভিৰ কৰেহি ৷
লগতে পঢ়ক :জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope