Ganesh Chaturthi 2024: পুনৰ আৰম্ভ হ’বলৈ গৈ আছে গণেশ চতুৰ্থী । অনন্ত চতুৰ্দশী তিথিত ১০ দিনীয়া নীতি-নিয়মৰ সৈতে এই উৎসৱৰ সামৰণি পৰে । সেয়ে যদি আপুনিও আপোনাৰ বাসগৃহত গণপতিক আদৰিবলৈ ওলাইছে তেন্তে নিশ্চয়কৈ জানি লওক গণেশ চতুৰ্থী সঠিক দিন, সঠিক সময় তথা পূজা বিধি-
কেতিয়া পালন কৰা হ’ব গণেশ চতুৰ্থী ? জানি লওক গণপতি স্থাপনৰ সঠিক সময় তথা পূজা বিধি (CANVA)
প্ৰতি বছৰে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিৰ পৰা সমগ্ৰ দেশতে অতি উলহ-মালহেৰে উদযাপন কৰা গণেশ চতুৰ্থী উৎসৱ । কোৱা হয় যে গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশে মত্যলৈ নামি আহি তেওঁৰ ভক্তসকলক পৰৱৰ্তী ১০ দিন সেৱা আৰু ভক্তি কৰাৰ সুযোগ দিয়ে । গণেশ চতুৰ্থীৰ দিনা প্ৰতিটো ডাঙৰ ঘৰ, মন্দিৰ আৰু ডাঙৰ ডাঙৰ পেণ্ডেলত ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰি যথাযথভাৱে পূজা কৰা হয় । তাৰ পাচত অনন্ত চতুৰ্দশীৰ দিনা বাপ্পাৰ এই মূৰ্তি ‘গণপতি বাপ্পা ম’ৰেয়া’ ধ্বনিৰে বিসৰ্জন দিয়া হয় ।
গণেশ চতুৰ্থীৰ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ সময়
হিন্দু পঞ্জিকা অনুসৰি গণেশ চতুৰ্থী ৬ ছেপ্টেম্বৰৰ পৰা দুপৰীয়া ০৩:০১ বজাত আৰম্ভ হ’ব আৰু ৭ ছেপ্টেম্বৰৰ সন্ধিয়া ০৫:৩৭ বজাত অন্ত পৰিব । সেয়ে ৭ ছেপ্টেম্বৰৰ দিনটোত গণেশ চতুৰ্থী পালন কৰা হ’ব । আজিৰ দিনটোত ভগৱান গণেশৰ প্ৰতিমা স্থাপনৰ সময় পুৱা ১১:০৩ বজাৰ পৰা দুপৰীয়া ০১:৩৪ বজালৈ হ’ব । এনে পৰিস্থিতিত ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰিবলৈ আপুনি প্ৰায় ২ ঘন্টা ৩১ মিনিট সময় পাব ।