নতুন দিল্লী : আই চি চি চেম্পিয়নছ ট্ৰফীলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী । ইতিমধ্যে অংশগ্ৰহণকাৰী দলবোৰে নিজ নিজ খেলুৱৈৰ তালিকা ঘোষণা কৰিছে । ভাৰতৰ ক্ষেত্ৰত যশপ্ৰীত বুমৰাহৰ দলত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈ আহিছে । কিয়নো ভাৰতীয় বলিং আক্ৰমণৰ নেতৃত্ব বৰ্তমান সময়ত বুমৰাহৰ ওপৰতে ন্যস্ত । তেনে ক্ষেত্ৰত চেম্পিয়নছ ট্ৰফীত বুমৰাহৰ অংশগ্ৰহণ সন্দৰ্ভত তীব্ৰ চৰ্চা চলি আছে ।
তাৰেই পৰিপ্ৰেক্ষিতত ভাৰতীয় ক্ৰিকেট দল আৰু অনুৰাগীসকলৰ বাবে মঙলবাৰৰ দিনটো এক গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছে । কিয়নো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে (বি চি চি আই) মঙলবাৰে সোঁহতীয়া ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত ল'ব লাগিব । ফৰ্মৰ তুংগত থকা তাৰকা বলাৰগৰাকীয়ে আগন্তুক আই চি চি মেগা ইভেণ্টটোত খেলিবনে নাই সেয়া আজি নিশ্চিত হ'ব ।
Jasprit Bumrah's participation in Champions Trophy will be decided today..... pic.twitter.com/tpwaywVQ0z
— Faheem (@Faheem01932588) February 11, 2025
যশপ্ৰীত বুমৰাহ সম্পৰ্কত আজি সিদ্ধান্ত
চেম্পিয়নছ ট্ৰফী, ২০২৫ৰ বাবে আই চি চিৰ ওচৰত চূড়ান্ত দলৰ তালিকা দাখিল কৰাৰ সময়সীমা আজি উকলি যাব । কিন্তু ফিটনেছৰ বাবে বুমৰাহৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা এতিয়াও বিৰাজ কৰি আছে । অৱশ্যে মঙলবাৰৰ পিছত যিকোনো সালসলনিৰ বাবে প্ৰতিযোগিতাখনৰ কাৰিকৰী সমিতিৰ অনুমোদনৰ প্ৰয়োজন হ'ব ।
Today is the deadline to announce the final squad for the #ChampionsTrophy . The team management has confirmed that Jasprit Bumrah will be included in the squad. They believe that even if there is a 1% chance of him playing, they want to take that chance. However, if he doesn’t… pic.twitter.com/k6i9iqnmKo
— The Cricket Lab (@funnycric) February 11, 2025
বেংগালুৰুত পিঠিৰ স্কেন
ই এছ পি এন ক্ৰিকইনফোৰ এক প্ৰতিবেদন অনুসৰি, বেংগালুৰুস্থিত বি চি চি আইৰ উৎকৰ্ষ কেন্দ্ৰত বুমৰাহে শেহতীয়াকৈ পিঠিৰ স্কেন কৰায় । বি চি চি আইৰ মেডিকেল ষ্টাফে এতিয়া সিদ্ধান্ত লোৱাৰ পূৰ্বে নিৰ্বাচক আৰু ভাৰতীয় দল মেনেজমেণ্টৰ সৈতে আলোচনা কৰিব ।
অস্থায়ী দলত অন্তৰ্ভুক্ত আছে বুমৰাহ
চেম্পিয়নছ ট্ৰফীৰ বাবে 18 জানুৱাৰীত ঘোষণা কৰা ভাৰতৰ 15 জন সদস্যৰ অস্থায়ী দলত যশপ্ৰীত বুমৰাহক অন্তৰ্ভুক্ত কৰা হৈছে । অৱশ্যে তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিব নোৱাৰিলে । আশা কৰা হৈছিল যে তেওঁ ১২ ফেব্ৰুৱাৰী, বুধবাৰে আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া তৃতীয় তথা অন্তিম এদিনীয়া মেচত খেলিব । কিন্তু তাৰ পৰিৱৰ্তে বুমৰাহ বেংগালুৰুলৈহে যায় ।
News :-
— Jay Cricket. (@Jay_Cricket12) February 10, 2025
If India feel Jasprit Bumrah is unlikely to play any part in the Champions Trophy 2025, they could replace him with Harshit Rana.
[ Source - ESPNcricinfo ] pic.twitter.com/H5sw6LDVGB
ছিডনীত টেষ্টত হৈছিল সমস্যা
জানুৱাৰীৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা ছিডনী টেষ্টত বুমৰাহৰ পিঠিৰ সমস্যা হৈছিল । যাৰ বাবে তেওঁ অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত বলিং কৰিব পৰা নাছিল আৰু তেতিয়াৰ পৰা তেওঁ কোনো মেচত অংশগ্ৰহণ কৰা নাই । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ খন মেচৰ টেষ্ট শৃংখলাত বুমৰাহে ৯ টা ইনিংছত ৩২ টা উইকেট দখল কৰে । তেওঁ সঠিকভাৱেই বলিং কৰি আছিল । তেনে ক্ষেত্ৰত যদি তেওঁ আগন্তুক চেম্পিয়নছ ট্ৰফীৰ পৰা বাদ পৰে, তেন্তে ই ভাৰতীয় দলৰ বাবে এক মোক্ষম আঘাত হ'ব ।
বুমৰাহৰ স্থান কোনে পাব পাৰে
যদি ভাৰতে ভাবে যে বুমৰাহে চেম্পিয়নছ ট্ৰফীত খেলিব নোৱাৰিব, তেন্তে দল ব্যৱস্থাপনাই হৰ্ষিত ৰাণাক তেওঁৰ স্থানত অন্তৰ্ভুক্ত কৰিব পাৰে । তেওঁ ইতিমধ্যে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন এদিনীয়া খেলিছে । আনহাতে, আই চি চি বিশ্বকাপ, 2023-ত ভাৰতীয় দলৰ অংশ হোৱা মহম্মদ চিৰাজৰ বিকল্পও ভাৰতৰ ওচৰত আছে ।
চেম্পিয়নছ ট্ৰফীত ভাৰতৰ খেলৰ সময়সূচী
উল্লেখ্য যে পাকিস্তান, বাংলাদেশ আৰু নিউজীলেণ্ডৰ সৈতে ভাৰত চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ এত আছে । টীম ইণ্ডিয়াই ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে নিজৰ অভিযান আৰম্ভ কৰিব । ইয়াৰ পিছত ২৩ ফেব্ৰুৱাৰীত বহু প্ৰতীক্ষিত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে যুঁজত নামিব ৰোহিত বাহিনী । আনহাতে, ২ মাৰ্চত নিউজীলেণ্ডৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিম মেচত অংশগ্ৰহণ কৰিব । ভাৰতে সকলো খেল ডুবাইত হাইব্ৰিড মডেলত খেলিব ।