বিশেষজ্ঞসকলে সদায় পুৱা প্ৰথমতে প্ৰ’টিনযুক্ত সামগ্ৰী খাদ্যত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ইয়াৰ ফলত দিনটোৰ কামৰ বাবে শৰীৰত শক্তি যোগান ধৰা হয় ৷ বৰ্তমান ৰমজান মাহ চলি আছে ৷ মুছলমানধৰ্মী লোকসকলে গোটেই মাহটো ৰোজা ৰাখে ৷ ৰোজাৰ সময়ত গোটেই দিনটো একো খোৱা-বোৱা নোখোৱাকৈয়ে পাৰ কৰা হয় ৷ পুৱাৰ চেহেৰীৰ পিছত সন্ধিয়া ইফতাৰত কিবা এটা খোৱা বা পান কৰা হয় ৷
এনে পৰিস্থিতিত চেহেৰীৰ আগে আগে পুৱা উচ্চ প্ৰ’টিনযুক্ত খাদ্য সেৱন কৰি গোটেই দিনটোৰ বাবে শৰীৰত শক্তি প্ৰদান কৰিব লাগে ৷ এই প্ৰতিবেদনত আমি আপোনাক এনে ৫টা উচ্চ প্ৰ’টিনযুক্ত বস্তুৰ বিষয়ে ক'বলৈ ওলাইছো যাক খালে আপুনি দিনটোৰ ভিতৰতে ভাগৰ বা দুৰ্বল অনুভৱ নকৰিব ৷ এই বিষয়ত অধিক তথ্যৰ বাবে আমি দিল্লীৰ হোলী ফেমিলি হস্পিতালৰ ডায়েটিচিয়ান ছানাহ গিলৰ সৈতে কথা পাতিলো ৷
১) বুট আৰু ৰাজমাহ চাট
চেহেৰীৰ সময়ত শক্তিৰ বাবে বুট আৰু ৰাজমাহেৰে তৈয়াৰী চাট বনাই খাব পাৰে ৷ ফোলেট, আইৰণ, মেগনেছিয়াম, প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু ফাইবাৰ আদি পুষ্টিকৰ উপাদান গ্ৰাম আৰু ৰাজমাহত পোৱা যায় ৷ বুট আৰু ৰাজমাহক উতলাই তাত পাচলি, চাট মছলা আৰু নেমুৰ ৰস দি খাব পাৰে ৷ ১০০ গ্ৰাম ৰাজমাহত ৭ৰ পৰা ৮ গ্ৰাম প্ৰ’টিন আৰু ১০০ বুটত ৮ৰ পৰা ৯ গ্ৰাম প্ৰ’টিন থাকে ৷
২) প্ৰ’টিনৰ বাবে কণী খাব
যদি আপুনি চেহেৰীৰ সময়ত শক্তি সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব বিচাৰে তেন্তে কণী খাব ৷ কণীত প্ৰটিন, ভিটামিন বি, চৰ্বি, ভিটামিন ডি, আইৰণ, জিংক, চেলেনিয়াম আদি পুষ্টিকৰ উপাদান পোৱা যায় ৷ এই সকলোবোৰ পুষ্টিকৰ পদাৰ্থই পেশী গঠন আৰু কোষ মেৰামতিৰ কাম কৰে ৷ প্ৰটিন পাবলৈ ব্ৰেকফাষ্টৰ সময়ত দুটা সিজোৱা কণীৰ বগা অংশ খাব লাগে ৷ এটা কণীত প্ৰায় ৬ গ্ৰাম প্ৰটিন থাকে ৷
৩) চেহেৰীত এপ্ৰিকোট খাব