অসম

assam

ETV Bharat / health

সপোনত হীৰা-মুকুতা-নীলম দেখাৰ অৰ্থ কি ? ইয়াৰ ফলত আপোনাৰ জীৱনত কেনে প্ৰভাৱ পৰে - Gems in Dreams

Gems in Dreams: যদি আপুনি কেতিয়াবা সপোনত সোণ, ৰূপ, টপাজ বা নীলাম আদি দেখিছে, তেন্তে বাস্তৱ জীৱনত ইয়াৰ অৰ্থ কি জানি লওক...

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 5:25 PM IST

Dreaming of gemstones such as diamonds, pearls, and sapphires is a significant sign
সপোনত হীৰা, মুকুতা, নীলম দেখাৰ অৰ্থ কি ? (CANVA)

সপোনৰ জৰিয়তে আমাৰ অৱচেতন মনত লুকাই থকা অনুভূতিবোৰ প্ৰকাশ পায় । কেতিয়াবা সপোনৰ যোগেদিও আমি বহু ধৰণৰ সংকেত পাওঁ । এনে পৰিস্থিতিত আজি আমি আপোনাক ক'বলৈ ওলাইছো যে যদি কেতিয়াবা সপোনত হীৰা, মুকুতা, নীলাম, টপাজ আদিৰ দৰে ৰত্ন আপুনি সপোনত দেখা পায়, তেন্তে বাস্তৱ জীৱনত ইয়াৰ অৰ্থ কি ? এই সপোনে আমাৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন আনিব পাৰে সেই বিষয়ে বিতংভাৱে জানো আহক-

সপোনত মুকুতা দেখাটো সমৃদ্ধি আৰু সুখৰ প্ৰতীক

সপোনত মুকুতা দেখাই সমৃদ্ধি আৰু সুখৰ প্ৰতীক হ’ব পাৰে । ইয়াৰ পৰা হয়তো আগন্তুক সময়ত ধন-সম্পত্তি, সমৃদ্ধি আৰু সুখ আপোনাৰ জীৱনত প্ৰৱেশ কৰিবলৈ গৈ আছে । তদুপৰি এনে সপোন দেখিলে কেৰিয়াৰৰ ক্ষেত্ৰখনতো অগ্ৰগতি লাভ কৰে । অৰ্থাৎ এনে সপোন দেখিলে আপুনি সুখী হোৱা উচিত ।

সপোনত হীৰা

সপোনত হীৰা দেখাটোও অতি শুভ লক্ষণ । স্বপ্ন শাস্ত্ৰৰ মতে, সপোনত হীৰা দেখিলে আপোনাৰ জীৱনত বহুতো ভাল পৰিৱৰ্তন আনিব পাৰে । ক’ৰবাৰ পৰা ভাল খবৰ পাব পাৰে আৰু আপোনাৰ বাকী থকা কামো সম্পূৰ্ণ হ’ব পাৰে । ইয়াৰ লগতে সপোনত হীৰা দেখাটোৱে আপোনাৰ মানসিক স্বাস্থ্যৰ সু-স্বাস্থ্যৰো ইংগিত দিয়ে ।

নীলম দেখাটো আত্মবিশ্বাস আৰু জ্ঞানৰ প্ৰতীক

সপোনত নীলম দেখাটো প্ৰগতি আৰু আত্মবিশ্বাসৰ প্ৰতীক । যদি আপুনি সপোনত নীলম দেখা পায় তেন্তে বুজিব যে শনিও আপোনাৰ লগত সুখী, এনে সপোন দেখাৰ পিচত শনিয়ে আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰে । পাৰিবাৰিক আৰু সামাজিক জীৱনতো ভাল ফলাফল লাভ কৰিব পাৰে । এই সপোনে ইংগিত দিয়ে যে আপুনি জীৱনৰ সঠিক পথত আগবাঢ়িছে ।

সপোনত ৰত্ন দেখাৰ অৰ্থ

যদি আপুনি সপোনত ৰত্ন (Gemstones)দেখে তেন্তে আপুনি হয়তো জীৱনত কিছুমান নতুন কথা শিকিবলৈ সুযোগ পাব । একে সময়তে আপোনাৰ দক্ষতাও বৃদ্ধি পাব । এই সপোনে আপোনাক ইংগিত দিয়ে যে আপুনি দক্ষতাৰ দিশত আগবাঢ়িছে । অৰ্থাৎ আপুনি যি কামেই নকৰক কিয় তাত সফলতা লাভ কৰিবই ।

সপোনত টপাজ দেখা

সপোনত টপাজ দেখাটো ভাল লক্ষণ বুলি গণ্য কৰা নহয় । অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । গতিকে এনে সপোন দেখাৰ পিছত সাৱধান হোৱা উচিত । অৱশ্যে এই সপোনৰ ইতিবাচক দিশটো হ’ল আপুনি আধ্যাত্মিক ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে ।

লগতে পঢ়ক:আপুনি দেখা সপোনে কেনেদৰে প্ৰভাৱ পেলাব পাৰে আপোনাৰ দৈনন্দিন জীৱনত - Dreams

ABOUT THE AUTHOR

...view details