ETV Bharat / sports

বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টি-২০ ত ৭ উইকেটত জয়লাভ ভাৰতৰ - IND vs BAN 1st t20 - IND VS BAN 1ST T20

IND vs BAN 1st T20 Result: ভাৰতৰ হাতত প্ৰথম টি-২০ মেচত পৰাস্ত বাংলাদেশ ৷ ১১.৫ অভাৰত ৩ টা উইকেট হেৰুৱাই জয়লাভ ভাৰতৰ ।

IND vs BAN 1st T20
IND vs BAN 1st T20 Result (IANS)
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2024, 10:32 PM IST

নিউজ ডেস্ক, ৬ অক্টোবৰ: গোৱালিয়ৰত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ মেচত টীম ইণ্ডিয়াই এক দৰ্শনীয় জয় অৰ্জন কৰে । ৪৯ টা বল বাকী থকা অৱস্থাত ১১.৫ অভাৰত ৩ টা উইকেট হেৰুৱাই বাংলাদেশে দিয়া ১২৮ ৰানৰ লক্ষ্যত সহজেই উপনীত হয় ভাৰত । হাৰ্দিক পাণ্ডিয়াই সৰ্বাধিক ৩৯ ৰান সংগ্ৰহ কৰি মেচখন ছিক্সাৰেৰে অন্ত পেলায় ।

এই মেচখনত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱা মায়ংক যাদৱেও প্ৰথম অভাৰ মেডেন বলিং কৰি এক উজ্জ্বল কৃতিত্ব অৰ্জন কৰে । এই কৃতিত্ব অৰ্জনকাৰী তৃতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় মায়ংক ।

ভাৰতে টছত জয়লাভ কৰি বাংলাদেশক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । বাংলাদেশ দলটোৱে ভাৰতীয় বলিঙৰ বিৰুদ্ধে ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । বাংলাদেশে ক্ষিপ্ৰতাৰে ৰাণ কৰাৰ প্ৰয়াসত নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাইছিল । বাংলাদেশৰ হৈ মেহেন্দী হাছান মিৰাজে সৰ্বাধিক ৩৫ ৰান সংগ্ৰহ কৰে । তেওঁৰ উপৰিও অধিনায়ক নাজমুল হাছান শান্তো ২৭ ৰানেৰে দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় ।

বাংলাদেশৰ ১২৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটোৱে প্ৰথম অভাৰৰ পৰাই আক্ৰমণাত্মকভাৱে খেলা দেখা গৈছিল আৰু অভিষেক শৰ্মাই দলটোক এক সুন্দৰ আৰম্ভণি দিছিল । কিন্তু, দ্বিতীয় অভাৰৰ শেষৰ বলত ১৬ ৰান সংগ্ৰহ কৰি ৰান আউট হয় অভিষেক শৰ্মা ।

ইয়াৰ পিছত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱ বেটিং কৰিবলৈ নিৰ্ধাৰিত পেভিলিয়নৰ পৰা ওলাই আহে । সূৰ্যই ইটোৰ পিছত সিটোকৈ ৩ টা বিশাল ছয় কোবাই ১৪ টা বলত ২৯ ৰানৰ ইনিংছ খেলে । একেৰাহে দ্বিতীয়টো শ্বট মাৰিবলৈ চেষ্টা কৰোঁতে মুস্তাফিজুৰ ৰহমানৰ বলত জাকিৰৰ হাতত কেচ দি আউট হয় সূৰ্যকুমাৰ । ইয়াৰ পিছত আনটো মূৰ চম্ভালি থকা চেমচনেও ৬ টা চাৰিৰ সহায়ত ১৯ টা বলত ২৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । কিন্তু হাৰ্দিয়াক পাণ্ডিয়াৰ বিস্ফোৰক ১৬ টা বলত ৩৯ ৰাণৰ সহায়ত ভাৰতে বিজয় লক্ষ্যত উপনীত হয় ৷

মেডেন অভাৰৰ সৈতে মায়ংকে এটা উইকেট দখল কৰে ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ প্ৰথম অভাৰতে মেডেন অভাৰত বলিং কৰিছিল মায়ংক যাদৱে । ৪ অভাৰত ২১ ৰানত ১ উইকেট দখল কৰে মায়ংকে । ইনিংছৰ অষ্টম অভাৰৰ দ্বিতীয়টো বলত মহমদুল্লাক পেভিলিয়নলৈ পঠিয়াই মায়ংকে । ইয়াৰ বাহিৰেও তেওঁ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচত ১৪৯.৯ কিলোমিটাৰ বেগত সৰ্বাধিক বেগৰ বলটো কৰিছিল । মায়ংক যাদৱৰ ১ টা উইকেটৰ বাহিৰেও বৰুণ চক্ৰৱৰ্তী আৰু অৰ্শদীপ সিঙে ৩ টাকৈ উইকেট দখল কৰে । হাৰ্দিক পাণ্ডিয়া আৰু ৱাশ্বিংটন সুন্দৰে ১-১ উইকেট লাভ কৰে । অৰ্শদ্বীপ সিঙক প্লেয়াৰ অৱ দ্য মেচ আৰু পাণ্ডিয়াক গেম চেঞ্জাৰ অৱ দ্য মেচ ঘোষণা কৰা হয় ৷

লগতে পঢ়ক: টি 20 বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে 6 উইকেটত জয় লাভ ভাৰতৰ - ICC WOMENS T20 WORLD CUP 2024

ভাৰত বনাম বাংলাদেশ: প্ৰথম টি-20 ৰ প্ৰাকক্ষণত অ’পেনিং যুটিৰ বিষয়ে ক’লে সূৰ্যকুমাৰ যাদৱে - IND VS BAN T20I SERIES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.