অসম

assam

ETV Bharat / health

শিশুৰ ছালত বেবী পাউডাৰ প্ৰয়োগ কৰে নেকি ? - CANCER

অভিভাৱকসকলে প্ৰায়ে শিশুৰ ছালত বেবী পাউডাৰ প্ৰয়োগ কৰে কিন্তু আপুনি জানেনে এই বেবী পাউডাৰে আপোনাৰ শিশুটিৰ স্বাস্থ্যৰ পক্ষে মাতিব পাৰে বিপদ-

Does Talcum or Baby Powder Cause Cancer ? Research
শিশুৰ ছালত বেবী পাউডাৰ প্ৰয়োগ কৰে নেকি ? (ETV Bharat)

By ETV Bharat Health Team

Published : Oct 29, 2024, 11:00 AM IST

বিজ্ঞাপনবোৰত বেবী পাউডাৰৰ ব্যৱহাৰ ইমান আকৰ্ষণীয়ভাৱে দেখুওৱা হয় যে ই প্ৰায় প্ৰতিজন অভিভাৱকৰ ৰুটিনৰ অংশ হৈ পৰে ৷ অভিভাৱকসকলে নৱজাতকৰ ছাল কোমল আৰু সুগন্ধি কৰি ৰাখিবলৈ বেবী পাউডাৰ ব্যৱহাৰ কৰে ৷ কিন্তু, ইয়াৰ নিয়মীয়া ব্যৱহাৰৰ ফলত আপোনাৰ সন্তান গুৰুতৰ স্বাস্থ্য সমস্যা হ'ব পাৰে ৷

হয়, বেবী পাউডাৰত এচবেষ্টছ নামৰ এবিধ উপাদান থাকে, যি অত্যন্ত ক্ষতিকাৰক ৷ এই উপাদানটো শৰীৰত প্ৰৱেশ কৰিলে কৰ্কট ৰোগৰ বীজাণু সৃষ্টি কৰিব পাৰে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত এনে এক ঘটনা সংঘটিত হৈছে, য'ত এজন ব্যক্তিৰ বেবী পাউডাৰ শুঙাৰ ফলত কৰ্কট ৰোগ হোৱাৰ সন্দেহ কৰা হৈছে ৷ ইয়াৰ পাচতে আদালতে পাউডাৰ নিৰ্মাতাৰ বিৰুদ্ধে ১ বিলিয়ন টকাৰ জৰিমনা আৰোপ কৰে ৷ এনে ঘটনাই সূচায় যে বেবী পাউডাৰৰ ব্যৱহাৰে গুৰুতৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

বেবী পাউডাৰৰ ব্যৱহাৰে আপোনাৰ সন্তানক কেনেদৰে প্ৰভাৱিত কৰিব পাৰে ?

বেবী পাউডাৰৰ পোনপটীয়া ব্যৱহাৰ সৰু ল'ৰা-ছোৱালীৰ বাবে অত্যন্ত বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে ৷ শিশুৰ ছাল অতি সুক্ষ্ম আৰু সিহঁতৰ শ্বাসতন্ত্ৰও অতি সংবেদনশীল ৷ বেবী পাউডাৰ প্ৰয়োগৰ ফলত আপোনাৰ সন্তানৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা, হাঁওফাঁওৰ সমস্যা আৰু ছালৰ এলাৰ্জি হ'ব পাৰে ৷

বেবী পাউডাৰ প্ৰয়োগ কৰোঁতে এইকেইটা কথা মনত ৰাখিব

  1. পাউডাৰ ব্যৱহাৰৰ সময়ত ইয়াৰ গোন্ধ যাতে সন্তানে নাপায় আৰু মুখলৈ নিব নোৱাৰে সেই ক্ষেত্ৰত মন দিব ৷
  2. কেতিয়াও পাউডাৰ পোনপটীয়াকৈ সন্তানৰ গাত ঢালি নিদিব ৷ প্ৰথমে ইয়াক আপোনাৰ হাতৰ তলুৱাত লৈ পাছত লাহে লাহে সন্তানৰ ছালত প্ৰয়োগ কৰিব ৷
  3. চকু, নাক, মুখ বা কাণ আদি সংবেদনশীল অংশৰ চাৰিওফালে পাউডাৰ প্ৰয়োগ নকৰিব, কিয়নো ই সহজে শৰীৰৰ ভিতৰলৈ যাব পাৰে ৷
  4. সদায় সীমিত পৰিমাণতহে পাউডাৰ প্ৰয়োগ কৰিব ৷ যদি 'ডায়েপাৰ ৰেচ'ৰ বাবে পাউডাৰ ব্যৱহাৰ কৰে, ইয়াক অতি কম পৰিমাণত প্ৰয়োগ কৰিব যাতে ই ছালত স্থিৰ নহয় ৷
  5. কাপোৰৰ যাতে পাউডাৰ লাগি নাথাকে, তাৰ প্ৰতি মন দিব ৷
  6. পাউডাৰ প্ৰয়োগ কৰোতে ফেন বা কুলাৰ বন্ধ ৰাখিব যাতে পাউডাৰ উৰি গৈ আপোনাৰ সন্তানৰ চকু বা নাকত নোসোমায় ৷
  7. বেবী পাউডাৰ ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব ৷ তেতিয়া আপুনি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে সঠিক তথ্য লাভ কৰিব ৷
  8. যদি সন্তানৰ ছাল অত্যন্ত সংবেদনশীল হয়, বেবী পাউডাৰ ব্যৱহাৰ কৰা পৰিহাৰ কৰিব ৷ সিহঁতৰ ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ অন্যান্য সুৰক্ষিত বিকল্পৰ সহায় ল’ব ৷
  9. বজাৰত বহুতো প্ৰাকৃতিক আৰু এচবেষ্টছ বিহীন পাউডাৰ উপলব্ধ, যিসমূহৰ ব্যৱহাৰ সুৰক্ষিত বুলি গণ্য কৰা হয় ৷

https://www.webmd.com/cancer/talcum-powder-cancer

https://www.iarc.who.int/wp-content/uploads/2024/07/pr352_E.pdf

লগতে পঢ়ক:নৱজাতকৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে এই 4বিধ সামগ্ৰী

ABOUT THE AUTHOR

...view details