গুৱাহাটী, 31 জানুৱাৰী: বহু মহিলাই প্ৰায়ে ভৰিৰ তলুৱাত বিষ অনুভৱ কৰা দেখা যায় ৷ কেৱল মহিলাসকলে নহয়, খেলুৱৈ সকলো এই সমস্যাত ভোগা দেখা যায় ৷ যাক Plantar Fasciitis বুলি কোৱা হয় ৷ বেছি খোজ কাঢ়িলে বা থিয় হ’লে ভৰিত এই বিষ অনুভৱ হয় ৷ এই বিষ ভিন্ন কাৰণত হ'ব পাৰে ইউৰিক এচিড বাঢ়িলে , ভিটামিন Dৰ অভাৱ হ’লেও এই বিষ হয় ৷ এই বিষ ভিন্ন কাৰণত হ'ব পাৰে ৷ সেয়ে যদিহে কোনোলোকৰ সঘনাই ভৰিৰ তলুৱাত বিষ হৈ থাকে তেন্তে তেওঁলোকে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি আৱশ্যক ৷
কি কৰিলে ইয়াৰ পৰা সকাহ পাব পাৰি ?
যদিহে কোনো ব্যক্তিৰ ভৰিৰ তলুৱাত সঘনাই বিষ অনুভৱ হয় তেন্তে তেওঁলোকে কেতিয়াও খালী ভৰিৰে পকাত খোজ কাঢ়িব নালাগে ৷ লগতে তেওঁলোক পৰিধান কৰা চেণ্ডেলযোৰ সলনি কৰিব লাগিব ৷ চাকি কোমল জোতা বা চেণ্ডেল পৰিধান কৰিব লাগে ৷ সেউজীয়া ঘাঁহনি বা কোমল মাটিত খোজ কাঢ়িব পাৰে ৷ চিলিকল ফুটৱেৰ ব্যৱহাৰ কৰিব পাৰে ৷