কিছুমান লোকৰ খুব সঘনাই হাত আৰু ভৰি জিনজিনাই থাকে ৷ দীঘলীয়া সময়ৰ বাবে একে স্থিতিত বহি থকা বা থিয় হৈ থাকিলে এনে হ'ব পাৰে ৷ তদুপৰি, বহু সময় ধৰি একে স্থিতিত শুলে শৰীৰৰ প্ৰায় প্ৰতিটো অংশতে জিনজিননিৰ সমস্যা হ'ব পাৰে ৷ একে স্থিতিত বহি-শুই থাকিলে শিৰাবোৰৰ ওপৰত চাপ পৰে, যিয়ে ৰক্ত সঞ্চালন হ্ৰাস কৰে ৷
ইয়াৰ ফলতেই শৰীৰত জিনজিননিৰ সমস্যা হয় ৷ প্ৰকৃততে, শৰীৰত এই সমস্যা কিছুমান ভিটামিনৰ অভাৱৰ বাবে হয় ৷ কি ভিটামিনৰ অভাৱত জিনজিননিৰ সমস্যা হয়, আজি জানো আহক-
ভিটামিন B6
ভিটামিন-B6ৰ অভাৱৰ বাবে হাত-ভৰিত জিনজিননি হ'ব পাৰে ৷ সেয়েহে, আপুনি ভিটামিন-বি যুক্ত আহাৰ যেনে বাদাম, বীজ, মাংস, মাছ আদি আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে ৷
ভিটামিন E
E ভিটামিনৰ ফলতো হাত আৰু ভৰিত জিনজিননি হয় ৷এই ভিটামিনৰ অভাৱৰ বাবে অন্ত্ৰত থকা চৰ্বি শোষণ প্ৰক্ৰিয়া হ্ৰাস হয় ৷ ফলত হাত আৰু ভৰিত জিনজিননি হ'ব পাৰে ৷ এই ভিটামিনবোৰ পূৰণ কৰিবলৈ আপুনি আহাৰত শুকান ফল, বীজ, আদি গ্ৰহণ কৰিব পাৰে ৷