খাদ্যত নিমখৰ গুৰুত্ব সকলোৱে জানে । ব্যঞ্জন যিমানেই ভাল নহওক কিয়, তাত পৰ্যাপ্ত পৰিমাণৰ নিমখ নাথাকিলে তাৰ সোৱাদ কোনেও ভাল নাপায় । শাক-পাচলি, ফল-মূল, মাংস, শস্য এই সকলোবোৰতে প্ৰচুৰ পৰিমাণে নিমখ থাকে । পেশীৰ সংকোচন আৰু শিথিলতাত নিমখ উপযোগী ।
ই স্নায়ু উদ্দীপিত আৰু স্নায়ুক সংকেত প্ৰেৰণ কৰাত সহায় কৰে । চিকিৎসকে কয় যে, নিমখ আমাৰ শৰীৰৰ বাবে উপকাৰী যদিও ইয়াৰ অতিৰিক্ত সেৱনে বহু দীৰ্ঘদিনীয়া ৰোগৰ সূত্ৰপাত ঘটাব পাৰে । Dr. Vukkala Rajeshৰ পৰা জানো আহক নিমখৰ অত্যধিক ব্যৱহাৰৰ ফলত কেনেধৰণৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে...
উচ্চ ৰক্তচাপ:চিকিৎসকৰ মতে, শৰীৰত নিমখৰ পৰিমাণ বাঢ়িলে ৰক্তচাপত গুৰুতৰ প্ৰভাৱ পৰে । বেছিকৈ নিমখ খালে ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে উচ্চ ৰক্তচাপৰ সমস্যাই দেখা দিব পাৰে । National Institute of Healthৰ প্ৰতিবেদন অনুসৰি মূৰৰ বিষ, মূৰ ঘূৰোৱা, হৃদস্পন্দন দ্ৰুত হোৱা আদিও দেখা গৈছে ।
সঘনাই প্ৰস্ৰাৱ অহা:কোৱা হয় যে অত্যধিক নিমখ সেৱনৰ বাবে সঘনাই প্ৰস্ৰাৱ কৰিবলৈ যাবলগীয়া হয় । ইয়াৰ উপৰিও প্ৰস্ৰাৱৰ ৰঙো ক’লা হৈ পৰে আৰু ইয়াৰ পৰিমাণো কমি যায় । ফলত বৃক্কৰ ওপৰত চাপ বাঢ়ি যায় আৰু ই অধিক কাম কৰিবলগীয়া হয় লগতে দেহত পানীৰ অভাৱ হ’বলৈ ধৰে৷