অসম

assam

ETV Bharat / health

নৱজাত শিশুৰ চকুৰ লওক বিশেষ যতন: হ’ব পাৰে এই ৫টা সমস্যা - Newborn Eye Care

Common Eye Problems in newborn babies: নৱজাত শিশুৰ চকুৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন সঠিকভাৱে নকৰিলে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে । এই সন্দৰ্ভত কি ক’লে ডাঃ তৰুণ আনন্দই এই বিষয়ে বিতংভাৱে জানো আহক-

Common Eye Problems in newborn babies Signs And prevention
নৱজাত শিশুৰ চকুৰ লওক বিশেষ যতন: হ’ব পাৰে এই ৫টা সমস্যা (ETV Bharat)

By ETV Bharat Health Team

Published : Sep 21, 2024, 4:59 PM IST

সন্তানৰ জন্মৰ লগে লগে বহু ধৰণৰ দায়িত্ব পিতৃ-মাতৃৰ ওপৰত আহে । শিশুটিক খুওৱা, মালিচ কৰা, পৰিষ্কাৰ কৰা আৰু লগতে চাফ-চিকুনতা বজাই ৰখাটো পিতৃ-মাতৃৰ কৰ্তব্য । জন্মৰ সময়ত শিশুৰ শৰীৰৰ ভালদৰে যত্ন নহ’লে ডাঙৰ ডাঙৰ ৰোগৰ সৃষ্টি হ’ব পাৰে । কিন্তু ৰোগৰ কথা আহিলে বেছিভাগ অভিভাৱকে হাত-ভৰি আৰু ব্যক্তিগত অংগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লয় । নৱজাত শিশুৰ চকু পৰিষ্কাৰ কৰাত গুৰুত্ব দিয়া অভিভাৱক খুব কমেইহে ওলাব চাগৈ ।

নৱজাত শিশুৰ চকুৰ ৫টা সমস্যা

ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ডাঃ তৰুণ আনন্দই নৱজাত শিশুৰ চকু ভালদৰে পৰিষ্কাৰ নকৰাৰ ফলত সন্মুখীন হোৱা চকুৰ ৫টা সমস্যাৰ বিষয়ে তথ্য আগবঢ়াই ক’লে এনেদৰে-

১/ কনজাংটিভাইটিছ

চকুৰ সংক্ৰমণ, বিৰক্তি আৰু চকুপানীৰ নলী বন্ধ হোৱাৰ সমস্যাক কনজাংটিভাইটিছ বোলা হয় । কনজাংটিভাইটিছে শিশুৰ চকুত বহু ধৰণে অস্বস্তিৰ সৃষ্টি কৰিব পাৰে, যাৰ বাবে শিশুটি খিংখিঙীয়া হৈ পৰে । কনজাংটিভাইটিছত চকুৰে অহৰহ পানী ওলোৱা আৰু আঠাযুক্ত স্ৰাৱৰ দৰে লক্ষণ দেখা যায় । এই সমস্যাটো প্ৰাৰম্ভিক পৰ্যায়ত নিজাববীয়াকৈ আৰোগ্য হয় যদিও ইয়াৰ চিকিৎসা গ্ৰহণ কৰাটো প্ৰয়োজনীয় । ডাঃ তৰুণ আনন্দই কয় যে, কনজাংটিভাইটিছৰ সমস্যা মলিৰ বাবেই হয়, গতিকে নৱজাত শিশুৰ চকুৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লোৱাটো উচিত ।

২) নাকৰ চকুৰ নলীৰ বাধা (Nasal lacrimal tooth obstruction)

নাকৰ চকুৰ নলীৰ বাধাৰ সমস্যা হ’লে নৱজাত শিশুৰ চকুৰ পৰা অহৰহ পানী আৰু মলি ওলাই থাকে । পিতৃ-মাতৃয়ে পানীলগা চকু দুটা চাফা কৰে, কিন্তু এই সমস্যা স্থায়ী হৈ থাকে । চিকিৎসকগৰাকীৰ মতে, চকু আৰু নাকৰ মাজৰ শিৰাবোৰ বন্ধ হৈ পৰাৰ বাবে নাকৰ লাক্ৰিমেল ডাক্ট অব্ষ্ট্ৰাকচনৰ সমস্যাৰ সৃষ্টি হয় । এই সমস্যাটো লঘু হাতৰ মালিচেৰে নিৰাময় কৰিব পাৰি ।

৩/ চকুৰ ক্ৰছ হোৱা সমস্যা (squint)

নৱজাত শিশুৰ ক্ষেত্ৰত চকুৰ ক্ৰছ হোৱাৰ সমস্যা অতি সাধাৰণ । জন্মৰ পিছত যেতিয়ালৈকে শিশুটিৰ চকুৰ পেশীবোৰ শক্তিশালী নহয় তেতিয়ালৈকে পিতৃ-মাতৃয়ে অনুভৱ কৰে যে শিশুটিয়ে সামান্য চকু কপালত তুলিছে । যদি নৱজাত শিশুৰ ৬ মাহতকৈ অধিক সময় ধৰি থাকে তেন্তে শিশু চিকিৎসকৰ পৰামৰ্শ লওক ।

৪/ চকুৰ ছানি পৰা ৰোগ

জন্মগত চকুৰ ছানি পৰা মানে জন্মৰ আগতে বা শিশুৰ প্ৰথম বছৰত হোৱা ছানি পৰা । জন্মগত চকুৰ ছানি পৰা শিশুৰ এটা বা দুয়োটা চকুৰ দৃষ্টিশক্তি মৃদু ম্লান হ’ব পাৰে । যদি পিতৃ-মাতৃয়ে অনুভৱ কৰে যে নৱজাতকটোৱে কোনো কথাত মনোযোগ দিবলৈ বা চিনি পাবলৈ অসুবিধা পাইছে, তেন্তে সেইটো গুৰুত্বসহকাৰে লওক । এই বিষয়ত চিকিৎসকৰ লগত নিশ্চয় কথা পাতিব ।

৫/ গোলাপী চকু

জন্মৰ পিছত গোলাপী চকুৰ সমস্যা নৱজাত শিশুৰ ক্ষেত্ৰত অতি সাধাৰণ । এই সমস্যাত চকুত সংক্ৰমণ বা বিৰক্তিৰ বাবে ৰঙা পৰা আৰু ফুলা হ’ব পাৰে । ডাঃ তৰুণ আনন্দই কয় যে নৱজাত শিশুৰ চকু পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয়, যাতে ভৱিষ্যতে তেওঁলোকৰ চকুৰ কোনো ধৰণৰ সমস্যা নহয় । যিসকল পিতৃ-মাতৃয়ে অনুভৱ কৰে যে তেওঁলোকৰ সন্তানৰ চকুত বা শৰীৰৰ আন কোনো অংশত কোনো সমস্যা আছে, তেতিয়া তেওঁলোকৰ চিকিৎসকক সেই বিষয়ে অৱগত কৰে আৰু তেওঁৰ পৰামৰ্শ অনুসৰি কাম কৰে ।

লগতে পঢ়ক:উফ সকাহ! এতিয়াৰ পৰা আৰু চশমা প্ৰয়োজন নাই: নতুন আৱিষ্কাৰে সলনি কৰিব আপোনাৰ জীৱন - Eye Drops

ABOUT THE AUTHOR

...view details