স্তনৰ কৰ্কট ৰোগে সমগ্ৰ পৃথিৱীতে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু ২০৪০ৰ ভিতৰত এই ৰোগত প্ৰতি বছৰে ১০ লাখ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে ৷ হয়, 'লেন্সেট'ৰ শেহতীয়া এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে ৷ প্ৰতিবেদনত উল্লেখ কৰা মতে, ২০১৬ৰ পৰা ২০২০লৈ এই ৫ বছৰত প্ৰায় ৭.৮ নিযুত মহিলা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় ৬ লাখ ৮৫ হাজাৰ মহিলাৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৷
বিশ্বব্যাপী স্তন কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা ২০৪০ চনলৈ ৩ নিযুততকৈ অধিক হ'ব, যাৰ ফলত নিম্ন আৰু মধ্য আয়ৰ দেশবোৰ প্ৰভাৱিত হ'ব বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ তদুপৰি, ২০৪০ লৈ এই ৰোগৰ ফলত বছৰি ১ নিযুত লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷
'লেন্সেট'ৰ এই প্ৰতিবেদনত এনে কিছুমান প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ৰোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ মাজত যোগাযোগ উন্নত কৰাৰ পৰামৰ্শ দিয়া হৈছে, যিয়ে জীৱনৰ মানদণ্ড, শাৰীৰিক স্বাস্থ্য উন্নত কৰাৰ লগতে জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ ভাৰতীয় মহিলাসকলৰ মাজত স্তনৰ কৰ্কট ৰোগ হৈছে আটাইতকৈ সচৰাচৰ ধৰা পৰা কৰ্কট ৰোগ ৷ প্ৰতি বছৰে প্ৰায় ১.৫ৰ পৰা ২ লাখ মহিলা এই ৰোগত নতুনকৈ আক্ৰান্ত হয় ৷ কিন্তু আচৰিত কথা এয়ে যে, বেছিভাগ মহিলাই আৰম্ভণিতে নাজানে যে তেওঁলোকে স্তন কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৷ প্ৰায় ৭০ শতাংশ মহিলাই এই ৰোগত আক্ৰান্ত হোৱাৰ বহু দেৰিকৈ চিকিৎসকৰ ওচৰলৈ যায় ৷