অসম

assam

ETV Bharat / health

কেৱল স্তনত গাঁঠি হোৱাটোৱেই স্তন কেন্সাৰৰ লক্ষণ নহয়...এই সংকেত লাভ কৰিলেও হওক সাৱধান

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে শেহতীয়াকৈ প্ৰকাশ কৰা এক গৱেষণাৰ মতে ২০৪৫ চনৰ ভিতৰত স্তন কেন্সাৰ ৰোগী আৰু মৃত্যুৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

By ETV Bharat Health Team

Published : 5 hours ago

Breast Cancer: Symptoms and Early Warning Signs
কেৱল স্তনত গাঁঠি হোৱাটোৱেই স্তন কেন্সাৰৰ লক্ষণ নহয়...এই সংকেত লাভ কৰিলেও হওক সাৱধান (ETV Bharat)

ভাৰতত মহিলাৰ মাজত স্তন কেন্সাৰ আটাইতকৈ সাধাৰণ এক কৰ্কট ৰোগ আৰু ইয়াৰ উচ্চ মৃত্যুৰ হাৰ জনস্বাস্থ্যৰ এক ডাঙৰ সমস্যাত পৰিণত হৈছে ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) শেহতীয়াকৈ প্ৰকাশ কৰা এক গৱেষণাৰ মতে, ২০৪৫ চনৰ ভিতৰত স্তন কেন্সাৰ ৰোগী আৰু মৃত্যুৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ বিশেষজ্ঞসকলে কয় যে, প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগ ধৰা পৰিলে চিকিৎসাৰ উন্নত ফলাফল পোৱা যায় আৰু ৰোগীৰ জীয়াই থকাৰ হাৰ উন্নত হ’ব পাৰে ৷

অক্টোবৰ মাহত স্তন কেন্সাৰ সজাগতা মাহ হিচাপে পালন কৰা হয়, যাতে সকলোকে এই মাৰাত্মক ৰোগৰ বিষয়ে সজাগ কৰিব পৰা যায় ৷ চিকিৎসকে কৈছে যে স্তন কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণটো হ’ল স্তনত গোট খোৱা বা গাঁঠি হোৱা ৷ কোনো স্পষ্ট কাৰণ নোহোৱাকৈ এনে হ’ব পাৰে, গতিকে নিয়মীয়াকৈ আত্মপৰীক্ষা আৰু পৰীক্ষা কৰাটো বাঞ্ছনীয় ৷

স্তন কেন্সাৰৰ অন্যান্য লক্ষণ

দিল্লী এইমছৰ ৰেডিয়চন অংক’লজী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ বি আৰ আম্বেদকাৰ ইনষ্টিটিউট ৰটাৰী কেন্সাৰ হস্পিতালৰ সহকাৰী অধ্যাপক ডাঃ অভিষেক শংকৰে কয় যে, স্তনত থকা গাঁঠিৰ বাহিৰেও বাহুৰ তলত বা কলাৰব’নৰ ওচৰতো প্ৰদাহ হ’ব পাৰে, নিপলৰ পৰা ডিচাৰ্জ আৰু স্তনৰ ছালৰ পৰিৱৰ্তন কেন্সাৰৰ লক্ষণ দেখা দিব পাৰে ৷ ইয়াৰ উপৰিও স্তন বা নিপলৰ ছালত ৰঙা পৰা বা ফোহা ওলোৱা, স্তনৰ আকৃতি সলনি হোৱা, স্তনৰ বিষ আদিও গুৰুতৰ লক্ষণ ৷

ICMRৰ তথ্য অনুসৰি ২০২২ চনত ভাৰতৰ সকলো মহিলাৰ কৰ্কট ৰোগৰ ভিতৰত স্তন কেন্সাৰ ৰোগীৰ সংখ্যা আছিল ২৮.২% ৷ ভাৰতত স্তন কেন্সাৰৰ ৫ বছৰ জীয়াই থকাৰ হাৰ ৬৬.৪% ৷ বিশেষজ্ঞসকলে মেম’গ্ৰাফীক এটা মানক স্ক্ৰীনিং পৰীক্ষা বুলি অভিহিত কৰিছে, যিয়ে স্তন কেন্সাৰৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হৈছে ৷

লক্ষণ নোহোৱাকৈও স্তন কেন্সাৰ হ’ব পাৰে

নতুন দিল্লীৰ দ্বাৰকাৰ মণিপাল হাস্পতালৰ ডাঃ দিব্য ছেহৰাই কয় যে লক্ষণ নোহোৱাকৈও স্তন কেন্সাৰ হ’ব পাৰে, সেয়েহে মেম’গ্ৰাম আৰু স্তন এম আৰ আইৰ দ্বাৰা পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ ৷ ইয়াৰ বাবেই মৃত্যুৰ হাৰ ৩০%তকৈ অধিক হ্ৰাস পোৱা দেখা গৈছে ৷ বিশেষজ্ঞসকলে কয় যে, স্তন কেন্সাৰ আগতীয়াকৈ ধৰা পৰিলে চিকিৎসাত সফলতাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু ই জীৱন ৰক্ষা কৰিব পাৰে ৷

https://www.icmr.gov.in/icmrobject/uploads/STWs/1726568905_breast_cancer.pdf

লগতে পঢ়ক:খাদ্য পেকিং কৰা প্লাষ্টিকৰ কন্টেইনাৰে আপোনাৰ জীৱনলৈ মাতিব পাৰে ঘোৰ অমানিশা

ABOUT THE AUTHOR

...view details