কান্দোন, যাক আমি সকলোৱে দুখ-শোকৰ প্ৰতীক বুলিয়েই গণ্য কৰো ৷ কিন্তু প্ৰকৃততে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সৈতে খুব বিশেষভাৱে সম্পৰ্কিত হৈ আছে কান্দোন ৷ যেতিয়াই আমাৰ কোনো কথাত দুখ লাগে, মনত আঘাত পালে বা অন্য কাৰণত আমি কান্দিলে শান্তিলাভ কৰো ৷ কিন্তু কিছুমান এনে লোকো আছে যিয়ে অকাৰণে কান্দিবলৈ আৰম্ভ কৰে ৷ কিন্তু আমি যদি কও যে কন্দাৰ বহু উপকাৰিতা আছে তেন্তে আপুনি বিশ্বাস কৰিবনে ?
শেহতীয়া এক অধ্যয়নত প্ৰমাণিত হৈছে যে, কান্দোনে আমাক এই মানৱ অভিব্যক্তিৰ গুৰুত্ব বুজিবলৈ প্ৰেৰিত কৰে ৷ এই অধ্যয়নত পোহৰলৈ অহা কান্দোনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক-
১. মানসিক চাপ দূৰ কৰে
চকুপানী ওলোৱাৰ ফলত আমাৰ শৰীৰত থকা কৰ্টিচোলৰ স্তৰ হ্ৰাস হয় ৷ কৰ্টিচোল হৈছে এনে হৰমন, যিয়ে চাপ হ্ৰাস কৰে ৷
২. আৱেগিক স্বাস্থ্য উন্নত কৰে
কান্দিলে গভীৰ দুখ, শোকৰ দৰে অনুভূতিবোৰ স্বাভাৱিক হয় ৷ যাৰ ফলত আৱেগিক ভাৰসাম্য আৰু সহনশীলতা উন্নত হ'ব পাৰে ৷