বেছিভাগ মানুহেই ফলৰ মিল্ক শ্বেক খাই ভাল পায় ৷ কিছুমান অভিভাৱকে ইয়াক স্বাস্থ্যকৰ বুলি গণ্য কৰি সন্তানক ইয়াক পান কৰিবলৈ দিয়ে ৷ কিন্তু এইটো বুজাটো অতি প্ৰয়োজনীয় যে আপোনাৰ জিভাই সোৱাদ পোৱা সকলো বস্তুৱেই স্বাস্থ্যৰ বাবে উপকাৰী নহ’বও পাৰে ৷ গাখীৰ আৰু ফলৰ দৰে পুষ্টিকৰ উপাদানৰে প্ৰস্তুত কৰা সত্ত্বেও ফলৰ মিল্ক শ্বেক ইয়াৰ উত্তম উদাহৰণ ৷
শেহতীয়াকৈ আয়ুৰ্বেদিক বিশেষজ্ঞ ডাঃ ডিম্পল জাংৰাৰ ইনষ্টাগ্ৰামত এক পোষ্টযোগে উল্লেখ কৰি কয় যে, মিল্ক শ্বেকৰ দৰে খাদ্য স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ৷ কোম্পানীয়ে কেৱল স্বাস্থ্যকৰ পানীয়ৰ নামত মানুহক আকৰ্ষণ কৰিবলৈহে এই পানীয় বনায় ৷
বিশেষজ্ঞগৰাকীয়ে তেওঁৰ ভিডিঅ’টোত এই কথাও কৈছে যে, যেনেকৈ নেমু, কমলা, আঙুৰ, অমিতা, তৰমুজৰ দৰে ফলৰ পৰা মিল্ক শ্বেক খাব নালাগে, একেদৰে আন ফলবোৰো মিল্ক লগত মিহলাই খোৱাৰ উপযোগী নহয় ৷
মিল্কশ্বেক কিয় অস্বাস্থ্যকৰ ?
বিশেষজ্ঞসকলে কয় যে, ফল-মূলত ভিটামিন চিৰ উপস্থিতিৰ বাবে গাখীৰৰ লগত মিহলাই খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ৷ গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন চি, যাক এছক’ৰবিক এচিড বুলিও কোৱা হয়, এবিধ এচিড যৌগ যিয়ে গাখীৰত থকা প্ৰ’টিন ভাঙি গাঢ় কৰিব পাৰে যাৰ দ্বাৰা গাখীৰ ফাটিব পাৰে ৷