অসম

assam

ETV Bharat / health

আপোনাৰ স্বাস্থ্যৰ বাবে মহৌষধ নৰসিংহ পাত - নৰসিংহ পাত

Health Benefits of Curry Leaves: পুৱা খালী পেটত নৰসিংহ পাত খালে নৰসিংহ পাতে আমাৰ শৰীৰটোক বহু ৰোগৰ পৰা বচাই ৰাখিব পাৰে ৷ খালী পেটত নৰসিংহ পাত খোৱাৰ লাভালাভৰ বিষয়ে আজি জানো আহক-

Amazing Health Benefits of Curry Leaves
আপোনাৰ স্বাস্থ্যৰ বাবে মহৌষধ নৰসিংহ পাত

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 1:49 PM IST

আমি সকলোৱে জানো যে নৰসিংহ পাত আমাৰ ছালৰ বাবে কিমান উপযোগী, যিয়ে স্বাস্থ্য তথা ছাল-চুলিক ভালে ৰখাত সহায় কৰে ৷ নৰসিংহ পাত প্ৰ'টিন, আইৰণ, চৰ্বি, কেলচিয়াম, ভিটামিন-চি, ফছফৰাছ, নিকোটিনিক এচিড, এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ ৷ পুৱা খালী পেটত নৰসিংহ পাত খালে নৰসিংহ পাতে আমাৰ শৰীৰটোক বহু ৰোগৰ পৰা বচাই ৰাখিব পাৰে ৷ খালী পেটত নৰসিংহ পাত খোৱাৰ লাভালাভৰ বিষয়ে আজি জানো আহক-

দূৰ হয় পুৱাৰ অসুস্থতা

বহুতেই পুৱা শুই উঠাৰ পিছত নিজকে খুব অসুস্থ অনুভৱ কৰে ৷কিছুমানৰ যদি বমিৰ ভাৱ হয়, কিছুমানৰ মূৰ ঘূৰায় ৷এনে সমস্যাত ভূগি থকাসকলৰ বাবে পুৱা নৰসিংহ পাত খোৱাটো খুব উপকাৰী ৷

হজম হয় স্বাস্থ্যকৰ

খালী পেটত নৰসিংহ পাত খালে হজম শক্তি উন্নত হয় ৷ নৰসিংহ পাত খালে পাচন তন্ত্ৰ স্বাস্থ্যৱান হৈ থাকে ৷ কোষ্ঠকাঠিন্য হ্ৰাস কৰাতো নৰসিংহ পাতক অতি উপকাৰী বুলি গণ্য কৰা হয় ৷

ওজন হ্ৰাসত সহায়ক

ওজন হ্ৰাসৰ বাবে শৰীৰক ডিটক্স কৰাটো প্ৰয়োজনীয় ৷ ডিটক্স কৰাৰ ফলত শৰীৰৰ পৰা লেতেৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলায় আৰু ওজন হ্ৰাসত সহায় কৰে ৷

শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা

নৰসিংহ পাতত এণ্টিঅক্সিডেণ্ট থাকে ৷ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি আমাক নিৰোগী কৰি ৰখাত সহায় কৰে ৷নৰসিংহ পাতত পোৱা এণ্টিঅক্সিডেণ্টবোৰে অক্সিডেটিভ চাপ হ্ৰাস কৰাত আৰু ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াৰ সৈতে যুঁজ দিয়াত সহায় কৰে ৷

চকুৰ বাবে লাভজনক

নৰসিংহ পাতত থকা ভিটামিন-এ-য়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে ৷তদুপৰি, ই বয়সৰ সৈতে চকু দুৰ্বল হোৱাৰ সমস্যাৰ পৰাও সুৰক্ষা দিয়ে ৷ যদি আপোনাৰ দৃষ্টিশক্তি হ্ৰাস পাইছে, তেন্তে নৰসিংহ পাত খাব ৷ আপুনি পুৱা খালী পেটত মৌৰ সৈতে এই পাত খাব পাৰে ৷

চুলি হয় শক্তিশালী

নৰসিংহ পাতত পোৱা পুষ্টিবোৰে চুলিক পুষ্টি যোগান ধৰাত সহায় কৰে ৷ সেয়েহে পুৱাৰ আহাৰৰ আধা ঘণ্টা আগতে দৈনিক কেইটামান সতেজ নৰসিংহ পাত খোৱা আৰম্ভ কৰিব ৷ ই চুলিৰ সকলো সমস্যা সমাধানত সহায় কৰিব ৷

লগতে পঢ়ক:দিল্লীত প্ৰথমবাৰৰ বাবে দুয়োখন হাতৰ সফল সংৰোপন, চিত্ৰশিল্পী ৰাজকুমাৰে পালে নতুন জীৱন

ABOUT THE AUTHOR

...view details