অসম

assam

ETV Bharat / health

বৃক্কৰ পাথৰৰ সৈতে জড়িত ৪টা ভুল ধাৰণা, যিয়ে কৰিব পাৰে শৰীৰৰ লোকচান - বৃক্কৰ পাথৰৰ সৈতে জড়িত ভুল ধাৰণা

Myths About Kidney Stones: বৃক্ক হৈছে আমাৰ শৰীৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমাৰ তেজ পৰিষ্কাৰ কৰে আৰু শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰে । কিন্তু কেতিয়াবা, খনিজ পদাৰ্থ জমা হোৱাৰ ফলত বৃক্কত পাথৰ সৃষ্টি হয়, যাক কিডনী ষ্টোন বোলা হয় ।

4 myths about kidney stones that can harm your body
বৃক্কৰ পাথৰৰ সৈতে জড়িত ৪টা ভুল ধাৰণা, যিয়ে কৰিব পাৰে শৰীৰৰ লোকচান

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 12:49 PM IST

বৃক্ক হৈছে আমাৰ শৰীৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰা তথা শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ৷ কিন্তু কেতিয়াবা, খনিজ পদাৰ্থ জমা হোৱাৰ ফলত বৃক্কত পাথৰ সৃষ্টি হয়, যাক কিডনী ষ্ট’ন বোলা হয় ৷ এই পাথৰবোৰৰ ফলত তীব্ৰ বিষ, প্ৰস্ৰাৱত তেজ আৰু সংক্ৰমণ হ’ব পাৰে ৷

বৃক্কৰ পাথৰ সন্দৰ্ভত বহু ভুল ধাৰণা বিয়পি পৰিছে, যিয়ে কেৱল বিভ্ৰান্তিৰ সৃষ্টি কৰাই নহয়, পৰিস্থিতি অধিক বিপদজনক কৰি তুলিব পাৰে ৷ তেন্তে আহক, আজি আমি এনে ৪টা ভুল ধাৰণাৰ সত্যতাতা জানি লও ৷

1. ভুল ধাৰণা: বৃক্কত পাথৰ কেৱল পুৰুষৰ ক্ষেত্ৰতহে দেখা দিয়ে

সত্যতা:পুৰুষৰ ক্ষেত্ৰত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা অধিক থাকে যদিও মহিলাও এই সমস্যাত ভুগিবলগীয়া হ’ব পাৰে ৷ দৰাচলতে শেহতীয়া বৰ্ষবোৰত মহিলাৰ কিডনী ষ্টোনৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে৷

2. ভুল ধাৰণা: বিয়েৰ খালে বৃক্কৰ পাথৰ আঁতৰ হয়

সত্যতা:এইটো এটা বিপদজনক ভুল ধাৰণা ৷ বিয়েৰত থকা সুৰাই আচলতে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷ ইয়াৰ উপৰিও বিয়েৰে প্ৰস্ৰাৱত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷

3. ভুল ধাৰণা: বৃক্কৰ পাথৰ অস্ত্ৰোপচাৰৰ দ্বাৰাহে চিকিৎসা কৰিব পাৰি

সত্যতা:বৃক্কৰ বেছিভাগ পাথৰ সৰু হয় আৰু কেইসপ্তাহমানৰ ভিতৰতে স্বাভাৱিকভাৱে শৰীৰৰ পৰা ওলাই যায় ৷ চিকিৎসকে বিষ কমোৱাৰ বাবে ঔষধ দিব পাৰে আৰু পাথৰবোৰ বাহিৰ কৰাত সহায় কৰিব পাৰে ৷ কেৱল ডাঙৰ বা আবদ্ধ হৈ থকা পাথৰৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় ৷

4. ভুল ধাৰণা: বৃক্কত পাথৰৰ কোনো নিৰাময় নাই

সত্যতা: যদিও বৃক্কৰ পাথৰ এবাৰ গঠন হ’লে পুনৰ আহিব পাৰে, তথাপিও খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰিলে ইয়াৰ আশংকা হ্ৰাস কৰিব পাৰি ৷ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা, নিমখৰ পৰিমাণ কম কৰা, কেলচিয়াম আৰু আঁহযুক্ত খাদ্য খোৱা, নিয়মিতভাৱে ব্যায়াম কৰা আদিয়ে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে ৷

লগতে পঢ়ক:উজ্বল তথা সুস্থ ছালৰ গৰাকী হ’বলৈ দৈনিক খাওক এই ৰস

ABOUT THE AUTHOR

...view details